মুখ্য-পৃষ্ঠা

কোভিডত আক্ৰান্ত হৈ পুনৰ মৃত্যু সাংবাদিকৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ কোভিডৰ সংক্ৰমণৰ ফলত পুনৰ নয়ডাৰ এজন সাংবাদিক মৃত্যু মুখত পৰে।পংকজ শুক্লা নামৰ এই ৫০ বছৰীয়া সাংবাদিকজনক নয়ডাৰ জেপি হস্পিতালত ভৰ্তি কৰোৱা হৈছিল।

উল্লেখযোগ্য যে, শুক্লাই এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰি তেওঁৰ সাংবাদিক জীৱন আৰম্ভ কৰিছিল।তেওঁ প্ৰথমে হিন্দী সংবাদ পত্ৰ অমৰ উজালা আৰু দৈনিক জাগৰণ সাংবাদিক জীৱনৰ পাতনি মেলাৰ পিছত নিজৰ বুৎপত্তিতাৰে ইলেকট্ৰনিক সংবাদ মাধ্যম যেনে জনমত টিভি, খবৰ ভাৰতী, নিউজ ৩০, নিউজ এক্সপ্ৰেছ আদিত সংবাদকৰ্মী হিচাপে নিয়োজিত হৈছিল।

কেইদিনমানৰ পূৰ্বে নিজৰ ইউটিউব চেনেল ৰাজচাট্টা এক্সপ্ৰেছত এডিটৰ ইন চিফ হিচাপে কৰ্মৰত আছিল শুক্লা।উল্লেখ্য যে, কোৰোনা মহামাৰীৰ সংকটত দেশৰ প্ৰায় ৫০জন কৰ্মৰত সাংবাদিকৰ মৃত্যু মূখত পৰাৰ বিপৰীতে সমগ্ৰ বিশ্বৰ প্ৰায় ৫৬ খন দেশৰ প্ৰায় ৪৬৯ জনৰ মৃত্যু হৈছে।