মুখ্য-পৃষ্ঠা

১ মিনিটত ২৫ খবৰ

asomiyapratidin

১. মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমটোবৰ্ষ। ভাৰ্চুৱেল কাৰ্যসূচীৰ জৰিয়তে বিজেপিয়ে পালন কৰিলে প্ৰথমটো কাৰ্যকালৰ বৰ্ষ।

২. ৬জুনৰে পৰা এয়াৰ ইণ্ডিয়াৰ সকলো বিমান যাত্ৰাত যাত্ৰীৰ মাজত এখন আসন খালী ৰাখিবলৈ নিৰ্দেশ। উচ্চতম ন্যায়ালয়ে সোমবাৰে দিলে এই নিৰ্দেশ।

৩. পাকিস্তানৰ নতুন ষড়যন্ত্ৰ। জম্মু-কাশ্মীৰত সেনাই সোমবাৰে ধৰে চোৰাংচোৱা এটা পাৰ চৰাই।

৪. ভাৰত-নেপালৰ মাজত সম্বন্ধৰ অৱনতি। ভাৰতীয় স্থলসেনাৰ সেনাধ্যক্ষ মুকুন্দ নৰৱাৰেই নেপালক অপমান কৰাৰ অভিযোগ নেপালৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ।

৫. মহাৰাষ্ট্ৰ চৰকাৰে সোমবাৰে জাৰি কৰে নতুন গাইড লাইন। বিমানেৰে বহিঃৰাজ্যৰ পৰা যোৱাসকল ১৪দিনৰ কোৱাৰেন্টাইনত থকাটো বাধ্যতামূলক।

৬. বিহাৰত আবদ্ধ পুনেৰ পৰা অহা অসম অভিমুখী বিশেষ শ্ৰমিক ৰে'ল। দেওবাৰৰ পৰা বিহাৰত আবদ্ধ হৈ আছে ৰে'লখন।

৭. ৰাজ্য চৰকাৰে শ্ৰমিকক সংস্থাপন দিয়াৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিৱদ্ধ। এই মন্তব্য কৰিলে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।

৮. ঈদত প্ৰথমবাৰলৈ অনুষ্ঠিত নহ'ল সমূহীয়া নামাজ। সোমবাৰে ঘৰে ঘৰে নামাজ আদায় কৰিছে মুছলমান লোকসকলে।

৯. দিল্লী-গাজিয়াবাদ সীমান্ত সম্পূৰ্ণ কৰা হৈছে ছীলড। স্বাস্থ্য বিভাগৰ ৰিৰ্পটৰ পাছত প্ৰশাসনে লয় এই সিদ্ধান্ত।

১০. উত্তৰাখণ্ডত সোমবাৰে ৪০গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনা। আক্ৰান্তৰ সংখ্যা ৩৫৭লৈ বৃদ্ধি।

১১. হিমাচল প্ৰদেশত বৃক্ক ৰোগত আক্ৰান্ত হৈ থকা দুগৰাকী মহিলাৰ সোমবাৰে মৃত্যু হয়। মৃত্যুৰ সংখ্যা হিমাচলত ৫লৈ বৃদ্ধি।

১২. হিমাচলত ৩১ মেৰ লৈকে অব্যাহত থাকিব সান্ধ্য আইন। সোমবাৰে প্ৰশাসনে কৰিলে এই ঘোষণা।

১৩. জম্মু-কাশ্মীৰৰ সৈনিক-সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ। দুই সন্ত্ৰাসবাদী নিহত।

১৪. বিশ্বনাথৰ দুখনকৈ গাঁৱত এটা প্ৰকাণ্ড ঢেকীয়াপতীয়াৰ ত্ৰাস। ঢেকীয়াপতীয়াৰ আক্ৰমণত ধৰাশায়ী হ'ল এজন লোক।

১৫. কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ পৰিয়ালে লাভ কৰিব ৪লাখ টকাৰ সাহায্য। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে সোমবাৰে কৰিলে এই ঘোষণা।

১৬. ৰহাত সোমবাৰে সন্ধিয়া সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। ৰহাৰ খাইগড়ৰত ৩৭নং ৰাষ্ট্ৰীয় পথৰ ওপৰত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাটোত নিহত হয় এজন লোক।

১৭. সনাতন ডেকা আৰু পৰাগজ্যোতি নেওগৰ পৰিয়াললৈ ২ লাখ টকাকৈ দিব ৰাজ্য চৰকাৰে। এককালীন সাহায্য প্ৰদানৰ কথা ঘোষণা মুখ্যমন্ত্ৰী সোণোৱালৰ।

১৮. ৰাজ্যত ক্ৰমান্বয়ে ভয়াৱহ ৰূপ লৈছে কোৰোনাৰ সংক্ৰমণে। সোমবাৰৰ দিনটোতে কোৰোনাত আক্ৰান্ত ১৪৭।

১৯. কোৰোনাই সৰ্বাধিক আক্ৰমণ কৰা বিশ্বৰ ১০দেশৰ তালিকাত সোমাল ভাৰত। বৰ্তমানলৈ ১.৪১লাখৰো অধিক লোক আক্ৰান্ত।

২০. কামৰূপ জিলাৰ হাজোত সনাতন ডেকা নামৰ লোকজনক নৃশংসভাৱে হত্যা কৰা ঘটনাক লৈ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। দেওবাৰে নিশা সনাতন ডেকাৰ হত্যাকাণ্ডত জড়িত ফাইজুল হক আৰু ইউচুব আলীক গ্ৰেপ্তাৰ কৰাৰ পাছত সোমবাৰে গ্ৰেপ্তাৰ হ'ল আব্দুল জলিল।

২১. চাবুৱাত পৰাগজ্যোতি নেওগ নামৰ লোক এজনক নৃশংসভাৱে হানি-খুচি হত্যা। লোমহৰ্ষক হত্যাকাণ্ডত জড়িত কেবাজনো লোকক কৰা হৈছে গ্ৰেপ্তাৰ।

২২. নিজামুদ্দিন মাৰ্কাজৰ ঘটনা। মৌলানাৰ লগতে দুৰঃসম্পৰ্কীয় সকলো লোকৰ পাছপৰ্ট কেনচেল কৰিছে চৰকাৰে।

২৩. দেশৰ এগৰাকী তাৰকা নাইকিয়া হল। প্ৰাক্তন হকী খেলুৱৈ বলবীৰ সিঙৰ মৃত্যুত এইদৰে শোক প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

২৪. ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতিয়ে।ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতিয়ে। সোমবাৰেও পানীত ডুবিল বিভিন্ন অঞ্চল।

২৫. 'হাজোৰ মনাহকুছিৰ ঘটনাক সাম্প্ৰদায়িক ৰূপ দিয়া হৈছে।' সনাতন ডেকা হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষী সঞ্চালকপ্ৰধান ভাষ্কৰজ্যোতি মহন্তৰ প্ৰতিক্ৰিয়া।