মুখ্য-পৃষ্ঠা

নিলম্বন হোৱা সাংসদৰ নিলম্বন প্ৰত্যাহাৰ নকৰিলে ৰাজ্যসভা বৰ্জন কৰিব বিৰোধীয়ে…

asomiyapratidin

ডিজিটেল ডেস্ক : সোমবাৰে ৰাজ্যসভাৰ পৰা নিলম্বিত কৰা ৮ জন সাংসদ সদস্যৰ নিলম্বন প্ৰত্যাহাৰ অনুৰোধ জনাইছে । নিলম্বন প্ৰত্যাহাৰ নকৰিলে ৰাজ্যসভা বৰ্জন কৰাৰ হুংকাৰ বিৰোধীৰ ।কংগ্ৰেছ নেতা গোলাম নবী আজাদে কয় যদি নিলম্বিত সাংসদ সকলৰ নিলম্বন প্ৰত্যাহাৰ নকৰে তেনেহ'লে ৰাজ্যসভাত কোনো কাৰ্যত অংশ গ্ৰহণ নকৰে ।ইপিনে নিলম্বিত কৰা সাংসদ সকলে সদৰ পৰীসীমাৰ ভিতৰত প্ৰতিবাদ সাব্যস্ত কৰিছে । বিৰোধী দলৰ নেতা গোলাম নবী আজাদে প্ৰতিবাদ সাব্যস্ত কৰা সাংসদ সকলক লগ কৰি এই দাবী উত্থাপন কৰিছে ।


আজাদে লগতে কয় আমি ৰাজ্যসভাত কংগ্ৰেছ দলে তিনিটা দাবী উত্থাপন কৰিছো । প্ৰথমটো দাবী হ'ল চৰকাৰে এনে এখন বিল আনিব লাগে যাতে কোনো বেচৰকাৰী সংস্থাই প্ৰকৃত মূল্যতকৈ তলত কৃষকৰ পৰা কোনো পন্য সামগ্ৰী কিনিব নোৱাৰিব । দ্বিতীয় দাবীটো হ'ল স্বামীনাথন সূত্ৰৰ অধীনত প্ৰকৃত মূল্য স্থিৰ কৰিব লাগে । তৃতীয়টো দাবী হ'ল ভাৰত চৰকাৰ ৰাজ্য চৰকাৰ আৰু ফুড কৰ্পৰেছন এইটো নিশ্চিত কৰিব লাগে যে নিৰ্ধাৰিত প্ৰকৃত মূল্য অনুযায়ী কৃষকৰ সামগ্ৰী কিনা হব । এই তিনিটা দাবী নমনা পৰ্যন্ত সদনৰ কাৰ্যবাহী বহিস্কাৰ কৰিব বিৰোধীয়ে ।