মুখ্য-পৃষ্ঠা

মৃত্যুৰ পাছতো ৫ জনৰ প্ৰাণ ৰক্ষা কৰিলে এগৰাকী মহিলাই…

asomiyapratidin

ডিজিটেল ডেস্ক: অংগ দান মহান দান! মৃত্যুৰ পাছতো এগৰাকী মহিলাই কৰি থৈ গ'ল এনে এক মহান কাম যাৰ ফলত প্ৰাণ ৰক্ষা পালে কেইবাজনো লোকৰ।

ব্ৰেইন ডেড হোৱা এগৰাকী মহিলাৰ অংগ দানৰ বাবে পুনেস্থিত কমাণ্ড হস্পাতাল দক্ষিণ কমানত দুই গৰাকী সেনা জোৱান সহিত মুঠ ৫ জন লোকে নতুন জীৱন লাভ কৰে।

উল্লেখ্য যে, এক ভয়ংকৰ দুৰ্ঘটনাৰ ফলত মহিলা গৰাকীক হস্পাতাললৈ অনা হৈছিল যদিও চিকিৎসকে তেওঁক ব্ৰেইন ডেড ঘোষণা কৰিছিল। যাৰ বাবে পৰিয়ালৰ লোকে মহিলা গৰাকীৰ অংগ দান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে যাতে ইয়াৰ ফলত আন লোকৰ প্ৰাণ ৰক্ষা পৰে।

সকলোধৰণৰ আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পাছত ১৪ জুলাই নিশা আৰু ১৫ জুলাই পুৱাৰ ভাগত মহিলা গৰাকীৰ বৃক্ক দুই ভাৰতীয় সেনা জোৱানৰ দেহত সংৰোপন কৰা হয়। একে সময়তে, চকু চিএইচ(এছচি)-সশস্ত্ৰ বাহিনী চিকিৎসা মহাবিদ্যালয়ত সংৰক্ষণ কৰা হয় আৰু পুনেৰ ৰুবি হল ক্লিনিকত এজন ৰোগীক যকৃত দিয়া হয়। এই মহান কামৰ তবাবে ৫ জন লোকে নতুন জীৱন পায়।