মুখ্য-পৃষ্ঠা

অনলাইন শিশু পৰ্ণগ্ৰাফীৰ বিৰুদ্ধে চি বি আইৰ তীব্ৰ অভিযানঃ ১৪ খন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা গ্ৰেপ্তাৰ শতাধিক…

asomiyapratidin

ডিজিটে ডেস্কঃ দেশত বৃদ্ধি হৈ অহা নাৰী জনিত অপৰাধৰ লগতে শিশুৰ ওপৰত বৃদ্ধি পোৱা যৌন নিৰ্যাতন ৰোধ কৰিবলৈ চি বি আইয়ে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। দেশৰ বভিন্ন প্ৰান্তত চলাইছে তীব্ৰ অভিযান। বিশেষকৈ অনলাইন শিশু পৰ্ণগ্ৰাফী গোচৰৰ চি বি আইয়ে দেশৰ মুঠ ১৪ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৭৬ টা স্থানত অভিযান চলাইছে।

তদন্তকাৰী সংস্থাটোৱে ১৪ নৱেম্বৰত শিশু পৰ্ণগ্ৰাফী গোচৰত ৮৩ জন অভিযুক্তৰ বিৰুদ্ধে ২৩ টাকৈ গোচৰ ৰুজু কৰিছিল। তদন্তকাৰী সংস্থাটোৱে অনুসন্ধান অভিযান চলাই থকা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মাজত আছে অন্ধ্ৰপ্ৰেদশ, দিল্লী, উত্তৰ প্ৰদেশ,পঞ্জাৱ, বিহাৰ, উৰিষ্যা, তামিলনাডু, ৰাজস্থান, হাৰাষ্ট্ৰ, গুজৰাট, হাৰিয়ানা, ছত্তীশগড়, মধ্যপ্ৰদেশ আৰু হিমাচল প্ৰদেশ।