মুখ্য-পৃষ্ঠা

১ মিনিটত ২৫ খবৰ…

asomiyapratidin

১. জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত সন্ত্ৰাসবাদীৰ গুলীবৰ্ষণত গুৰুতৰভাৱে আহত এজন আৰক্ষী জোৱান। আহত জোৱানজনক প্ৰেৰণ কৰা হৈছে হাস্পতাললৈ।.

২. 'গাটচিৰলীত মাওবাদীৰ আক্ৰমণত ১৫জনকৈ আৰক্ষীৰ লোক মৃত্যুক লৈ শোক ব্যক্ত কৰিছো। মই তেওঁলোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে আমি আছো।'- কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে কৰে এই মন্তব্য।

৩. ফেনী ঘূৰ্ণীবতাহৰ বাবে ইষ্ট কোষ্ট ৰেলৱেৰ ২২খনৰো অধিক ৰেল যাত্ৰা বাতিল কৰা হৈছে। বৰ্তমানলৈ মুঠ ১০৩খন ৰেলৰ যাত্ৰা বাতিল।

৪. 'যোৱা ৫ বছৰত দেশত ৫০ৰ পৰা ৬০ শতাংশ মাওবাদীৰ আক্ৰমণ হ্ৰাস পাইছে।'- বুধবাৰে এই মন্তব্য কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ।

৫. মধ্যপ্ৰদেশত অচিনাক্ত দুৰ্বৃত্তৰ গুলীত নিহত এজন আৰক্ষী বিষয়া। ভুপালৰ আৱধপুৰী এলেকাত সংঘটিত হয় এই ঘটনা।

৬. 'সন্ত্ৰাসবাদৰ বিৰুদ্ধে সমগ্ৰ বিশ্বই ভাৰতৰ সৈতে থিয় হৈছে। ইয়াৰ বাবে মই ১৩০ কোটি ভাৰতীয়ৰ তৰফৰ পৰা সমগ্ৰ বিশ্ববাসীক ধন্যবাদ জনাইছো।'- জয়পুৰত বুধবাৰে এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

৭. সন্ত্ৰাসবাদী মছুদ আজাহৰক ৰাষ্ট্ৰসংঘই বিশ্ব সন্ত্ৰাসবাদীৰ তালিকাত অন্তৰ্ভুক্ত কৰাক লৈ প্ৰাক্তন প্রধানমন্ত্ৰী মনমোহন সিঙে কয়- 'মই সুখী যে এই সিদ্ধান্ত লোৱা হ'ল।'

৮. ওড়িশ্যাৰ ভূৱনেশ্বৰস্থিত নন্দনকানন জুলজিকেল পাৰ্ক দৰ্শকৰ বাবে ২ মেৰ পৰা ৪ মে'লৈ বন্ধ থাকিব। ফেনী ঘূৰ্ণীবতাহৰ আশংকাৰ বাবে বন্ধ ৰখা হ'ব পাৰ্কখন।

৯. 'ভাবক, কংগ্ৰেছে আপোনালোকৰ মোডীক ইমানেই ঘৃণা কৰিবলৈ আৰম্ভ কৰিছে যে, তেওঁলোকে মোডীৰ মৃত্যু হোৱাৰ সপোন দেখে।'- মধ্যপ্ৰদেশত এক জনসভাত এই মন্তব্য প্ৰধানমন্ত্ৰী মোডীৰ।

১০. বুধবাৰে হিমাচলপ্ৰদেশৰ ছিমলাত ধাৰাসাৰ শিলাবৃষ্টি। শিলাবৃষ্টিৰ ফলত অঞ্চলটোত বহু অসুবিধাৰ সন্মুখীন সৰ্বসাধাৰণ ৰাইজ।

১১. এছ টি এফৰ এটা দলে বুধবাৰে পঞ্জাৱৰ লুধিয়ানাত গ্ৰেপ্তাৰ কৰে ৩জন ড্ৰাগছ ব্যৱসায়ীক। গ্ৰেপ্তাৰ কৰো ড্ৰাগছ ব্যৱসায়ী কেইটাৰ পৰা উদ্ধাৰ ৬০০ গ্ৰাম হেৰ'ইন।

১২. দুৰ্গা পূজাৰ পূ্ৰ্বে মহানগৰবাসীয়ে লাভ কৰিব জাইকাই নিৰ্মাণ কৰি থকা পানী যোগান প্ৰকল্পৰ পানী। বুধবাৰে প্ৰকল্পৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে শীঘ্ৰেই নিৰ্মাণকাৰ্য সম্পন্ন কৰিবলৈ প্ৰকল্পৰ বিষয়াসকলক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।

১৩.  'নিৰ্বাচনত ঐতিহাসিক, চমকপ্ৰদ ফলাফল হ'ব দেশত, প্ৰায় ২৫% লোকে ৰাষ্ট্ৰভক্তিৰ বাবেই ভোটদান কৰিছে' লোকসভা নিৰ্বাচনক লৈ হিমন্ত বিশ্ব শৰ্মাই কৰিলে মন্তব্য।

১৪. ৰাণীত বুধবাৰে অসুস্থ হাতী পোৱালি উদ্ধাৰ। ছাতাৰ গাঁৱৰ নিজৰাত উদ্ধাৰ হাতী পোৱালিটো। ৫ বছৰীয়া মতা হাতীটোৰ অৱস্থা যথেষ্ট গুৰুতৰ।

১৫. মায়াৱতীজী আৰু অখিলেশজীক নৰেন্দ্ৰ মোডীয়ে নিয়ন্ত্ৰণ কৰে। কিন্তু নৰেন্দ্ৰ মোডীয়ে মোৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব নোৱাৰে।'- বাৰাবাংকীত বুধবাৰে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে কৰে এই মন্তব্য।

১৬. বুধবাৰে ৰায়বৰেলীত উপস্থিত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। ৰায়বৰেলীৰ এটা মন্দিৰত প্ৰাৰ্থনা জনায় কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।

১৭. 'কংগ্ৰেছৰ কৰ্মকৰ্তাই কয় যে ভুলটো ৰাহুল গান্ধীৰ নামত ভোট নিবিচাৰিব। যিজন ব্যক্তিক নিজৰ দলৰ মানুহেই বিশ্বাস নকৰে, তেওঁ জনতাই কি বিশ্বাস কৰিব?'- হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে কৰে এই মন্তব্য।

১৮. 'মছুদ অজহৰক বিশ্ব সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰাটো উল্লেখনীয় প্ৰদক্ষেপ।' এই মন্তব্য কংগ্ৰেছ নেতা ৰণদ্বীপ সুৰজৱালাই।

১৯. '১৫ জন জোৱানৰ ছহিদৰ বিপৰীতে ১০০ নক্সালবাদীক মৰিব' এই মন্তব্য উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ।

২০.'প্ৰধানমন্ত্ৰী মোডীৰ চেষ্টাৰ বাবেই আন্তৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰা হ'ল মছুদ অজহৰক' এই মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ।

২১. মছুদ অজহৰক আন্তৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰাক লৈ প্ৰধানমন্ত্ৰী মোডীয়ে ক'লে- ' এয়া ১৩০ কোটি ভাৰতীয়ৰ জয়।'

২২. 'দিল্লীক পূৰ্ণৰাজ্যৰ মৰ্যদা দিলে উত্তৰ প্ৰদেশ আৰু বিহাৰৰ নিচিনাই হৈ পৰিব' এই মন্তব্য কৰিলে কংগ্ৰেছ নেতা অজয় মাকনে।

২৩. '১০ কোটি টকাৰ বিনিময়ত আমাৰ ১০ বিধায়কক কিনাৰ চেষ্টা চলাই আছে বিজেপিয়ে' এই অভিযোগ আম আদমী পাৰ্টিৰ কেন্দ্ৰীয় সমিতিৰ।

২৪. অন্ধপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন টি ৰমা ৰাওৰ জীৱনৰ ওপৰত নিৰ্মাণ নহয় কোনো ছবি। ৰাম গোপাল বৰ্মাৰ ছবি লক্ষ্ণী এন টি আৰক নিৰ্বাচনী আয়োগৰ নিষেধাজ্ঞা।

২৫. চলিত বৰ্ষৰ শেষৰফালে মুক্তি পাব ৰাণী মুখাৰ্জী অভিনীত ছবি মৰ্দানী-২। বুধবাৰে মুক্তি দিয়া হয় পোষ্টাৰ।