মুখ্য-পৃষ্ঠা

১ মিনিটত ২৫ খবৰ

asomiyapratidin

১. আগন্তুক ১২ ঘণ্টাৰ ভিতৰত উত্তৰ-পূবত সোমাৱাৰ সম্ভাৱনা ফেনী। ঘন্টাত ১০৫ কিঃমিঃ গতিত উত্তৰ-পূব পাবহি ফেনী ঘূৰ্ণীবতাহ।

২. ওড়িশ্যাত আকাশমাৰ্গেৰে নৱেল ডৰ্ণিয়েৰ এয়াৰক্ৰাফ্টৰ পৰ্যবেক্ষণ কৰে। ফেনী ঘূৰ্ণীবতাহে ক'ত কিমান ক্ষতিগ্ৰস্ত কৰিলে সেই সন্দৰ্ভত কৰে এই পৰ্যবেক্ষণ।

৩. উত্তৰাখণ্ডত উদ্ধাৰ এটা বাঘৰ মৃতদেহ। ৰামনগৰৰ কৰবেট ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ মৃতদেহটো।

৪. তেলেংকাগানাত অভিনেতা চিৰঞ্জীৱীৰ ফাৰ্মহাউছত অগ্নিকাণ্ড। ছেয় ৰা নৰছিমহা ৰেড্ডী শীৰ্ষক এখন ছবিৰ শ্বুটিং চলি আছিল ফাৰ্মহাউছটোত।

৫. জম্মু-কাশ্মীৰত যুদ্ধবিৰতি উলংঘা। ৰাজ্যখনৰ পুঞ্চত পাকিস্তান সেনাই চলাই গুলীবৰ্ষণ।

৬. ২০১৮ বৰ্ষৰ ২৫ ডিচেম্বৰৰ পৰা ২৭ ৰাজ্যৰ ২০০ খন জনসভাত অংশ লৈছে প্ৰধানমন্ত্ৰী মোডীয়ে।

৭. 'অভিনেত্ৰী হিচাপে ইয়ালৈ অহা নাই' লক্ষ্ণৌৰ মাতৃ পুনম সিনহাৰ হৈ ৰেলীত ভাগ লৈ এই মন্তব্য সোণাক্ষী সিনহাৰ।

৮. 'কংগ্ৰেছে বুজিছে যে আমেঠিত তেওঁলোকৰ প্ৰাৰ্থীজন পৰাজয় হোৱাতো নিশ্চিত। আৰু বিজেপি এই সমষ্টিটোত জয়ী হ'বই।'- উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে কৰে এই মন্তব্য।

৯. 'ফেনী'ক লৈ চিন্তিত ৰাজ্য চৰকাৰ। ৪ আৰু ৫ মে'ত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ফেৰী চলাচলত নিষেধাজ্ঞা। মাজুলী-নিমাতীঘাটতো কাইলৈ ফেৰীসেৱা বন্ধ ৰখাৰ নিৰ্দেশ প্ৰশাসনৰ।

১০. বিধায়ক আনোৱাৰ হুছেইন লস্কৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ। মুখ্যমন্ত্ৰীৰ অ' এছ ডি কাশ্যপ প্ৰকাশৰ গুৱাহাটীৰ দেৱানী আদালতত ১০ কোটি টকাৰ মানহানিৰ গোচৰ।

১১. পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিৰ সাপ্তাহিক গুড় বজাৰত বেপাৰীয়ে গুড়ৰ উচিত মূল্য নিদিয়াত কৃষক আৰু বেপাৰীৰ মাজত খণ্ডযুদ্ধ। বেপাৰীক পহুখেদা কৃষকৰ, আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।

১২. বিজেপি ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে বাতিল কৰে ঝাৰখণ্ডত শুকুৰবাৰৰ ৩খন জনসভা কাৰ্যসূচী। বেয়া বতৰৰ প্ৰতি লক্ষ্য ৰাখি শ্বাহে লয় এই সিদ্ধান্ত।

১৩. হাইলাকান্দিৰ ১৫৪নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিশ্চিন্তপুৰত বজ্ৰ পৰি শুকুৰবাৰে এজন যুৱকৰ মৃত্যু হয়। মৃত যুৱকজন লালাৰ ৰাঙ্গাবাক গাঁৱৰ ছাহিন বাহাৰ বুলি জানিব পৰা গৈছে।

১৪. মৰিগাঁৱত গ্ৰেপ্তাৰ দুই অবৈধ বাংলাদেশী। বাংলাদেশী নাগৰিক দুজন ঔজাৰীৰ গোপাল বিশ্বাস আৰু মিকিৰভেটাৰ জয়দেৱ দাস।

১৫. শোণিতপুৰ জিলাৰ মিছামাৰীত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ। মৃত যুৱকজন বিজয় নগৰৰ কেবিউছ তপ্ন বুলি চিনাক্ত।

১৬. বিজেপি প্ৰাৰ্থী ছানী দেওলৰ শুকুৰবাৰে পাথানকোটত নিৰ্বাচনী সভা। পঞ্জাৱৰ গুৰদাসপুৰ সংসদীয় সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী গৰাকীয়ে আগবঢ়াব প্ৰতিদ্বন্দ্বিতা।

১৭. উত্তৰ গুৱাহাটীৰ ফুলুঙৰ পথাৰত উদ্ধাৰ অচিনাক্ত লোকজনৰ মৃতদেহ। মৃতদেহটো এজন মাছমৰীয়াৰ বুলি সন্দেহ।

১৮. কৰিমগঞ্জৰ চূড়াইবাৰীত চোৰাং গৰুসহ ৩ চোৰক গ্ৰেপ্তাৰ। ১৭টা চোৰাং গৰুসহ গ্ৰেপ্তাৰ হোৱা লোক কেইজন হৈছে নুৰুল হক, এনাল উদ্দিন আৰু কায়ম উদ্দিন।

১৯. 'বিজেপিৰ ওচৰত কোনো উত্তৰ নাই। কেৱল বিৰোধীৰ সৈতে তুলনা কৰিব পাৰে বিজেপিয়।' এই মন্তব্য প্ৰিয়ংকা গান্ধীৰ।

২০. বিজেপি কটাক্ষ অভিলেশ যাদৱৰ।' এটা বুটাম টিপিলেই চকীদাৰ, থিকাদাৰ, ধমকিদাৰ সকলো পলাব।'

২১. হলিউদ ছবি এভেঞ্জাৰ্ছ এণ্ডগেমে ভাৰতৰ বক্স অফিচত লগাইছে হাহাকাৰ। এসপ্তাহৰ ভিতৰত ২৬০ কোটিৰো অধিক টকা উপাৰ্জন।

২২. ওড়িশ্যাত মৃত্যুক সাৱটিলে দুজন কিশোৰে। ফেনীৰ ফলত গছ উভালি পৰাৰ ফলত মৃত্যু হয় কিশোৰ দুটিৰ।

২৩. মুম্বাইত জেট এয়াৰৱেইজৰ কৰ্মচাৰীৰ প্ৰতিবাদ। মুম্বাইৰ আজাড মৈদানত সাব্যস্ত কৰে এই প্ৰতিবাদ।

২৪.  আমৰিকাত নাও দুৰ্ঘটনা। নিহত এটি শিশু।

২৫. আই পি এল ছিজন-১২ত শুকুৰবাৰে পঞ্জাৱৰ বিৰুদ্ধে জয় সাব্যস্ত কলকাতাৰ। ৭ উইকেটত জয়ী হয় কলকাতা নাইট ৰাইডাৰ্ছ।