মুখ্য-পৃষ্ঠা

১ মিনিটত ২৫ খবৰ

asomiyapratidin

১. কাইলৈ সুধাকণ্ঠ ড০ ভূপেন হাজিৰকাৰ মৃত্যু দিৱস। সুধাকণ্ঠক সুঁৱৰি অসমৰ লগতে চুবুৰীয়া দেশ বাংলাদেশতো আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলী অনুষ্ঠান।

২. শনিবাৰে নিশা চীনৰ উত্তৰ-পশ্চিম মানচু অঞ্চলৰ ৰাজপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত নিহত ১৫ জন লোক।

হঠা্ৎ অহা এজাক ধুমুহাত মহানগৰীৰ উজান বজাৰত উভালি পৰিল এজোপ গছ

৩. দেওবাৰে টিহুত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিলে স্কুটি আৰোহীক। ঘটনাস্থলীতে নিহত এগৰাকী মহিলা।

৪. পঞ্জাৱৰ চণ্ডীগড়ত দেওবাৰে গ্ৰেপ্তাৰ কৰা হয় এজন বিএছএফ জোৱানক। পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ এজেন্ট হিচাপে কাম কৰিছিল জোৱানজনে।

৫. ১৪ বছৰৰ বিৰতিৰ অন্তত দেওবাৰে দিল্লীত উন্মোচন কৰা হ'ল যমুনা নদীৰ ওপৰত নিৰ্মাণ হোৱা ছিগনেছাৰ দলং। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে উন্মোচন কৰা এই দলংখনৰ দৈৰ্ঘ্য ৫৭৫ মিটাৰ।

৬.  অসমৰ প্ৰতিভাৱান মহিলা ক্ৰিকেটাৰ গায়ত্ৰী গুৰুং ভাৰতীয় ১৯ বছৰ অনুৰ্ধ্ব চেলেঞ্জাৰ ট্ৰফীৰ বাবে নিৰ্বাচিত হৈছে। গায়ত্ৰীক অভিনন্দন জনাই অসম ক্ৰিকেট সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ বুঢ়াগোহাঁইয়ে।

৭. ঝাৰখণ্ডৰ গমোলা অঞ্চলত দেওবাৰে পুৱা উদ্ধাৰ হয় দুজন যুৱকৰ মৃতদেহ। তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

৮.  ইটালীৰ উত্তৰাঞ্চলত প্ৰৱল বৃষ্টিপাত আৰু ধুমুহা। নিহত ২৯জন লোক।

৯. মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সুমতি কামনা কৰি পূজা-অৰ্চনা মহানগৰীৰৰ অনিল নগৰবাসীৰ। নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সবল স্থিতিত উপনীত হোৱাৰ কামনাৰে ধূপ-ধূণা জ্বলাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অঞ্চলবাসীয়ে।

১০. দেওবাৰে বাক্সাৰ নিকাচীত অনুষ্ঠিত হোৱা বি পি এফৰ কাৰ্যনিৰ্বাহক সভাত হাগ্ৰামা মহিলাৰীৰ মন্তব্য- 'মৃণাল আৰু জীতেন নেতা নহয়, অৰবিন্দ ৰাজখোৱাহে আলফাৰ নেতা।'

দিল্লীত দেওবাৰে মুকলি কৰা ছিগনেচাৰ ব্ৰীজখন

১১. কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে শনিবাৰে ৰাম মন্দিৰ নিৰ্মাণ সন্দৰ্ভত প্ৰকাশ কৰিলে এক মন্তব্য 'পৃথিৱীৰ কোনো শক্তিয়ে ৰোধিব নোৱাৰে ৰাম মন্দিৰ নিৰ্মাণৰ কাম।'

১২. দেওবাৰে গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকা দুজন যুৱকক। ধৃত যুৱক দুজনৰ পৰা জব্দ বহু পৰিমাণৰ ব্ৰাউন চুগাৰ আৰু ৮১০০ টকা।

১৩. ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী ৰঘুবৰ দাসে দেওবাৰে কৰিলে ঘোষণা। ৰাজ্যখনৰ ২৮ লাখ কৃষকক প্ৰদান কৰা হ'ব একোটাকৈ মোবাইল ফোন।

১৪. দেওবাৰে গোলাঘাট জিলাৰ মুঠ ১৩৮৫টা ভূমিহীন পৰিয়ালক মাটিৰ পট্টা প্ৰদান কৰে ৰাজ্যৰ উদ্যোগ আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

১৫. শিৱসাগৰৰ চেৰেকাপাৰত দেওবাৰে পুৱা উদ্ধাৰ হয় এটা মৃতদেহ। কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ আৰক্ষীৰ।

১৬. 'ৰাম মন্দিৰ নিৰ্মাণ কাৰ্য বিজেপিৰ নিৰ্বাচনী ইছ্যু নহয়।' দেওবাৰে সংবাদমেলত এই মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাবেডকাৰে।

১৭. সৱৰিমালা মন্দিৰত মহিলা সাংবাদিকক নপঠিয়াবলৈ সংবাদ মাধ্যমলৈ পত্ৰ প্ৰেৰণ সবিৰামালা মন্দিৰ কৰ্তৃপক্ষৰ। ১০ৰ পৰা ৫০ বছৰৰ ভিতৰৰ মহিলাৰ প্ৰৱেশত নিষেধাজ্ঞা আছে কেৰালাৰ সৱৰিমালা মন্দিৰত।

লণ্ডনত আয়োজিত ভিণ্টেজ কাৰ ৰেলীৰ এটি দৃশ্য

১৮. দিল্লীৰ নয়ডাত এগৰাকী ১৬ বছৰীয়া কিশোৰীক বিয়াৰ প্ৰলোভনেৰে বলাৎকাৰ যুৱকৰ। বৰ্তমান পলাতক যুৱকজনৰ সন্ধানত আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান।

১৯. পঞ্জাৱত ছাত্ৰীক অশালীন ব্যৱহাৰ বিদ্যালয়ৰ শিক্ষকৰ। অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।

২০. ক্ৰমে সুস্থিৰ অৱস্থালৈ আহিছে দিল্লীৰ পৰিৱেশ। যোৱা কিছুদিন ধৰি প্ৰদূষিত বায়ুমণ্ডলৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল দিল্লীবাসী।

২১. শনিবাৰে মুক্তি পোৱা বহু প্ৰত্যাশিত ছবি '২.০'ৰ ট্ৰেইলাৰ মুক্তিৰ ২০ ঘন্টাৰ ভিতৰতে উপভোগ কৰিছে ২ কোটিৰো অধিক লোকে। ছবিখনত অভিনয় কৰিছে ৰজনীকান্ত আৰু অক্ষয় কুমাৰে।

২২. চলিত বৰ্ষৰ ৭ ডিচেম্বৰত মুক্তি পাব কমেডী অসমীয়া ছবি 'ছাছপেণ্ড ইন্সপেক্টৰ বড়ো'। কেলী বসুমতাৰীয়ে পৰিচালনা কৰা ছবিখনৰ প্ৰচাৰৰ বাবে মহানগৰীৰ ভিন্ন ঠাইত দেখা গৈছে ছবিখনৰ পোষ্টাৰ।

২৩. '৫ ৰাজ্যৰ আসন্ন বিধানসভা নিৰ্বাচনত কংগ্ৰেছে লাভ কৰিব একক সংখ্যাগৰিষ্ঠতা'। এই দাবী কৰিলে ৰাজস্থান প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ শচীন পাইলটে।

২৪. দেওবাৰে নিশা ভাৰতত উপস্থিত হ'ল কোৰিয়াৰ ফাৰ্ষ্ট লেডী কিম জং কুং। অযোধ্যাৰ দীপাৱলী অনুষ্ঠানত অংশ ল'ব কিম জং কুঙে।

২৫. ৰাম মন্দিৰৰ সন্দৰ্ভত বিজেপিৰ শীৰ্ষ নেতা ৰাম মাধৱৰ মন্তব্য- 'ৰাম মন্দিৰ নিৰ্মাণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ লেহেমীয়া গতি দুৰ্ভাগ্যজনক। ইয়াক লৈ চিন্তিত হিন্দু সমাজ।'