মুখ্য-পৃষ্ঠা

১ মিনিটত ২৫ খবৰ

asomiyapratidin

১. গুজৰাটত প্ৰচণ্ড বৰষুণে চিন্তাত পেলাইছে সাধাৰণ লোকক। ১৩ জুনত ঘূৰ্ণিবতাহ বায়ু অহাৰ সম্ভাৱনা থকাৰ সময়তে অহা প্ৰচণ্ড বৰষুণক লৈ চিন্তিত সাধাৰণ ৰাইজ।

২. পশ্চিম বংগত বিজেপি কৰ্মীক হত্যা কৰাৰ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ৰ মন্তব্য। 'খোদ মুখ্যমন্ত্ৰীয়ে ৰাজ্যত দলৰ কাৰ্যকৰ্তাৰ লগতে আৰক্ষীৰ সহায়েৰে উত্তেজনা বিয়পাইছে।'

৩. সদ্য আঘাতপ্ৰাপ্ত খেলুৱৈ শিখৰ ধাৱান থাকিব ইংলেণ্ডতে। দেশখনতে ধাৱানৰ চিকিৎসাৰ নিৰীক্ষণ কৰিব বি চি চি আইয়ে।

৪. ঘূৰ্ণিবতাহ বায়ুক লৈ চিন্তিত গুজৰাট চৰকাৰ। মুখ্যমন্ত্ৰী বিজয় ৰুপানীয়ে বাতিল কৰিছে ৩ দিনীয়াকৈ অনুষ্ঠিত কৰিবলৈ লোৱা ছালা প্ৰৱেশোৎসৱ। ১০ জিলাত ১৩ আৰু ১৪ জুনত বিদ্যালয়-মহাবিদ্যালয় বন্ধ ঘোষণা।

৫. শ্বুলিন গ্ৰেণ্ডৰ কৰ্মচাৰীয়ে Da Vue নামৰ ৰেষ্টুৰেণ্টত সুৰা যোগান ধৰাৰ অভিযোগ। বাতিল হ'ল শ্বুলিন গ্ৰেণ্ডৰ আবকাৰী অনুজ্ঞাপত্ৰ।

৬. গুৱাহাটী চিকিৎসা মহাবিদ্যালয় যুৱতীৰ শ্লীলতা হানি কৰাৰ অভিযোগ। গ্ৰেপ্তাৰ হ'ল কৰ্মচাৰী গৌতম মেধি।

৭. অন্ধ্ৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত টি ডি পি দলে অমৰাৱতীত মঙলবাৰে এন চন্দ্ৰবাবু নাইডুৰ বাসগৃহত বৈঠকত বহে। সভাত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

৭. হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ সূচী ঘোষণা। ১ জুলাইৰ পৰা ৬ জুলাইলৈকে কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা জনালে ছেবাই।

৮. এ পি এছ চিৰ কেলেংকাৰীৰ অন্যতম অভিযুক্ত প্ৰায় ডেৰ বছৰ ধৰি পলাতক হৈ থকা ৰাকেশ গুপ্তাৰ জামিন আবেদন মঞ্জুৰ। ৩ মাহ পূৰ্বে আত্মসমৰ্পণ কৰা ৰাকেশ গুপ্তাৰ জামিন মঞ্জুৰ কৰিলে বিশেষ ন্যায়াধীশৰ আদালতে।

৯. হাইলাকান্দিত অঘটন। সাংসদ কৃপানাথ মাল্লাৰ ৰোড শ্ব'ৰ মাজতে মাল্লাই যাত্ৰা কৰা জীপ গাড়ীত খুন্দিয়াই নিজৰে কনভয়ৰ স্কৰপিঅ' বাহনে।

১০. ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰাৰ অভিযোগত ৰঙাঘৰত সোমাল কৃষক মুক্তিৰ সদস্য। সদস্যজনৰ নাম মটিন চৌধুৰী।

১১. কৰিমগঞ্জৰ নিলাম বজাৰত হিংসাত্মক ঘটনা। দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আক্ৰমণ কৰি নৃশংসভাৱে হত্যা কৰিলে আজাহাৰ উদ্দিন নামৰ এজন লোকক।

১২. ছয়গাঁৱৰ আচলপাৰাৰ ঘটনাক কেন্দ্ৰ কৰি গ্ৰেপ্তাৰ হৈছে মুঠ ৫জন লোক। সোমবাৰে নিশা গ্ৰেপ্তাৰ হয় আতিকুল ইছলাম নামৰ আন এজন যুৱক।

১৩. বুধবাৰে পুনৰ নীল-অভিৰ হত্যাকাণ্ডৰ তদন্তকাৰী আৰক্ষীয়ে জেৰা চলাব ভাষ্য সলনি কৰা সাক্ষী নোম বসুমতাৰীক। মঙলবাৰে নগাঁও ছেছন আদালতৰ পূৰ্বৰ ৰায় বাহাল ৰাখি জেৰাৰ নিৰ্দেশ দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

১৪. থাইলেণ্ডত অনুষ্ঠিত বিশ্ব মুৱাইথাই চেম্পিয়নশ্বিপত অংশ লোৱাৰ বাবে প্ৰস্তুতি চলাইছে জাগুনৰ ৰীতা তামাং নামৰ এগৰাকী খেলুৱৈয়ে। ছাত্ৰীগৰাকীক বিদেশত খেলিবৰ বাবে লাগে সুহৃদসকলৰ সহায়।

১৫. প্ৰাক্তন অ-সামৰিক বিমান পৰিৱহন মন্ত্ৰী প্ৰফুল পেটেলক ই ডিৰ তলৱ। বুধবাৰে এয়াৰলাইন চিট শ্বেয়াৰিং প্ৰসংগত জেৰা চলাব প্ৰাক্তন মন্ত্ৰীগৰাকীক।

১৬. উষ্ণতা বৃদ্ধি কেন্দ্ৰ কৰি চিন্তিত হিমাচল প্ৰদেশ চৰকাৰ। ১২ৰ পৰা ১৫ জুনৰ লৈকে সকলো চৰকাৰী বিদ্যালয়ত শ্ৰেণী পুৱা ৮ বজাত আৰম্ভ হৈ বিদ্যালয় ছুটি দিব দুপৰীয়া ১.৩০ বজাত।

১৭. বায়ুসেনাৰ এ এন ৩২ বিমান ধ্বংসাৱশেষ উদ্ধাৰ হোৱা স্থানত বুধবাৰে বায়ুসেনাই চলাব বিচাৰ অভিযান। ১৩ জন লোকৰ সন্ধান বিচাৰিও এই অভিযান চলাব বায়ু সেনাই।

১৮. প্ৰাক্তন ভাৰতীয় প্ৰশাসনীক বিষয়া ডঃ নৃপেন্দ্ৰ মিশ্ৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মূখ্য সচিব হিচাপে নিযুক্তি। ৩১ মে'ৰ পৰা কাৰ্যকাৰী হোৱাকৈ বিষয়া গৰাকীক নিযুক্তি দিছে কেবিনেটৰ নিযুক্তি কমিটিয়ে।

১৯. থাৱাৰ চান্দ গেহলটক নিযুক্তি দিয়া হৈছে ৰাজ্যসভাৰ নেতা হিচাপে। অসংখ্য শুভাকাংক্ষীৰ শুভেচ্ছা গেহলটক।

২০. অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ কাম-কাজত অসন্তুষ্ট কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী। মঙলবাৰে অসমলৈ অহাৰ পিছতে প্ৰকাশ পাইছে এই কথা।

২১. ৰাজ্যত বিনামূলীয়া হ'ব কিডনীৰ পৰীক্ষা। দিছপুৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত কৰে এই ঘোষণা।

২২. গোলকগঞ্জৰ ঝাপুছাবাৰীত যুৱকৰ আক্ৰমণত এটা পৰিয়ালৰ ৩ জন আহত। ফুলজাৰ ইছলামৰ আক্ৰমণত আহত সম্পদ বাসাক, বনমালী বাসাকৰ লগতে আন এজন।

২৩. মহাৰাষ্ট্রত ৰহস্যজনক অৱস্থাত উদ্ধাৰ যোৰহাটৰ সঞ্জীৱ দত্ত নামৰ যুৱকৰ মৃতদেহ। ৪ জুনত কৰ্ম সংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ যোৱা সঞ্জীৱৰ ঘৰ যোৰহাটৰ লাহোৱাল ভিতৰুৱালত।

২৪. লেন্স নায়ক মহম্মদ যাৱেদক মঙলবাৰে শেষ শ্ৰদ্ধাঞ্জলী জনায় কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। তেওঁৰ লগত উপস্থিত থাকে সেনা প্ৰধান বিপিন ৰাৱট।

২৫. ১৬ জুনত হ'ব লগা ভাৰত আৰু পাকিস্তানৰ বিশ্বকাপ ক্ৰিকেটক লৈ পাকিস্তানৰ টেলিভিচনত উইং কমাণ্ডাৰ অভিনন্দন বৰ্ধমানৰ কথন শৈলীৰে বিজ্ঞাপন। দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।