মুখ্য-পৃষ্ঠা

১ মিনিটত ২৫ খবৰ

asomiyapratidin

১. নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বৰ্তমানেও অশান্ত ৰাজ্য। বিভিন্ন প্ৰান্তত অজস্ৰ লোকে শুকুৰবাৰেও সাব্যস্ত কৰে প্ৰতিবাদ।

২. ৰাহুল গান্ধীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগত অভিযোগ দাখিল কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ। ৰাহুল গান্ধীৰ 'ৰেপ ইন ইণ্ডিয়া' মন্তব্যই নাৰীক অপমান কৰাৰ অভিযোগ।

৩. ২ অধ্যাপকৰ বিৰুদ্ধে প্ৰতিবাদত বহিল ভূপালৰ এমচিএনইউজেচিৰ ছাত্ৰ ছাত্ৰী। অধ্যাপক দুজনৰ বিৰুদ্ধে ধৰ্মৰ নামত শ্ৰেণী বিভাজনৰ অভিযোগ।

৪. গুৱাহাটীত চলি আছে সান্ধ্য আইন। যাৰ সুযোগ লৈ দাম বৃদ্ধি কৰা হৈছে বিভিন্ন সামগ্ৰীৰ।

৫. শুকুৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিএছএফৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰে। আলোচনাত মিলিত হয় তেওঁ।

৬. সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে অসমবাসীৰ আন্দোলন অব্যাহত থাকিব। শুকুৰবাৰে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে কৰে এই মন্তব্য।

৭. জম্মু কাশ্মীৰত পাক সেনাৰ গুলীত আহত দুই ভাৰতীয় সেনাৰ জোৱান। শুকুৰবাৰে ৰাজৌৰি চেক্টৰত যুদ্ধ বিৰতি উলংঘন কৰি গুলীবৰ্ষণ কৰিছিল পাক সেনাই।

৮. উত্তৰাখণ্ডত প্ৰৱল বৰষুণৰ বাবে শুকুৰবাৰে বন্ধ থাকিব সকলো চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান। ৰাজ্যখনৰ চৰকাৰে কৰিলে ঘোষণা।

৯. গুৱাহাটীৰ জিএছ ৰোডৰ এপ'ল' হাস্পতালত আইচিইউত সোমাল গুলী। প্ৰতিবাদকাৰীলৈ লক্ষ্য কৰি চলোৱা গুলী সোমালগৈ আইচিইউত।

১০. জাপানৰ প্ৰধানমন্ত্ৰী ছিনঝ' আবে আৰু প্ৰধানমন্ত্ৰী মোডীৰ মাজত গুৱাহাটীত অনুষ্ঠিতব্য বৈঠক সাময়িকভাৱে বাতিল। নাগৰিকত্ব সংশোধনী আইনক লৈ সৃষ্টি হোৱা প্ৰতিবাদৰ বাবে তেওঁলোকৰ বৈঠক বাতিল কৰা হৈছে।

১১. জানুৱাৰীলৈ পিছুৱাই দিয়া হ'ল কটন বিশ্ববিদ্যালয়ৰ কেইবাটাও পৰীক্ষা। পিছুওৱা হৈছে উঃ মাঃৰ প্ৰাক চূড়ান্ত, স্নাতক ১ম, ৩য় ষান্মাষিক, স্নাতকোত্তৰ ১ম আৰু ৩য় ষান্মাষিক, এমচিএৰ প্ৰথম, তৃতীয়, পঞ্চম ষান্মাষিকৰ পৰীক্ষাও।

১২. ডিব্ৰুগড়ত বাহনত অগ্নিসংযোগ প্ৰতিবাদকাৰীৰ। বিশ্ববিদ্যালয়ৰ সমীপতে সংঘটিত হৈছে এই ঘটনা।

১৩. গুৱাহাটীত জৰুৰীকালীন নিয়ন্ত্ৰণ কক্ষ মুকলি প্ৰশাসনৰ। উপায়ুক্তৰ কাৰ্যালয়ত মুকলি কৰা নিয়ন্ত্ৰণ কক্ষৰ টোল ফ্ৰী নম্বৰ 0361-2733052, 8255095829, 1077।

১৪. মুক্তিৰ পূৰ্বে বিতৰ্কত কাগজ অভিনীত 'তানাজী'। সত্য কাহিনীৰ আধাৰত নিৰ্মিত ছবিখনত পৰিচালকে মাৰাঠী যোদ্ধা তানাজী মালোসাৰে প্ৰকৃত বংশ গোপন কৰি ৰখাৰ অভিযোগ অখিল ভাৰতীয় ক্ষত্ৰীয় কোলি ৰাজপুত সংঘৰ।

১৫. ডিএমকে নেতা উদয় নিধি ষ্টালিনৰ বিৰুদ্ধে চেন্নাইৰ এখন আৰক্ষী থানাত গোচৰ ৰুজু। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কালত আইনখনৰ প্ৰতিলিপি ফালি পেলোৱাৰ অভিযোগ।

১৬. শ্ৰী মন্ত শংকৰদেৱ সংঘই আৰম্ভ কৰিছে নাগৰিকত্ব আইনৰ বিৰুদ্ধে আন্দোলন। গোলাঘাটত শুকুৰবাৰে ৰাজপথত সমদল কৰি সাব্যস্ত কৰে প্ৰতিবাদ।

১৭. অতুল বৰা আৰু কেশৱ মহন্তই বিশ্বাসঘাতক কৰিছে। এই মন্তব্য কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্রফুল্ল কুমাৰ মহন্তই।

১৮. ৰাজ্যসভা আৰু লোকসভাৰ সাংসদসকলক নিজৰ নিজৰ সমষ্টিৰ হিন্দু, শিখ, বৌদ্ধ আৰু খ্ৰীষ্টিয়ান শৰণাৰ্থীসকলক নাগৰিকত্ব সংশোধনী আইনৰ বিষয়ে জনাবলৈ আহ্বান বিজেপিৰ কাৰ্যকৰী সভাপতি জে পি নাড্ডাৰ।

১৯. নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰিবলৈ ৰাজ্যচৰকাৰৰ অনুমতি প্ৰয়োজন নহয়। কেন্দ্ৰীয় চৰকাৰৰ এক সূত্ৰই সদৰি কৰিলে এই কথা।

২০. মেট্ৰ'ৰে যাত্ৰা কৰি ৰাজভৱনত উপস্থিত হ'ল উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দবেন পেটেল। এই যাত্ৰাত তেওঁক সংগ দিয়ে মেট্ৰ' ৰে'ল সেৱাৰ পৰিচালন সঞ্চালক কুমাৰ কেশৱৰ লগতে আন কেবাগৰাকী শীৰ্ষ বিষয়াই।

২১. অসমৰ সমান্তৰালকৈ দিল্লীতো নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ দাবী। কেবা শ অসমবাসীয়ে শুকুৰবাৰে দিল্লীত সাব্যস্ত কৰে প্ৰতিবাদ।

২২. নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ। দিল্লীত সাব্যস্ত কৰে প্ৰতিবাদ।

২৩. 'নিজৰ জীৱন বিপন্ন কৰি আজি ৰাইজ ওলাই আহিছে। কেব উঠাই লওঁক।' শুকুৰবাৰে চানমাৰিত গণ অনশনত উপস্থিত হৈ কণ্ঠশিল্পী সুদক্ষিণা শৰ্মাই কৰে এই মন্তব্য।

২৪. শুকুৰবাৰে ঝাৰখণ্ড ভ্ৰমন কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে। ঝাৰখণ্ডৰ কেবা স্থানত তেওঁ অংশ ল'ব জনসভাত।

২৫. বিৰাট কোহলীৰ প্ৰশংসাত পঞ্চমুখ হ'ল ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰ পোলাৰ্ড। বিৰাট কোহলীক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰ আখ্যা।