মুখ্য-পৃষ্ঠা

১ মিনিটত ২৫ খবৰ…

asomiyapratidin

১. নতুন ৰাজনৈতিক দললৈ শুভেচ্ছা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 'আছুয়ে এতিয়া ৰাজনীতিৰ জৰিয়তে সমাজৰ কাম কৰিবলৈ বিচাৰিছে। 'এয়া নিশ্চয় আদৰণীয় কথা, আমি শুভকামনা জনাইছো' ।

২. বিগত কেইবাদিনো ধৰি অচল হৈ পৰিছিল অ'লা-উবেৰ-ৰেপিড' সেৱা। অৱশেষত সকলো অচলাবস্থা দূৰ কৰি বুধবাৰে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ঘোষণা কৰিলে পুনৰ আৰম্ভ হ'ব অ'লা-উবেৰ-ৰেপিড' সেৱা।

৩. কামৰূপৰ শিঙিমাৰীত গঢ় লৈ উঠা বেলি ফুলৰ এখন বাগিচাই দৃষ্টি আকৰ্ষণ কৰিছে বহুতৰে। স্থানীয় অতুল বৰ্মন নামৰ কৃষকজনে ১৫ বিঘা মাটিত কৰিছে এই বেলি ফুলৰ খেতি।

৪. ডকাইতৰ দলে টাৰ্গেট কৰিছে এটাৰ পিছত আনটো SBIৰ এটিএম। শোণিতপুৰৰ ঠেলামৰাৰ পিছত কেতেকীবাৰীত ATM ভাঙি ডকাইতে লুটি নিলে প্ৰায় ২২ লাখ। 

৫. প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে লিখিব আত্মজীৱনী। পূৰ্বে টিনাদ মাছুদ আৰু ৱাছবিৰ হুছেইনে গগৈৰ ওপৰত লিখা জীৱনী গ্ৰন্থৰ বিপৰীতে এইবাৰ গগৈয়ে লিখিব এৰি অহা দিনবোৰৰ দস্তাবেজ।

৬. চীনত মহামাৰী ৰূপ লোৱা কৰ'না ভাইৰাছ ক্ৰমাত্‍ মধ্যপ্ৰাচ্য হৈ ইউৰোপলৈ বিয়পিছে। মৃতকৰ সংখ্যা হৈছেগৈ ২৭৭০ আৰু সমগ্ৰ বিশ্বতে আক্ৰান্ত হৈছে ৮০ হাজাৰ লোক। 

৭. অৱশেষত আৰক্ষীৰ জালত পৰিল ২০১৭ চনৰ পৰা পলাতক অৱস্থাত থকা গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদৰ প্ৰাক্তন অধ্যক্ষ গৌতম বৰুৱা।

৮. বিধায়ক তেৰছ গোৱালাই গুৱাহাটীৰ চানমাৰিত কৰ্তব্যৰত আৰক্ষীক মঙলবাৰে শাৰীৰিকভাৱে অপদস্থ কৰা কাৰ্যক ছিৰিয়াছ ঘটনা নহয় বুলি অভিহিত কৰিছে গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়ে।

৯. মঙলবাৰে নিশা যোৰহাটত চুৰিকাণ্ড। উপায়ুক্তৰ বাসগৃহৰ কাষতে লুটপাত। যোৰহাট ষ্টেডিয়ামৰ সমীপতে থকা ৮খন দোকানত চুৰি ।

১০. চাবুৱাত গুৱাহাটী অভিমুখী ৰাজধানী আৰু ট্ৰাকৰ সংঘৰ্ষ। এ এচ ০২ বি ৭৮১৬ নাম্বাৰৰ ট্ৰাকক মহটিয়ালে ৰাজধানী এক্সপ্ৰেছে ।

১১. কাজিৰঙালৈ আহিব ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ কেভিন পিটাৰছেন।অহা ২ মাৰ্চত গুৱাহাটীত উপস্থিত হ'বহি ক্ৰিকেটাৰজন। গুৱাহাটীত দুটা দিন কটাই ৪ মাৰ্চত উপস্থিত হ'ব কাজিৰঙাত।

১২. বিফল হ'ল NDFB একত্ৰিতকৰণৰ সকলো প্ৰচেষ্টা । NDFB(P)ৰ অধ্যক্ষ গোবিন্দ বসুমতাৰীৰ বিস্ফোৰক মন্তব্য।

১৩.  পুনৰ জামিন লাভত ব্যৰ্থ হ'ল ৰঞ্জন দৈমাৰী। NDFBৰ অধ্যক্ষ ৰঞ্জন দৈমাৰীৰ জামিন আবেদন নাকচ। গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিলে জামিন আবেদন ।

১৪. উত্তৰ-পূব দিল্লীত অব্যাহত উত্তপ্ত পৰিস্থিতি। বৰ্তমানলৈ ২৫জন লোকৰ মৃত্যু এই হিংসাত্মক ঘটনাত।

১৫. ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰিব কংগ্ৰেছ নেতাৰ এটা দলে। বৃহস্পতিবাৰে দিল্লীত সাক্ষাৎ কৰিব তেওঁক।

১৬. লক্ষ্ণৌত এটি কণমানি কন্যা শিশুক বলাৎকাৰ। ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ এজন ৩৫ বছৰীয়া ব্যক্তিক।

১৭. মাইক্ৰছফ্টৰ চি ই অ' সত্য নাডেলাই সাক্ষাৎ কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদক। দিল্লীত সাক্ষাৎ কৰে তেওঁক।

১৮. নিউজিলেণ্ডৰ উপ প্ৰধানমন্ত্ৰী উইনষ্টন পিটাৰে সাক্ষাৎ কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক। দিল্লীত সাক্ষাৎ কৰে তেওঁক।

১৯. চেন্নাই বিমান বন্দৰত গ্ৰেপ্তাৰ কৰা হয় এজন লোকক। প্ৰায় ৬৪ লাখ টকাৰ সোণসহ গ্ৰেপ্তাৰ কৰা হয় লোকজনক।

২০. উত্তৰ-পূব দিল্লীত বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব লগা চিবিএছইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা সমূহ স্থগিত ৰখা হৈছে। পৰীক্ষাৰ্থী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ নিৰাপত্তাৰ দিশত দৃষ্টি ৰাখি লোৱা হৈছে এই সিদ্ধান্ত।

২১. উত্তৰ-পূব দিল্লীৰ হিংসাত্মক ঘটনা সংঘটিত হোৱা স্থানত উপস্থিত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল। স্থানীয় লোকৰ সৈতে মত বিনিময় কৰে তেওঁ।

২২. দিল্লীত শান্তি সমদল বাহিৰ কৰা হয়। কংগ্ৰেছৰ নেতা-কৰ্মীয়ে বাহিৰ কৰে এই সমদল।

২৩. মুম্বাইৰ বৰিৱালীত গ্ৰেপ্তাৰ কৰা হয় ৫জন যুৱকক। এগৰাকী অটো চালকক প্ৰহাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ লোক কেইজনক।

২৪. ২৪ মাৰ্চত মুক্তি পাব নতুন হিন্দী ছবি সূৰ্যবংশী। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অক্ষয় কুমাৰে।

২৫. বাংলাগুৰুৰ ইনফেন্ট্ৰী ৰ'ডস্থিত এটা অট্টালিকাত সংঘটিত অগ্নিকাণ্ড। দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে নিৰ্বাপিত কৰে জুই।