মুখ্য-পৃষ্ঠা

অনন্তনাগত নিৰাপত্তাবাহিনীৰে সংঘৰ্ষত নিহত এটা সন্ত্ৰাসবাদী, অব্যাহত অভিযান…

asomiyapratidin

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত অনন্তনাগত নিৰাপত্তাবাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত সংঘৰ্ষত নিহত এটা সন্ত্ৰাসবাদী। শনিবাৰে পুৱা নিৰাপত্তাৰক্ষীয়ে চলাই অভিযান। কাশ্মীৰ আৰক্ষীৰ এক সূত্ৰৰ খবৰ লাভ কৰাৰ পাছত এই অভিযান আৰম্ভ কৰা হয়। আৰু অভিযানকালত নিহত হয় এটা সন্ত্ৰাসবাদী।

লগতে উদ্ধাৰ কৰে এটা এ কে-৪৭ ৰাইফল। বৰ্তমানেও অভিযান অব্যাহত ৰাখিছে নিৰাপত্তাৰক্ষীয়ে। যোৱা ১০ অক্টোবৰতো কুলগাম জিলাত সন্ত্ৰাসবাদীৰে নিৰাপত্তা বাহিনীৰ সংঘৰ্ষ সংঘটিত হৈছিল। আৰু সেই সংঘৰ্ষত নিহত হৈছিল দুটা সন্ত্ৰাসবাদী।