মুখ্য-পৃষ্ঠা

১ মিনিটত ২৫ খবৰ

asomiyapratidin

১. বিজেপিৰ সৈতে অগপৰ মিত্ৰতাত ক্ষোভ যোৰহাট জিলা অগপৰ নেতা আৰু কৰ্মীৰ। শ্ক্ষোভিত কৰ্মীয়ে কাৰ্যালয়ৰ পৰা আঁতৰাই জ্বলাই পেলালে অগপৰ নেতাসকলৰ ফটো।

২. অসম গণ পৰিষদে বিজেপিৰে সৈতে কৰা মিত্ৰতাক লৈ অগপৰ ভিতৰচৰাত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। বৃহস্পতিবাৰে কেইবাজনো নেতাই পদত্যাগ কৰাৰ পিছত শুকুৰবাৰে পদত্যাগ কৰে জ্যেষ্ঠ নেতা গিৰীণ বৰুৱাই।

৩. গোলকগঞ্জৰ তালেৰতলত ভয়ংকৰ পথ দুৰ্ঘটনা। ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই সানছাৰ আলী নামৰ এজন লোকে।

৪. ৰঙিয়াৰ কাউৰবাহত শুকুৰবাৰে পথ দুৰ্ঘটনাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। দুৰ্ঘটনাত আহত হয় বাইক আৰোহী ইদুল আলী।গোৰেশ্বৰ অভিমুখী ডিআই আৰু বাইকৰ মুখামুখি সংঘৰ্ষৰ পিছতে একাংশ লোকে প্ৰহাৰ কৰে ডিআইৰ চালকজনক।

৫. অগপ আৰু বিজেপিৰ মিত্ৰতাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। অগপৰ কেন্দ্ৰীয় কাৰ্যনিবাহক সদস্য চৰণ ডেকাৰ মন্তব্য, 'এয়া অগপৰ নহয়, ৪-৫জনৰ সিদ্ধান্ত'।

৬. বলিউদৰ মোহময়ী অভিনেত্ৰী আলিয়া ভটে শুকুৰবাৰে ভৰি দিলে ২৬ বছৰ বয়সত। বহু শুভাকাংক্ষীয়ে ছ'চিয়েল মিডিয়াযোগে জনালে জন্মদিনৰ শুভকামনা।

৭. কৰিমগঞ্জত শুকুৰবাৰে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই এজন লোকে। ইক' আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষত ২জন আহত হোৱাৰ লগতে নিহত হয় বিবেক কুৰ্মী নামৰ এজন।

৮. শুকুৰবাৰে সময়মতে বিদ্যালয়ত উপস্থিত নথকাৰ অপৰাধত ২৭গৰাকী শিক্ষকৰ বিৰুদ্ধে জাননী প্ৰেৰণ কৰিছে প্ৰশাসনে। ৩গৰাকী শিক্ষকক নিলম্বন কৰাৰ লগতে বেতন কৰ্তন কৰা হৈছে ১৮জন শিক্ষকৰ।

৯. ৰাজহ চোৰাংচোৱা বিভাগে শুকুৰবাৰে আটক কৰে তিনিজনকৈ লোকক। ১৩ মাৰ্চত দিল্লীত চলোৱা অভিযানত বৃহৎ পৰিমাণৰ বহিঃৰাষ্ট্ৰৰ নোট আৰু সোণ জব্দ হোৱা ঘটনাৰে জড়িতৰ সন্দেহ।

১০. মহাৰাষ্ট্ৰৰ নাগপুৰত এখন বাহনত ৮০ লাখ টকা জব্দ। স্থানীয় আৰক্ষীয়ে জব্দ কৰে ধনখিনি।

১১. দিল্লী আৰক্ষীৰ বিশেষ কোষে জব্দ কৰে ৮৩ কেজি হিৰ'ইন। লগতে গ্ৰেপ্তাৰ কৰে ১০জনকৈ লোকক।

১২. ওড়িশ্যাৰ সম্বলপুৰ জিলাত ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰে ৭জনকৈ লোকক। ধৃত লোক ৭জনৰ পৰা জব্দ কৰে নাহৰফুটুকীৰ চাল।

১৩. লোকসভা নিৰ্বাচনৰ টিকটক লৈ মন্তব্য নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাৰ। 'বিজেপিত টিকটৰ আবেদন কৰাৰ নিয়ম নাই, দলে যি দায়িত্ব দিয়ে পালন কৰি যাম।'

১৪. শুকুৰবাৰে কংগ্ৰেছে নিশ্চিত কৰে অসমৰ ১৪ টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ তালিকা চূড়ান্ত। ইফালে ঘোষণা কৰা হয় যোৰহাট, ডিব্ৰুগড়, কৰিমগঞ্জ, শিলচৰ, কলিয়াবৰ সমষ্টিৰ প্ৰাৰ্থীৰ নাম।

১৫. বৃহস্পতিবাৰে কাজিৰঙাত আক্ৰমণৰ বলি হোৱা বনকৰ্মীৰ মৃত্যু। মৃত বনকৰ্মীজনৰ নাম ভলুকা পেগু।

১৬. ৰাজস্থানৰ আলৱাৰত শুকুৰবাৰে পিঞ্জৰাৱদ্ধ কৰা হয় এটা নাহৰফুটুকী। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ সোমাই আহিছিল নাহৰফুটুকীটো।

১৭. মুম্বাইত অগ্নিদগ্ধ হ'ল এখন চলন্ত বাহন। মুম্বাইৰ ডিঅ'নাৰ ৰোডত সংঘটিত হয় এই ঘটনা।

১৮. মুৰশ্বীবাদত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন লোকক। লোকজনৰ পৰা ৮টা ৭.৬৫ এম এম পিষ্টল, এটা ৯ এম এম পিষ্টল আৰু বহু অস্ত্ৰ-শস্ত্ৰ জব্দ।

১৯. বৰপেটাৰ হাবি ৰাধাকুছিত শুকুৰবাৰে গ্ৰেপ্তাৰ হয় এটা ডকাইত। মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ হোৱা ডকাইতটোৰ নাম লিয়াকত্‍ আলী।

২০. অগপ-বিজেপিৰ মিত্ৰতাক লৈ শুকুৰবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁৰ মতে, লোকসভা নিৰ্বাচনৰ পিছত বিধেয়কক লৈ সৃষ্টি হোৱা সমস্যা আলোচনাৰ মাধ্যমেৰে সমাধান হ'ব।

২১. হিমাচলপ্ৰদেশত ধাৰাসাৰ শিলাবৃষ্টি। ৰাজ্যখনৰ ছিমলাত শিলাবৃষ্টিৰ ফলত ব্যাহত যান-বাহন চলাচল।

২২. তামিলনাডুত ভয়ংকৰ অগ্নিকাণ্ড।ৰাজ্যখনৰ সুন্দৰপুৰমৰ এটা প্লাষ্টিক গুডামত সংঘটিত হয় এই অগ্নিকাণ্ড।

২৩. বি এছ পিৰ মুৰব্বী মায়াৱতীয়ে শুকুৰবাৰে কয়- 'জন সেনা আৰু বি এছ পিয়ে মিলিত হৈ অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত যুঁজ দিব আগন্তুক নিৰ্বাচনত।'

২৪. শনিবাৰে ঘোষণা কৰা হ'ব বিজেপিৰ অসমৰ বাবে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা। শুকুৰবাৰে প্ৰাৰ্থীৰ পেনেল লৈ দিল্লীলৈ ৰাওনা হৈছে বিজেপিৰ নেতৃত্ব।

২৫. 'বদৰুদ্দিন আজমল আৰু তৰুণ গগৈৰ বুজাবুজি আছে। সেয়ে কলিয়াবৰত এআইইউডিএফে শক্তিশালী প্ৰাৰ্থী নিদিয়ে।' শুকুৰবাৰে  সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই।