মুখ্য-পৃষ্ঠা

১ মিনিটত ২৫ খবৰ…

asomiyapratidin

১. ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ বাবে সাজু হৈছে সমগ্ৰ দেশবাসী। বুধবাৰে স্বাধীনতা দিৱস উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে সজাই পৰাই তোলা হৈছে দিল্লীৰ বিজয় চ'ক।


দিল্লীৰ বিজয় চ'ক

২. স্বাধীনতা দিৱসত পুৱা ৭ বজাত ৰাজঘাটত মহাত্মা গান্ধীৰ সমাধিস্থল শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে। আৰু ৭.৩০ বজাত লালকিল্লাত উপস্থিত হ'ব।

৩. উত্তৰাখণ্ডৰ তেহৰী গৰ্হালত কিছুদিন পূৰ্বে সংঘটিত দুৰ্ঘটনাত আহত সকললৈ আৰ্থিক সাহায্য ঘোষণা প্ৰধানমন্ত্ৰী মোডীৰ। আহত সকলৰ পৰিয়ালক প্ৰদান কৰা হ'ব ৫০ হাজাৰ টকাকৈ।

৪. কেৰালাত বানৰ কৱলত যোৱা ৮ আগষ্টলৈকে মৃত্যুক সাৱটিলে ১০২জন লোকক। লগতে গুৰুতৰভাৱে আহত হৈছে ৩৫জনকৈ লোক।

৫. কংগ্ৰেছ নেত্ৰী উৰ্মিলা মাতোণ্ডকাৰে বুধবাৰে সাক্ষাৎ কৰে এন চি পি মুৰব্বী শৰদ পাৱাৰক। মহাৰাষ্ট্ৰৰ কোলহাপুৰত সাক্ষাৎ কৰে তেওঁক।

গুৱাহাটী উচ্চ ন্যায়ালয়

৬. কৰ্ণাটকৰ কনাকাপুৰাত উপস্থিত প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী তথা কংগ্ৰেছ নেতা ডি কে শিবাকুমাৰ। বন্যাৰ্তসকলৰ পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত হয় কনাকাপুৰাত।

৭. কৰ্ণাটকত বানৰ সংহাৰ ৰূপ অব্যাহত। ১৪ আগষ্টলৈ ৰাজ্যখনত বানৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৬১জনলৈ বৃদ্ধি। ইফালে, সন্ধানহীন ১৪জনকৈ লোক।

৮. ৰাজস্থানৰ ভীলৱাৰাত জব্দ প্ৰায় ৮৫৫ কেজি ওজনৰ অবৈধ পপ্পী ষ্ট্ৰ'। নাৰ্কটিকছ কন্ট্ৰল ব্যুৰই চলোৱা অভিযানত জব্দ হয় এই পপ্পী ষ্ট্ৰ'খিনি।

মুম্বাই শিৱাজী ৰেল ষ্টেচন

৯.কৰ্ণাটকৰ কোডাগু, চিক্কামাগালুৰু আৰু শিৱামোগ্গাত আগন্তুক ২৪ ঘণ্টাত ধাৰাসাৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই জনাই এই কথা।

১০.ছিমলাত তিবেটান ৱ'মেনছ এছ'চিয়েশ্যন মিলিত হয় হিমাচলপ্ৰদেশৰ মুখ্যমন্ত্ৰী জয় ৰাম ঠাকুৰৰ সৈতে। ৰাখি বন্ধন উপলক্ষে মিলিত হয় তেওঁলোক।

১১. ৰাজস্থানৰ বিভিন্ন প্ৰান্তত বৃষ্টিপাত অব্যাহত। বাঢ়নী পানীৰ ফলত ৰাজ্যখনৰ বানছৱাৰাৰ মাহী বান্ধৰ ১৬খনকৈ গেট খুলি দিয়া হয়।

১২. ওড়িশ্যাৰ কালাহান্দী আৰু বালাংগীৰত বন্যাৰ্তক খাদ্য-খোৱাপানী যোগান। ৰেড ক্ৰছ ছ'চাইটিৰ কৰ্মকৰ্তাসকলে প্ৰদান কৰে খাদ্যসমূহ।

উৰিষ্যা সচিবালয়

১৩. টিএমচি বিধায়ক সোভান চেতাৰ্জীয়ে সাক্ষাৎ কৰে বিজেপি কাৰ্যবাহী সম্পাদক জে পি নড্ডাক। বুধবাৰে পুৱা ভাগত বিজেপিত যোগদান কৰে চেতাৰ্জীয়ে।

১৪. পশ্চিমবংগৰ এছাঞ্চলত আৰক্ষীয়ে এগৰাকী মহিলাসহ গ্ৰেপ্তাৰ কৰে ৬জনক। এগৰাকী যুৱতীক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে অভিযুক্ত ৬জনক।

১৫. গুৰদাসপুৰৰ সাংসদ ছানী দেউল বুধবাৰে উপস্থিত হয় নাগপুৰস্থিত আৰ এছ এছৰ মুখ্য কাৰ্যালয়ত। ছানী দেউলৰ সৈতে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী।

১৬. কেন্দ্ৰীয় গৃহ মন্ত্ৰী ১৬ আগষ্টত উপস্থিত হ'ব হাৰিয়ানাৰ জিন্দত। এক জনসমদলত অংশ ল'ব কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে।

পঞ্জাৱৰ আটাৰী বৰ্ডাৰ

১৭. চিআৰপিএফৰ ডেপুটি কমাণ্ডেন্ট হৰ্ষপাল সিঙক কীৰ্তি চক্ৰ বঁটাৰে সন্মানীত কৰা হয়। জম্মু-কাশ্মীৰত জেইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা অভিযানৰ বাবে তেওঁক প্ৰদান কৰা হয় এই বঁটা।

১৮. হিমাচলপ্ৰদেশৰ পগল নালাত ধাৰাসাৰ বৃষ্টিপাতৰ ফলত পথত আৱদ্ধ যান-বাহন। ভীষণ অসুবিধাৰ সন্মুখীন হয় সৰ্বসাধাৰণ ৰাইজ।

১৯. গুজৰাটৰ ভাডোদাৰাত উদ্ধাৰ এটা ঘৰিয়াল। বন বিভাগৰ লোকে ঘৰিয়ালটো উদ্ধাৰ কৰি এৰি দিয়ে নিৰাপদ স্থানত।

২০. বুধবাৰে দিনৰ প্ৰায় ১.৪৪ বজাত ইষ্টাৰ্ণ ছিজাং-ভাৰত সীমান্ত কঁপাই যায় ভূমিকম্পই। ৪.৬ প্ৰাবল্যৰ ভূমিকম্পই কঁপাই যায় ইষ্টাৰ্ণ ছিজাং-ভাৰত সীমান্ত।

ভুপালৰ ৰাজভৱন

২১. জেইছালমেৰলৈ ৰাওনা হ'ব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। ১৬ আগষ্টত ৰাজস্থানৰ জেইছালমেৰত উপস্থিত হ'ব প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী।

২২. ছত্তীশগড়ৰ তিনিজন আৰক্ষী জোৱানক নিলম্বন। কিছুদিন পূৰ্বে এগৰাকী কিশোৰক হাৰাশাস্তি কৰাৰ পাছত নিলম্বন কৰা হয় আৰক্ষী জোৱান তিনিজনক।

২৩. কেৰালাত বানৰ ফলত নিহত লোকৰ পৰিয়াললৈ ৪ লাখ টকাকৈ সাহায্য প্ৰদান ঘোষণা। কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজায়ানে কৰে এই মন্তব্য।

২৪. ১৫ আগষ্টত মুক্তি পাব নতুন হিন্দী ছবি 'মংগল মিছন'। ছবিখনত অভিনয় কৰিছে অভিনেতা অক্ষয় কুমাৰ, অভিনেত্ৰী বিদ্যা বালন, সোনাক্ষী সিংহাকে ধৰি বহু কেইগৰাকী অভিনেতা-অভিনেত্ৰীয়ে।

২৫. মহাৰাষ্ট্ৰৰ কুৰকুম্ভ এন আই ডি চি এলেকাত সংঘটিত অগ্নিকাণ্ড। অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপিত কৰে জুই। বৰ্তমানলৈ কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই।