মুখ্য-পৃষ্ঠা

পুনৰ ফাঁচী স্থগিত হোৱাৰ আশংকা! নিৰ্ভয়া কাণ্ডৰ অইন এজন দোষীয়ে উচ্চতম ন্যায়ালয়ত দাখিল কৰিলে আবেদন…

asomiyapratidin

ডিজিটেল ডেস্কঃ পুনৰ ফাঁচী স্থগিত হোৱাৰ আশংকা নিৰ্ভয়া কাণ্ডৰ ৪ দোষীৰ। পূৰ্বে ৩ বাৰকৈ ফাঁচীৰ স্থগিত হোৱাৰ পিছত শেহতীয়াকৈ দিল্লীৰ এখন আদালতে ৪ দোষী ক্ৰমে- অক্ষয় ঠাকুৰ, মুকেশ সিং, পৱন গুপ্তা আৰু বিনয় শৰ্মাৰ বিৰুদ্ধে জাৰি কৰিছিল নতুন ডেথ ৱাৰেণ্ট। মৃত্যুৰ নতুন পৰোৱানা অনুসৰি ২০ ফেব্ৰুৱাৰী অৰ্থাৎ শুকুৰবাৰৰ পুৱা ৫.৩০ বজাত ফাঁচী প্ৰদান কৰা হ'ব নিৰ্ভয়া কাণ্ডৰ ৪ ঘাতকক।

ইফালে ফাঁচীৰ দিন চমু চাপি অহাৰ লগে লগে এই ফাঁচী স্থগিত ৰখাৰ বাবে পুনৰ ন ন কৌশল অৱলম্বন কৰিবলৈ ধৰিছে দোষীয়ে। নিৰ্ভয়া কাণ্ডৰ অন্যতম দোষী মুকেশ সিঙে বৃহস্পতিবাৰে ফাঁচী স্থগিত ৰখাৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰাৰ পিছত এইবাৰ উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হৈছে আন এজন দোষী অক্ষয় ঠাকুৰ।

ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে খাৰিজ কৰা ক্ষমাৰ আবেদনক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দোষী অক্ষয় ঠাকুৰে দাখিল কৰিছে আবেদন। এই আবেদনত দোষীয়ে অভিযোগ কৰিছে যে ক্ষমাৰ আবেদনৰ লগত দাখিল কৰা তথ্য ৰাষ্ট্ৰপতিয়ে বিবেচনা নকৰাকৈয়ে ক্ষমাৰ আবেদন খাৰিজ কৰিছে। যাৰ বাবে দোষীয়ে ৰাষ্ট্ৰপতিৰ সিদ্ধান্তৰ প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চপা বুলিও আবেদনত উল্লেখ।

উল্লেখ্য যে, ২০১২ চনৰ ডিচেম্বৰত দিল্লীৰ চলন্ত বাছত সংঘটিত নিৰ্ভয়া গণ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ৪ দোষীয়ে ইতিমধ্যে সকলো ধৰণৰ আইনী বিকল্পৰ ব্যৱহাৰ কৰিছে। তাৰ পিছতো দোষীৰ ফাঁচী নিশ্চিত হোৱাত দোষীয়ে অন্য ধৰণে এই ফাঁচীৰ পৰা হাত সৰাৰ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে।

অন্যহাতে বিহাৰৰ এখন আদালতত বিবাহ বিচ্ছেদৰ বাবে আবেদন দাখিল কৰা দোষী অক্ষয় ঠাকুৰৰ পত্নী পুনিতা দেবী বৃহস্পতিবাৰে দিল্লীৰ পাটিয়ালা হাউচ আদালতৰ সন্মুখতে ৰাজপথত অজ্ঞান হৈ পৰে। চৰম উৎকণ্ঠা আৰু বিব্ৰতবোধৰ বাবেই পুনিতা দেৱী এইদৰে অচেতন হৈ পৰা কোৱা হ'লেও দোষীৰ ফাঁচী স্থগিত কৰাৰ বাবে এয়াও এক পৰিকল্পিত চেষ্টা বুলি ছ'চিয়েল মিডিয়াত চৰ্চা চলিছে।