মুখ্য-পৃষ্ঠা

১ মিনিটত ২৫ খবৰ

asomiyapratidin

১. হ্ৰাস পালে সোণ- ৰূপৰ  মূল্য। শুকুৰবাৰে প্ৰতি ১০ গ্ৰাম সোণত হ্ৰাস পালে ৪০ টকা। ইয়াৰ বিপৰীতে প্ৰতি কিলো ৰূপত হ্ৰাস পালে ৬০ টকা।

২. উত্তৰ প্ৰদেশৰ লখনৌত কেইবা কিলোগ্ৰাম বিস্ফোৰক পদাৰ্থৰ সৈতে গ্ৰেপ্তাৰ হয় ২জন লোক। লখনৌ আৰক্ষীৰ নিয়মীয়া তালাচীত উদ্ধাৰ হয় বিস্ফোৰকখিনি।

৩. শুকুৰবাৰে জয়পুৰত বিদ্যুতস্পৃষ্ট হৈ মৃত্যু হয় এটি শিশুটোৰ। চিকিতসালয়লৈ নিয়া পথত মৃত্যু হয় শিশুটোৰ।

৪. লুথিয়ানাত শুকুৰবাৰে উদ্ধাৰ হয় এজনী ১২ বছৰীয়া কিশোৰীৰ মৃতদেহ। দুবৃৰ্ত্তৰ সন্ধানত আৰক্ষীৰ তদন্ত আৰম্ভ।.

৫. বৰাকৰ বিজেপি নেতা প্ৰদীপ দত্ত ৰায়ৰ মন্তব্যক কেন্দ্ৰ কৰি ৰাজ্যত শুকুৰবাৰে ৰুজু হয় কেইবাটাও গোচৰ।শীঘ্ৰে নেতাজনক গ্ৰেপ্তাৰ কৰাৰ দাবী বহুলোকৰ।

৬. উত্তৰ প্ৰদেশৰ চবিয়া থানাৰ অন্তৰ্গত চেপলা গাৱঁত শুকুৰবাৰে বনবিভাগে উদ্ধাৰ কৰে ৩২৭টা দুস্প্ৰাপ্য প্ৰজাতিৰ কাছ। ৪জনক গ্ৰেপ্তাৰ।

৭. অন্ধ্ৰপ্ৰদেশ চৰকাৰে শুকুৰবাৰে গ্ৰহণ কৰে এক নতুন সিদ্ধান্ত। ৰাজ্যখনত বৃদ্ধ পেঞ্চনৰ পৰিমাণ ১০০০ টকাৰ পৰা কৰা হ'ল ২০০০ টকা।

৮.  মহানগৰীৰ  নাৰেংগীৰ সেনা শিবিৰৰ পাহাৰত খৰি কাটিবলৈ গৈ বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ'ল এগৰাকী মহিলাৰ। মৃত মহিলাগৰাকী আমছিং যোৰাবাটৰ মইনা কলিতা।

৯. ডেৰাডুনত ভয়ংকৰ পথ দুৰ্ঘটনা। দঁ খাৱৈত পৰিল বাহন। থিতাতে নিহত ৩।

১০. শুকুৰবাৰে মেঘালয় কেবিনেটে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোদ্ধে গ্ৰহণ কৰিলে প্ৰস্তাৱ। বিজেপি বিধায়কেও কেবিনেটৰ এই সিদ্ধান্তত দিলে সমৰ্থন।

১১. জম্মু-কাশ্মীৰৰ শ্ৰী নগৰত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ। সংঘৰ্ষত হতাহত হোৱা নাই কোনো লোক।

১২. ৰাজনৈতিক লাভালাভৰ বাবে চি বি আ্ৰইক ব্যৱহাৰ কৰিছে কেন্দ্ৰীয় চৰকাৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৰিলে এই মন্তব্য।

১৩. 'জম্মু- কাশ্মীৰ বিধানসভাৰ নিৰ্বাচনৰ বাবে সাজু আছো আমি।' এই মন্তব্য কৰে জম্মু- কাশ্মীৰৰ ৰাজ্যপাল সত্যপাল মালিকে।

১৪. সাংবাদিকক হত্য কৰাৰ অপৰাধত শুকুৰবাৰে বিশেষ আদালতে দোষী সাব্যস্ত কৰে গুমীত ৰাম ৰহিমক। ১৭ জানুৱাৰীত আদালতে ঘোষণা কৰিব শাস্তি।

১৫. 'আমি অতি সোনকালে ৰাম মন্দিৰ নিৰ্মাণ হোৱাটো বিচাৰো।' বিজেপিৰ অধ্যক্ষ অমিত শ্বাহে কৰিলে এই মন্তব্য।

১৬. আজি ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ ৰাহুল দ্ৰাবিড়ৰ ৪৬ সংখ্যক জন্মদিন। ক্ৰিকেটাৰ জনক ছ'চিয়েল মিডিয়াত লাখ লাখ অনুৰাগীয়ে জনালে শুভকামনা।.

১৭. অসম চুক্তি প্ৰসংগত কেন্দ্ৰীয় চৰকাৰে লোৱা পদক্ষেপত অসন্তুষ্টি প্ৰকাশ। শুকুৰবাৰে প্ৰখ্যাত সাহিত্যিক ড০ নগেন শইকীয়াই অসন্তুষ্টি প্ৰকাশ কৰি কেন্দ্ৰীয় যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গলৈ প্ৰেৰণ কৰিলে পত্ৰ।

১৮. ট্ৰাইবেল সংঘ আৰু জনজাতি সমন্বয়ৰক্ষী সমিতিৰ বন্ধত ৰাজ্যৰ বহু ঠাইত পৰা দেখা যায় প্ৰভাৱ। বন্ধৰ নামত ৰাজপথত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰে একাংশ লোকে।

১৯. লখনৌত শুকুৰবাৰে আৰক্ষীৰ নিয়মীয়া তালাচীত এখন বাহনৰ পৰা উদ্ধাৰ হয় এটা মৃতদেহ। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গাড়ী চালকক।

২০. আগ্ৰাত বৃহস্পতিবাৰে নিশা এজন যুৱকক গুলীয়াই হত্যা। সতীৰ্থই গুলীয়াই হত্যা কৰাৰ সন্দেহ আৰক্ষীৰ।

২১. সগৌৰৱেৰে ছবিগৃহত চলি আছে হিন্দী ছবি 'চিম্বা'। শুকুৰবাৰৰ লৈকে ছবিখনে উপাৰ্জন কৰিছে মুঠ ৭০ কোটি টকা।

২২. ভূপালত তীব্ৰ বেগী বাহনে মহটিয়ালে স্কুলীয়া ছাত্ৰক। হাস্পতাললৈ নিয়াৰ পথতে মৃত্যু হয় ছাত্ৰ গৰাকীৰ।

২৩. শনিবাৰে অনুষ্ঠিত হ'ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত হ'বলগীয়া প্ৰথমখন এদিনীয়া। চিডনীত অনুষ্ঠিত হ'ব খেলখন।

২৪. নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ। শুকুৰবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিধেয়কৰ বিৰোধীতাৰে বহুলোকে সাব্যস্ত কৰে প্ৰতিবাদ।

২৫. ব্ৰিটেইনৰ আদালতে  বিজয় মালিয়াৰ ৬খন বিলাসী গাড়ী বিক্ৰী কৰিবলৈ দিলে নিৰ্দেশ ।