মুখ্য-পৃষ্ঠা

কোভিড-১৯ঃ দেশত আৰোগ্য লোকৰ সংখ্যা ৬০ লক্ষাধিকলৈ বৃদ্ধি…

asomiyapratidin

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বৰ লগতে ভাৰততো প্ৰতিদিনাই বৃদ্ধি পাবলৈ ধৰিছে কোভিড-১৯ৰ সংক্ৰমণ। দেশত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৭০ লক্ষাধিকলৈ বৃদ্ধি পাইছে। কিন্তু তাৰ মাজতে আহিছে এক ভাল খবৰ। কোৰোনাত আক্ৰান্ত হৈ সুস্থ হৈছে ৬০ লাখৰো অধিক লোক।

উল্লেখ্য যে, যোৱা কিছুদিনৰ পৰা নতুনকৈ আক্ৰান্ত লোকৰ তুলনাত আৰোগ্য হোৱা লোকৰ সংখ্যা অধিক দেখা পোৱা গৈছে। বৰ্তমানেও দেশত প্ৰায় ৯ লাখ লোক চিকিৎসাধীন হৈ আছে যদিও, সুস্থ হোৱা লোকৰ সংখ্যা ৬০.৭৪ লাখৰো অধিক হৈছেগৈ।

স্বাস্থ্য মন্ত্ৰণালয়ে সদৰী কৰা অনুসৰি, দেশৰ যি পাঁচখন ৰাজ্যত সৰ্বাধিক কোৰোনাত আক্ৰান্তৰ সংখ্যা (৬১ শতাংশ চিকিৎসাধীন) দেখা গৈছে সেই ৰাজ্য কেইখনতো বৰ্তমানলৈ সময়ত আৰোগ্য হোৱা লোকৰ হাৰ ৫৪.৩ শতাংশ হৈছেগৈ।