মুখ্য-পৃষ্ঠা

যাৱজ্জীৱন কাৰাদণ্ড নহয়, ফাঁচীয়েই উপযুক্ত শাস্তি নিৰ্ভয়া কাণ্ডৰ খলনায়ক পৱন গুপ্তাৰঃ আবেদন খাৰিজ কৰি ক’লে ন্যায়ালয়ে

asomiyapratidin

ডিজিটেল ডেস্কঃ নিৰ্ভয়া কাণ্ডৰ দোষী পৱন গুপ্তাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা শুধৰণিৰ আবেদন সোমবাৰে খাৰিজ কৰে ন্যায়ালয়ে। তাৰ পিছতে নিৰ্ভয়া কাণ্ডৰ ৪ দোষীৰ ফাঁচী প্ৰায় নিশ্চিত হৈছে।

উল্লেখ্য যে, ২০১২ চনত সংঘটিত দিল্লীৰ গণধৰ্ষণ আৰু হত্যা কাণ্ডৰ অন্যতম দোষী ২৫ বৰ্ষীয় পৱন গুপ্তাই তাৰ ফাঁচী শাস্তি যাৱজ্জীৱন কাৰাদণ্ডলৈ সলনি কৰিবলৈ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। সোমবাৰে এই আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এন ভি ৰামানৰ অধ্যক্ষতাৰ ৫ জনীয়া বিচাৰপীঠে কয় যে এই শাস্তিৰ ওপৰত নতুনকৈ বিচাৰ কৰা প্ৰয়োজন নাই।

আনহাতে উচ্চতম ন্যায়ালয়ত দোষী পৱন গুপ্তাৰ কিউৰেটিভ আবেদন খাৰিজ হোৱাৰ পিছত এতিয়া পৱনৰ হাতত ৰাষ্ট্ৰপতিৰ ওচৰত ক্ষমাৰ আবেদন দাখিল কৰাৰ বিকল্প আছে। ইয়াৰ পূৰ্বে নিৰ্ভয়া কাণ্ডৰ অন্য ৩ দোষী ক্ৰমে- বিনয় শৰ্মা, অক্ষয় ঠাকুৰ আৰু মুকেশ সিঙৰ ক্ষমাৰ আবেদন খাৰিজ কৰিছে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে।

প্ৰণিধানযোগ্য যে, দুবাৰকৈ ফাঁচীৰ শাস্তি স্থগিত হোৱাৰ পিছত শেহতীয়াকৈ নিৰ্ভয়া কাণ্ডৰ ৪ দোষীৰ বিৰুদ্ধে নতুন ডেথ ৱাৰেণ্ট জাৰি কৰি ৩ মাৰ্চৰ পুৱা ৬ বজাত ফাঁচী প্ৰদানৰ তাৰিখ নিৰ্ধাৰণ কৰিছে দিল্লীৰ এখন আদালতে। ফাঁচীৰ দিন চমু চাপি অহাৰ লগে লগে দোষীৰ অধিবক্তাই কোনোৰকমে পুনৰ ফাঁচী স্থগিত ৰখাৰ বাবে চেষ্টা চলোৱা পৰিলক্ষিত হৈছে।