মুখ্য-পৃষ্ঠা

কুকুৰ পুহিবলৈ এতিয়াৰে পৰা লব লাগিব ৫ হাজাৰ টকাৰ লাইচেঞ্জ…

asomiyapratidin

ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা কুকুৰ পুহিবলৈও লব লাগিব লাইচেঞ্জ। মন গলেই কোনো লোকেই পুহিব নোৱাৰিব কুকুৰ। ইয়াৰ লগতে পোহনীয়া কুকুৰক উচিত লালন-পালন নকৰিলে ভৰিব লাগিব জৰিমনা। পিছে এই নিয়ম অসমত প্ৰযোজ্য হোৱা নাই, গাজিয়াবাদ, দিল্লীত আৰম্ভ কৰিছে এই নিয়ম।

গাজিয়াবাদৰ বাসিন্দাসকলে এতিয়াৰে পৰা পোহনীয়া কুকুৰৰ পুহিবৰ বাবে প্ৰয়োজন হ'ব আইনী কাগজ পত্ৰ। পৌৰ নিগমে পোহনীয়া কুকুৰৰ মালিক হ'বলৈ ৫,০০০টকাৰ এখন লাইচেন্স লোৱাটো বাধ্যতামূলক কৰিছে। গাজিয়াবাদৰ মেয়ৰ আশা শৰ্মাই এই সন্দৰ্ভত নিয়ম কানুনৰ কথা সদৰী কৰি কৈছে যে কোনো কুকুৰে যদি পাৰ্ক বা ৰাস্তাত মলত্যাগ কৰে তেতিয়াহ'লে ইয়াৰ মালিকৰ ৫০০ টকা জৰিমনা কৰা হ'ব।

তদুপৰি, চহৰখনক পৰিষ্কাৰ কৰি ৰখাৰ লগতে পৌৰ নিগমে পোহনীয়া কুকুৰবোৰক ভেকচিন দিয়া হৈছে নে নাই সেইবোৰ পৰীক্ষা কৰাৰ পৰিকল্পনাও কৰা হৈছে। ইপিনে, পৌৰ নিগমৰ এনে নতুন আইনৰ সন্দৰ্ভত নাগৰিকসকলৰ মাজত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে। আনহাতে, দিল্লী আৰু গুৰগাঁৱে ইতিমধ্যে কুকুৰৰ মালিকসকলক নিয়মসমূহ জনাই জাননী দিছে। এইক্ষেত্ৰত দিল্লী আৰু গুৰগাঁৱত বাৰ্ষিক পঞ্জীয়ন মাছুল হৈছে ৫০০ টকা।