মুখ্য-পৃষ্ঠা

১ মিনিটত ২৫ খবৰ

asomiyapratidin

১. নগাঁৱত বাবুল আলী নামৰ এজন আৰক্ষী পৰিদর্শকে কৰ্তব্যৰত গৃহৰক্ষী জোৱানক প্ৰহাৰ কৰা ঘটনাক লৈ প্ৰতিক্ৰিয়া। দিলীপ বৰা নামৰ গৃহৰক্ষী জোৱানজনৰ লগতে গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ নগাঁও সদৰ থানাত আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে এজাহাৰ দাখিল।

২. বৃহস্পতিবাৰে কাতি বিহু। দুৰ্গা পূজাৰ জাকজমকতাৰ মাজতে তুলসীৰ তলত চাকি জ্বলাই অপায়-অমংগল দূৰ হোৱাৰ প্ৰাৰ্থনা কৰিব প্ৰতিগৰাকী কৃষিজীৱী অসমীয়াই।

৩. মধ্যপ্ৰদেশৰ দমৌহ জিলাত পাহাৰত হোৱা ভূমিস্খলনৰ ফলত ৩টা শিশুৰ মৃত্যু। বুধবাৰে পুৱা সংঘটিত হ'ল এই শোকাৱহ ঘটনা ।

৪. #MeTooৰ সন্দৰ্ভত বলিউদ অভিনেত্ৰী নীনা গুপ্তাৰ মন্তব্য- 'মোৰ ক্ষেত্ৰতো হৈছিল এনে বহু ঘটনা, কিন্তু সেইসময়ত কেনেদৰে মোকাবিলা কৰিম চিন্তা কৰিব পৰা নাছিলো।'

৫. ভাৰতীয় সেনাৰ গোপনীয় খবৰ ৰাজহুৱা কৰাৰ অপৰাধত বুধবাৰে উত্তৰ প্ৰদেশৰ মেৰঠত এজন সেনা জোৱানক বৰ্খাস্ত। সেনা জোৱানজনৰ নাম কঞ্চন সিং।

৬. মধ্যপ্ৰদেশৰ এখন জনসভাত ৰাহুল গান্ধীয়ে মোদীক কৰিলে কটাক্ষ। ৰাহুল গান্ধীয়ে কয়- 'মই মোদীৰ বিৰোধিতা নকৰো, যদিহে মোদীয়ে জনগণ বিৰোধী কামবোৰ নকৰে।'

৭. মক্কোত মঙলবাৰে নিশা ভয়ংকৰ ৰে'ল দুৰ্ঘটনা। দুৰ্ঘটনাত ৭জন লোক নিহত হোৱাৰ বিপৰীতে আহত হয় প্ৰায় ৮০ৰো অধিক লোক।

৮. বুধবাৰে আলফা স্বাধীনে মুকলি কৰি দিয়ে আলফাই অপহৰণ কৰি নিয়া পবিত্ৰ গগৈ নামৰ যুৱকজনক। সেনাৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগেৰে কিছুদিন পূৰ্বে আলফাই অপহৰণ কৰিছিল পবিত্র গগৈক।

৯. কংগ্ৰেছ চৰকাৰ তথা তৰুণ গগৈ আৰু দেৱব্ৰত শইকীয়াক সমালোচনা বিজেপি নেতা ৰূপম গোস্বামীৰ। দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে দুৰ্নীতিৰ মহাভিযোগ থকাৰ লগতে তৰুণ গগৈৰ গাত আহোম আৰু লাচিতৰ তেজ নাই বুলি সমালোচনা নেতাজনৰ।

১০. ২২ অক্টোবৰৰ পুৱা ৬ বজাৰ পৰা ২৪ ঘন্টাৰ বাবে দিল্লীত বন্ধ থাকিব ৪০০টা পেট্ৰল পাম্প। চৰকাৰে ভেট কম নকৰাৰ বাবে প্ৰতিবাদ।

১১. বুধবাৰে উত্তৰ প্ৰদেশৰ ঐৰোৱা জিলাত সংঘটিত হয় পথ দুৰ্ঘটনা। এখন তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিয়ে অ'টক। দুৰ্ঘটনাত ২ জন লোক নিহত, আহত ১।

১২. দুৰ্বৃত্তই অপহৰণ কৰি আনিছুৰ ৰহমানৰ নামৰ কণমানি ছাত্ৰজনক হত্যা কৰাৰ পাছতে হত্যাকাৰীৰ কঠোৰ শাস্তিৰ দাবীত ধুবুৰীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ। আৰক্ষীয়ে তদন্তত হেমাহি কৰাৰ অভিযোগ প্ৰতিবাদকাৰীৰ।

১৩. ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ বাবে পঞ্জাৱৰ ১৩খন আসনৰ বাবে আম আদমী পাৰ্টিয়ে নৱেম্বৰত ঘোষণা কৰিব ৫জন প্ৰাৰ্থীৰ নাম। ২০১৪ চনত ১৩খন আসনৰ ভিতৰত আম আদমীয়ে ৪খন আসন দখল কৰিছিল।

১৪. বাক-বিতণ্ডাৰ অন্তত বুধবাৰে সন্ধিয়া ৫বজাৰ পৰা খোলা হ'ল কেৰালাৰ সৰবীমালা মন্দিৰৰ মূল প্ৰবেশদ্বাৰ। নিশা ১০.৩০ বজালৈকে মন্দিৰ পৰিদৰ্শন কৰিব পাৰিব ভক্তবৃন্দই।

১৫. উত্তৰ প্ৰদেশৰ উন্নাৱ জিলাত তীব্ৰবেগী বাহন পৰিল দ' খাৱৈত। ৫জন লোক সন্ধানহীন। উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিছে দুৰ্ঘটনাগ্ৰস্ত গাড়ীখন।

১৬. চলিত বৰ্ষৰ ১৪ ডিচেম্বৰত অসমৰ ছবিগৃহত মুক্তি পাব অসমীয়া ছবি 'উল্কা'। ছবিখনৰ পৰিছালনা কৰিছে প্ৰণৱ বিবেকে।

১৭. অহা ৭ ডিচেম্বৰত অনুষ্ঠিত হ'ব লগা ৰাজস্থানৰ বিধানসভা নিৰ্বাচনত মায়াৱতীৰ 'বহুজন সমাজ পাৰ্টি'য়ে ২০০খন আসনত প্ৰাৰ্থী থিয় কৰাব। দলৰ উপাধ্যক্ষ ডুঙ্গৰৰাম গেদৰে কৰিলে এই ঘোষণা।

১৮. ৰাজস্থান, বিহাৰৰ পাছত এইবাৰ জিকা ভাইৰাছে প্ৰৱেশ কৰিলে উত্তৰ প্ৰদেশত। ৰাজ্যখনত স্বাহ্য বিভাগে জাৰি কৰিছে এলাৰ্ট।

১৯. চলিত বৰ্ষৰ ২১ ডিচেম্বৰত সমগ্ৰ দেশত মুক্তি পাব হিন্দী ছবি 'দ্য এক্সিডেন্টেল প্ৰাইম মিনিষ্টাৰ'। প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ জীৱনভিত্তিক ছবিখনৰ পৰিচালনা কৰিছে সঞ্জয় গুট্টেই।

২০. তেলেংগানাৰ ভোটাৰ তালিকাত ১৯০জন সন্দেহযুক্ত ৰোহিংগিয়াৰ নাম অন্তভুক্ত। বৰ্তমানৰ লৈকে ২৫জন লোকৰ নাম তালিকাৰ পৰা খাৰিজ কৰিছে নিৰ্বাচনী  আয়োগে।

২১. বুধবাৰে ৰাহুল গান্ধীৰ উপস্থিতত বিজেপি এৰি কংগ্ৰেছত যোগদান কৰিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশৱন্ত সিঙৰ বিধায়ক পুত্ৰ মানৱেন্দ্ৰ সিঙে। যোৱা ২২ ছেপ্তেম্বৰত তেও বিজেপি দল ত্যাগ কৰা কথা ঘোষণা কৰিছিল ।

২২. এক বিশেষ সুত্ৰৰ খবৰ অনুসৰি ডিচেম্বৰৰ দ্বিতীয় সপ্তাহৰ পৰা সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হোৱাৰ সম্ভাৱনা।

২৩. ১৫ ডিচেম্বৰত তেলেংগানাত নিৰ্বাচনী ৰণডংকা বজাব বিজেপিয়ে। অমিত শ্বাহৰ উপস্থিতত বিশাল জনসভা আয়োজন। ৭ ডিচেম্বৰত তেলেংগানাত বিধান সভা নিৰ্বাচন।

২৪. মঙলবাৰে নিশা ধেমাজিত পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্ত হৈছিল বাইকখন। দুৰ্ঘটনাত নিহত হয় ৰাহুল ফুকন নামৰ বাইক আৰোহীজন।

২৫. আৰু, বুধবাৰে কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে আগন্তুক মধ্যপ্ৰদেশৰ নিৰ্বাচনৰ বাবে ৮০জনীয়া প্ৰাৰ্থীৰ নাম ঘোষণা কৰে। অহা ২৮ নবেম্বৰত অনুষ্ঠিত হ'ব মধ্যপ্ৰদেশৰ বিধানসভাৰ নিৰ্বাচন।