মুখ্য-পৃষ্ঠা

১ মিনিটত ২৫ খবৰ…

asomiyapratidin

১. মহাৰাষ্ট্ৰৰ ভাণ্ডদুপৰ এজন বিএমচি কৰ্মচাৰীৰ বাসগগৃহত উদ্ধাৰ অজগৰ। প্ৰায় ৭ফুট দৈৰ্ঘ্যৰ এই সাপডাল অৱশেষত কৰায়ত্ত কৰি এৰি দিয়া হয় অৰণ্যৰ মাজত।

২. 'সকলো সমৰ্থন দিয়াৰ বাবে ধন্যবাদ। ১১ এপ্ৰিলত মুক্তি পাব 'পি এম নৰেন্দ্ৰ মোডী'। জয় হিন্দ।'- শুকুৰবাৰে টাইটাৰযোগে সকলোকে ছবিখনৰ পৰিচালক উমাং কুমাৰে জনালে ধন্যবাদ।

৩. ঠানেৰ সঞ্জয় গান্ধী নেশ্যনেল পাৰ্কত অগ্নিকাণ্ড। কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে নিৰ্বাপিত কৰে জুই। বৰ্তমানলৈ কোনো লোক হতাহত হোৱা নাই।

৪. শুকুৰবাৰে ঘোষণা কৰা হ'ল ইউ পি এছ চিৰ চূড়ান্ত ফলাফল। সমগ্ৰ ভাৰতৰ ভিতৰত ৫ পঞ্চম তথা মহিলা প্ৰাৰ্তীৰ ভিতৰত শীৰ্ষ স্থান লাভ কৰে মধ্যপ্ৰদেশৰ শ্ৰুস্তি জয়ন্ত দেশমুখে।

৫. 'আমাৰ চৰকাৰে বহু ঠাইত ফেক্টৰী স্থাপন কৰিছে। বহু পৰিমানে আলু উৎপাদন কৰা হৈছে আৰু চিপছ বনোৱা হৈছে। বাহিৰলৈ এই আলু ৰপ্তানী কৰা হৈছে।'- শুকুৰবাৰে সাংবাদিকৰ এক প্ৰশ্নত এনেদৰে মন্তব্য কৰে হেমা মালিনীয়ে।

৬. 'যিটো পৰিয়ালৰ দুজনকৈ লোক সন্ত্ৰাসবাদীৰ আক্ৰমণৰ চিকাৰ হৈছে, সেই পৰিয়ালৰ সন্তানে এতিয়া কৈছে যে সন্ত্ৰাসবাদ কোনো ইছ্যু নহয়।'- শুকুৰবাৰে ৰাহুল গান্ধীক এনেদৰে কটাক্ষ কৰি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী সুষমা স্বৰাজে।

৭. অসমৰ ৰাইজে নিৰ্বাচন জয়ী কৰি মনমোহন সিঙক প্ৰধানমন্ত্ৰী বনালে ১০ বছৰৰ বাবে। মই এতিয়া সুধিব বিচাৰো- কিয় ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ ১০ বছৰীয়া শাসনকালৰ খতীয়ান দাঙি নধৰে ৰাইজৰ আগত।'- ৰাহুল গান্ধীক সমালোচনা অমিত শ্বাহৰ।

৮. শুকুৰবাৰে গাজিয়াবাদত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ ৰ'ড শ্ব'। সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী ডলী শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰিয়ংকা গান্ধীয়ে।

৯. 'আমি দিল্লীৰ লাড়ু বিচৰা নাই। আমাক এনে এজন নেতা লাগে যিজনে সৰ্বসাধাৰণৰ সুখ আৰু দুখ দুয়োটা সময়তে একেলগে থিয় দিব।'- শুকুৰবাৰে পশ্চিমবংগৰ নক্সালবাৰীত এই মন্তব্য মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ।

১০. শুকুৰবাৰে জম্মু-কাশ্মীৰত পাক সেনাৰ যুদ্ধবিৰতি উলংঘন। ৰাজৌৰী জিলাৰ নাওশ্বেৰা ছেক্টৰত পাক সেনাৰ গুলীবৰ্ষণ।

১১. 'যোৱা ৪ বছৰত মণিপুৰত ৩০০ কিঃমিঃ ঘাইপথ নিৰ্মাণ কৰা হৈছে। ৫টা হেলিপেড উৰাণ আঁচনিৰ অধীনত প্ৰধানমন্ত্ৰী মোডী চৰকাৰে নিৰ্মাণ কৰিছে।'- বিজেপি ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে কৰিলে এই মন্তব্য।

১২. শুকুৰবাৰে বিজয়ৱাড়াত প্ৰতিবাদত বহে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে। আয়কৰ বিভাগৰ অভিযানৰ বিৰুদ্ধে টিডিপি প্ৰাৰ্থী আৰু সমৰ্থকসকলৰ সৈতে প্ৰতিবাদত যোগ দিয়ে নাইডুৱে।

১৩. শুকুৰবাৰে অন্দ্রপ্ৰদেশত কাডাপা জিলা আৰক্ষীৰ অভিযান। তেলেগু দেশম পাৰ্টিৰ সাংসদ চিএম ৰমেশৰ পোটলাদুৰ্টি গাঁওস্থিত বাসগৃহত চলাই অভিযান।

১৪. অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণা জিলাত কে ভেংকাট ৰাওৰ বাসগৃহত আৰক্ষীৰ অভিযান। অভিযানকালত জব্দ প্ৰায় ৫০হাজাৰ টকাৰ সুৰা। লগতে আৰক্ষীয়ে আটক কৰে এজন লোকক।

১৫. বাংগালুৰুৰ য়েশ্বন্তপুৰত শুকুৰবাৰে সংঘটিত হয় অঘটন। এটি নিৰ্মিয়মান অট্টালিকাৰ ছাদ খবি পৰাৰ ফলত নিহত ২দুজনকৈ লোক।

১৬. বি এছ পি নেতা ওমৰ আলী খান আৰু দলটোৰ সমৰ্থকৰ বিৰুদ্ধে গোচৰ ৰুজু। নিৰ্বাচনী বিধি উলংঘা কৰাৰ গোচৰত ৰুজু কৰা হৈছে গোচৰ।

১৭. কোকৰাঝাৰতো ২ লাখ ৫০ হাজাৰ টকা জব্দ। কাৰিগাঁৱত ফ্লায়িং স্কোৱাডে জব্দ কৰে ধনখিনি। এখন এল্ট'ত এজন লোকে কঢ়িয়াই নিছিল ধনখিনি।

১৮. জাগীৰোডৰ পালিগুৰিত ৯০ হাজাৰ টকা জব্দ। এখন স্কুটীত নিছিল বৃহত্‍ পৰিমাণৰ টকাখিনি। এফ এছ টি আৰু এছ এছ টিৰ যুটীয়া অভিযানত জব্দ টকাখিনি।

১৯. শুকুৰবাৰে আঁহতগুৰিৰ নিৰ্বাচনী সভাত তৰুণ গগৈক তুলাধুনা বিজেপি ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ। বদৰুদ্দিন আজমলৰ সৈতে তৰুণ গগৈয়ে মিত্ৰতা কৰাৰ অভিযোগ কৰি অমিত শ্বাহৰ।

২০. জামুগুৰিহাটৰ টৌ-ভঙাত দুৰ্ঘটনাত নিহত এজন ব্যক্তি। দ্ৰুতবেগী আলট্ৰা বাছৰ খুন্দাত থিতাতে নিহত ৫৫ বছৰীয়া মহাবীৰ প্ৰধান নামৰ ব্যক্তিজন।

২১. নগাঁৱৰ জাজৰিত আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়ত ২.৪৯ লাখ টকা জব্দ। টকাসহ ৰফিকুল ইছলাম নামৰ এজন লোকক আটক। জানিব পৰা মতে, লাহৰীঘাটৰ পৰা কচুৱা অভিমুখে নিছিল টকাখিনি।

২২. যোৰাবাটত জব্দ বৃহৎ পৰিমাণৰ ৰঙা সৰল কাঠ। কুণ্ডাভৰ্তি কণ্টেইনাৰসহ বাহনখন জব্দ কৰে আৰক্ষীয়ে। জব্দ হোৱা কাঠখিনিৰ মূল্য প্ৰায় ৫০ লক্ষাধিক টকা।

২৩. ডবকাত দুৰ্ঘটনাত এগৰাকী মহিলাৰ মৃত্যুক লৈ সৃষ্টি উত্তপ্ত পৰিস্থিতি। বালিভৰ্তি টাটা মোবাইল আৰু এল্ট' বাহনৰ সংঘৰ্ষত চিটিকি পৰে এল্ট'খনৰ ৪গৰাকী যাত্ৰী। ইয়াৰে এগৰাকীৰ মৃত্যু ঘটে আৰু আন ৩গৰাকী চিকিৎসাধীন।

২৪. দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ চাম্পুপাৰাত ৰাইজে কৰায়ত্ত কৰিলে এজন ড্ৰাগ্ছ ব্যৱসায়ীক। স্থানীয় ৰাইজে ধৰি উত্তম-মধ্যম শোধাই গতাই দিয়ে আৰক্ষীক।

২৫. শুকুৰবাৰে কামৰূপৰ মদনপুৰত পথ দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু। দ্ৰুতবেগী আলট্ৰা বাছে মহটিয়াই নিলে এখন বাইকক। দুৰ্ঘটনাত থিতাতে নিহত বাইকত থকা দুই যুৱক। গুৱাহাটী অভিমুখে আহি আছিল যুৱক দুজন।