মুখ্য-পৃষ্ঠা

১ মিনিটত ২৫ খবৰ

asomiyapratidin

১. শিল্পী দিৱসৰ দিনাই চৰকাৰৰ বিৰুদ্ধে শিল্পীৰ প্ৰতিবাদ। ডবা, শংখ বজাই তেজপুৰত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সংগ্ৰাম আৰম্ভ কৰিলে জুবিন গাৰ্গে।

২. আগন্তক ৰাজ্যসভা অধিৱেশনত গৃহীত হ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক। গুৱাহাটীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত এই ঘোষণা কৰিলে বিজেপি নেতা ৰাম মাধৱে।

৩. মন্ত্ৰিত্বৰ পৰা পদত্যাগ কৰাৰ ১০ দিনৰ পিছতো তিনি মন্ত্ৰীৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰা নাই ৰাজ্যপাললৈ। এই কাৰ্যক হীৰেণ গোহাঁইয়ে সমালোচনা কৰাৰ বিপৰীতে মিত্ৰতা ভংগৰ সিদ্ধান্তক পুনৰ বিবেচনা কৰাৰ আহ্বান জনালে বিজেপি নেতা ৰাম মাধৱে।

৪. 'আমাৰ চৰকাৰৰ দিনত দৰিদ্ৰ লোকেও চিকিৎসা কৰাব পাৰিব ডাঙৰ চিকিৎসালয়ত।' আহমেদাবাদত ৭৫০ কোটি টকাৰ ব্যয়ৰে এখন চিকিৎসালয় মুকলি কৰি এই মন্তব্য আগবঢ়ালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

৫. শুকুৰবাৰে দিনৰ ১২ বজাৰ পৰা ২ বজালৈ বন্ধ থাকিব মুম্বাই-পুনে ৰাষ্ট্ৰীয় ঘাইপথ। নিৰ্মাণৰ বাবে বন্ধ থাকিব ঘাইপথটো।

৬. দক্ষিণৰ জনপ্ৰিয় কমেডিয়ান ব্ৰহ্মানন্দক বৃহস্পতিবাৰে মুম্বাইৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হয়। হৃদজনিত ৰোগত আক্ৰান্ত হোৱা অভিনেতাগৰাকীয়ে বৰ্তমানলৈকে ১১৪৩ ছবিত অভিনয় কৰিছে।

৭. কলকাতাত তীব্ৰবেগী বাহনে মহতিয়ালে পথচাৰীক। দুজন লোক গুৰুতৰভাৱে আহত হোৱাৰ লগতে এজনৰ মৃত্যু।

৮. বাৰানসী আৰক্ষীয়ে বৃহস্পতিবাৰে জব্দ কৰে ৬৪ লাখ টকা মূল্যৰ সোণৰ বিস্কুট। গ্ৰেপ্তাৰ কৰা হয় এজন ব্যক্তিক।

৯. পুনেৰ পিম্পৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাছ আৰু পিক আপ ভানৰ মাজত মুখামুখি সংঘৰ্ষত ১৫ জন আহত হোৱাৰ লগতে নিহত হয় ৩ জন লোক।

১০. অহা ১৯ জানুৱাৰীত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নেতৃত্বত উলিওৱা হ'ব এক বৃহৎ ৰেলী। এই ৰেলীত কেইবাটাও বিৰোধী দলৰ নেতৃবৰ্গ উপস্থিত থকাৰ সম্ভাৱনা।

১১. ক্ৰমে স্বাস্থ্যৰ উন্নতি ঘটিছে বিজেপিৰ অধ্যক্ষ অমিত শ্বাহৰ। চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিলেে এই কথা।

১২. ডেৰাডুনত দ খাৱৈত পৰিল এম্বুলেঞ্চ। ৪ জন লোক আহত হোৱাৰ লগতে এটি শিশুৰ মৃত্যু।

১৩. 'বিজেপি হৈছে পাপীৰ দল। বিজেপিয়ে ৰাম মন্দিৰ নিৰ্মাণ নকৰে। যদি কংগ্ৰেছ শাসনলৈ আহে তেন্তে কংগ্ৰেছে ৰাম মন্দিৰ নিৰ্মাণ কৰি দেখুৱাব।'- এই মন্তব্য উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হৰীশ ৰাৱটৰ।

১৪. 'কৰ্ণাটকৰ জনতাৰ অভিশাপতে বেমাৰত পৰিছে অমিত শ্বাহ। কেৱল শ্বোৱাইন ফ্লু'ৱে নহয়, যদি কৰ্ণাটক চৰকাৰ ভংগৰ চেষ্টা কৰে তেন্তে তেওঁৰ বমি আৰু ডায়েৰিয়াও হ'ব।'- বৃহস্পতিবাৰে এই মন্তব্য কৰি অমিত শ্বাহক আক্ৰমণ কৰে কংগ্ৰেছ বিধায়ক বি কে হৰিপ্ৰসাদে।

১৫. 'বৰ্তমানলৈকে নেতাই নচুৱাইছিল কৃষকক। কিন্তু প্ৰথমবাৰৰ বাবে কৃষকে নচুৱালে নেতাক।'- এই মন্তব্য কৰিলে যোগেন্দ্ৰ যাদৱে।

১৬. শ্বাহজানজুৰত ঘন কুঁৱলীৰ বাবে ভয়ংকৰ পথ দুৰ্ঘটনা। দুই বাহনৰ সংঘৰ্ষত নিহত ৪ জন লোক।

১৭. উত্তৰ প্ৰদেশৰ অবৈধ খননৰ গোচৰত আইপিএছ বিশয়া বি চন্দ্ৰকলাৰ লগতে আন কেইবাগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে ইডিয়ে। শীঘ্ৰেই সোধপোছৰ বাবে অভিযুক্তসকলক চমন জাৰি কৰিব পাৰে ইডিয়ে।

১৮. 'কিছুমান লোকে ভাৱে তেওঁলোকে কেৱল শাসন কৰিবলৈহে জন্ম হৈছে।'- আমেৰিকাত চিকিৎসা কৰিবলৈ যোৱা বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে এইদৰে ৰাহুল গান্ধীক কৰিলে কটাক্ষ।

১৯. গুৰগাঁৱৰ বাদশ্বাহপুৰত এজন যুৱকে বলাৎকাৰ কৰিলে নাৱালিকাক। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত যুৱকজনক।

২০. দুটা সপ্তাহত দিল্লীত পথ দুৰ্ঘটনাত প্ৰাণ গ'ল ২১ জন লোকৰ। দিল্লী প্ৰশাসনে প্ৰকাশ কৰিছে এই তথ্য। ঘন কুঁৱলীৰ বাবেই দুৰ্ঘটনাৰ মাত্ৰা অধিক হোৱাৰ শংকা।

২১. ২৬ জুলাইত মুক্তি পাব হিন্দী 'চুপাৰ-৩০'। বিকাশ বেহেলে পৰিচালনা কৰা েই ছবিখনত অভিনয় কৰিছে হৃতিক ৰোশনে।

২২. বৃহস্পতিবাৰে দেহাৱসান ঘটে গোলাঘাট চানমাৰিৰ বিশিষ্ট সমাজসেৱক অতুল বৰতামুলীৰ। বৰতামুলীক কোচ ৰাজবংশীৰ তৰফৰ পৰা জনোৱা হয় শ্ৰদ্ধাঞ্জলী।

২৩. নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ১৮ জানুৱাৰীত অসম যুৱ পৰিষদ আৰু অসম গণ পৰিষদ মৰঙি ব্লক সমিতিৰ উদ্যোগত জোৰ সমদল।

২৪. ২৫ জানুৱাৰীত উত্তৰ প্ৰদেশত মেট্ৰ' ৰেল উদঘাটন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

২৫. 'মোডী হৈছে মিছা কথা কোৱাৰ এটা ফেক্টৰী।' -এই মন্তব্য কৰিলে তেজস্বী যাদৱে।