মুখ্য-পৃষ্ঠা

১মিনিটত ২৫খবৰ…

asomiyapratidin

১. শিক্ষানুষ্ঠানত পাঠদান সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ নতুন নিৰ্দেশনা। ২১ ছেপ্টেম্বৰৰ পৰা নৱম-দ্বাদশ শ্ৰেণীৰ পাঠদান খোলা থাকিব।

২. ৰাজীৱ ভৱনত আমৰণ অনশনত বহিল ৰাজ্যিক NSUIৰ বিষয়ববীয়া। যুৱ প্ৰজন্মৰ স্বাৰ্থত ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ নেতৃত্ব লোৱাৰ দাবী।

৩. শিশু নিৰ্যাতনকাৰী ড০ মিতালী কোঁৱৰক নিলম্বন। মিতালী কোঁৱৰ মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষ।

৪. অৰুণাচলৰ নিৰুদিষ্ট ৫ যুৱকৰ সন্ধান চীনত। মেকমোহন লাইনৰ সিপাৰে আছে যুৱককেইজন।

৫. কাৰ্বি আংলং-নাগালেণ্ড সীমান্তৰ মাটি বিক্ৰীৰ অভিযোগক লৈ প্ৰতিক্ৰিয়া। আছুসহ ৯টাকৈ দল-সংগঠনৰ সংবাদমেল ডিফুত।

৬. অনলাইন, অফ লাইন দুয়োটা পদ্ধতিৰে পৰীক্ষা পাতক। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক সাক্ষাত্‍ কৰি আছুৰ দাবী।

৭. ঘোঁৰাগাড়ীৰ নামি এইবাৰ গৰু গাড়ীত উঠিল ৰিপুন বৰা। গহপুৰত গৰু গাড়ীত উঠিল প্ৰদেশ কংগ্ৰেছৰ সভাপতিজন।

৮. ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰন্ধন গেছৰ নাটনি। মাৰ্ঘেৰিটাত উত্তপ্ত পৰিস্থিতি।

৯. কংগ্ৰেছ এৰিব লাগিব ৰিপুণ বৰাই। আমি নহয় ৰিপুন বৰা সন্দৰ্ভত এই ভৱিষ্যৎ বাণী ৰঞ্জিত দাসৰ।

১০. 'উজনি অসম এইবাৰ কংগ্ৰেছ মুক্ত হ'ব'। 'AIUDFৰে মিত্ৰতাৰ পিছত কংগ্ৰেছক প্ৰার্থীৰ পৰিয়ালেও ভোট নিদিয়ে'। মঙলদৈত এই দাবী মন্ত্ৰী পীয়ুষ হাজৰিকাৰ।

১১. মাস্ক নিপিন্ধা লোকক আৰক্ষী আয়ুক্তৰ সকীয়নি। গুৱাহাটীত নিপিন্ধিলে ভৰিব লাগিব জৰিমনা।

১২. গুৱাহাটীৰ মালিগাঁৱত শাৰীৰিকভাৱে বিশেষ সক্ষম চিকিত্‍সকক আক্ৰমণ। চিকিত্‍সকক আক্ৰমণৰ অভিযোগ ৰে'লৱে বিষয়াৰ বিৰুদ্ধে।

১৩. সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ৮৬ দিনৰ পিছত গ্ৰেপ্তাৰ হ'ল অন্যতম অভিযুক্ত অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী। NCBৰ জেৰাত ৰিয়াই স্বীকাৰ কৰিলে সুশান্তক ড্ৰাগছ যোগানৰ কথা।

১৪. পুনৰ জ্বলি উঠিল বাঘজানৰ তৈলখাদ। সোমবাৰে জুই নুমুওৱা বুলি অইল কৰ্তৃপক্ষই দাবী কৰাৰ পিছতে বাঘজানৰ তৈলখাদটোত পুনৰ জ্বলি উঠিল জুই।

১৫. বনৰীয়া হাতীৰ আতংক। ওদালগুৰিৰ ডিমাকুছিৰ ৰজাগড়ত পুনৰ বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ'ল এজনৰ।

১৬. গোলাঘাটৰ বৰপথাৰত বিধ্বংসী অগ্নিকাণ্ড। হাইস্কুল তিনিআলিৰ দত্ত বুক ষ্টলকে ধৰি ৩ খন ব্যৱয়াসিক প্ৰতিষ্ঠান ভস্মীভূত।

১৭. অতুল বৰাৰ নিৰ্বাচনত আদালতৰ স্থগিতাদেশ।অগপৰ সভাপতি ৰূপে অতুল বৰাৰ নিৰ্বাচন।

১৮. অখিল গগৈৰ নিচিনা অৱস্থা হ'ব মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ'।এই মন্তব্য বিপিএফ নেতা ফলীন্দ্ৰ বসুমতাৰীৰ।

১৯. মই অখিল গগৈক পাত্তা নিদিওঁ, যদি দম আছে মোক হৰুৱাই দেখুৱাওক। মঙলদৈত ক'লে পীযূষ হাজৰিকাই।

২০. কংগ্ৰেছত মোক্ষম আঘাত! নগাঁও সদৰ সমষ্টিত পাঁচ শতাধিক কংগ্ৰেছ নেতা–কৰ্মীৰ বিজেপিত যোগদান।

২১. কংগ্ৰেছলৈ BJPৰ প্ৰাক্তন বিধায়ক৷ মৰাণৰ প্ৰাক্তন বিধায়ক দিলীপ মৰাণে যোগদান কৰিব কংগ্ৰেছত৷ 

২২. নৃত্যাচাৰ্য যতীন গোস্বামীক ২০২০ বৰ্ষৰ ড০ ভূপেন হাজৰিকা সমন্বয় বঁটা প্ৰদান।

২৩. বৰপেটাৰ পাটবাউসীত লোমহৰ্ষক হত্যাকাণ্ড। পাটবাউসীত হাত–ভৰি বন্ধা অৱস্থাত সোমবাৰে নিশা পুখুৰীৰ পৰা উদ্ধাৰ এজন যুৱকৰ মৃতদেহ৷ 

২৪. পশ্চিমবঙ্গৰ তুফানগঞ্জত ৰাজনৈতিক হিংসা। বিজেপি , তৃণমূল কৰ্মীৰ আক্ৰমণ প্ৰত্যাক্ৰমনত আহত দুই দলৰে বহু কৰ্মী।

২৫. ৰিয়া চক্ৰৱতীক ১৪দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ।