মুখ্য-পৃষ্ঠা

১ মিনিটত ২৫ খবৰ

asomiyapratidin

১. মথুৰাৰ শ্বেৰগড় গাঁৱত খেলি থাকোটে এটা ১০০ ফুট গভীৰ কুৱাত পৰিল এটি ৫ বছৰীয়া শিশু। এনডিআৰএফ আৰু আৰক্ষীয়ে চলাই আছে শিশুটিৰ উদ্ধাৰৰ চেষ্টা।

২. মহাৰাষ্ট্ৰৰ কন্নৌজত এটি ৭ বছৰীয়া কন্যা শিশুৰ ওপৰত বৰ্বৰ নিৰ্যাতন পাষণ্ডৰ। আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত ৩০ বছৰীয়া লোকজনক।

৩. 'কংগ্ৰেছে ভাৰতীয় সেনাক মোডী সেনা বুলি কোৱাক লৈ প্ৰশ্ন কৰে, কিন্তু কংগ্ৰেছে সেনাৰ বাবে কি কৰিছিল? আজি নেশ্যনেল ৱাৰ মেম'ৰিয়েল বিজেপিয়ে নিৰ্মাণ কৰিছে। ইয়াৰ বাবে মোডীয়ে গৌৰৱ কৰা উচিত হয় নে নহয়?' -শনিবাৰে কংগ্ৰেছক এনেদৰে কটাক্ষ কৰি এক জনসভাত নৰেন্দ্ৰ মোডীয়ে।

৪. হাৰিয়ানা, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থী তালিকা প্ৰকাশ কংগ্ৰেছৰ। হাৰিয়ানাৰ ৬ খন, মধ্যপ্ৰদেশৰ ৩ খন আৰু উত্তৰ প্ৰদেশৰ ৯ খন লোকসভা আসনৰ প্ৰাৰ্থীৰ নাম ঘোষণা দলটোৰ।

৫. দিল্লীৰ বিমান বন্দৰত জেট এয়াৰৱেজৰ পাইলট, গ্ৰাউণ্ড ষ্টাফ, ফ্লাইট এটেণ্ডেন্টৰ প্ৰতিবাদ। দীৰ্ঘকাল ধৰি জেট এয়াৰৱেজ কৰ্তৃপক্ষই দৰমহা নিদিয়াক লৈ এই প্ৰতিবাদ।

৬. জম্মু-কাশ্মীৰত বৰ্বৰ ঘটনা। পিতৃৰ হাততে যৌন নিৰ্যাতনৰ বলি হৈ আত্মহত্যা কৰে এগৰাকীয়ে যুৱতীয়ে। অভিযুক্ত পিতৃক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

৭. বাৰানসীত মোডীৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ীৰ। নিজৰ দোকানৰ সন্মুখত 'এটাই ভুল, পদুম ফুল' লিখি মোডী চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে লোকজনে। উল্লেখ্য যে, বাৰানসীৰ পৰা ২০১৯ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে।

৮. বেগুচৰাই সমষ্টিৰ বিজেপি প্ৰাৰ্থী গিৰিৰাজ সিঙৰ মনোনয়ন পত্ৰ দাখিল। সমষ্টিটোত চিপিআইৰ প্ৰাৰ্থী কানহাইয়া কুমাৰৰ সতে হ'ব তেওঁৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতা।

৯. পশ্চিম বংগৰ বিজেপি নেত্ৰী ৰূপা গাংগুলীৰ অসমত নিৰ্বাচনী প্ৰচাৰ। 'অসমৰ দৰে পশ্চিম বংগতো ৰূপায়ন হ'ব এনআৰচি।' -এই মন্তব্য নেত্ৰীগৰাকীৰ।

১০. গুৱাহাটীৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাক কটাক্ষ বিজেপি প্ৰাৰ্থী কুইন ওজাৰ। 'ববিতা শৰ্মাই মোক নকল কৰি মই নিৰ্বাচনী প্ৰচাৰ দৰেই তেওঁৱো কৰিব বিচাৰে।' পশ্চিম গুৱাহাটী সমষ্টিৰ আগছিয়াৰ নিৰ্বাচনী সভাত এই মন্তব্য বিজেপিৰ প্ৰাৰ্থী কুইন ওজাৰ।

১১. শনিবাৰে চিৰাঙত আজি জব্দ ২ লাখ ২০ হাজাৰ টকা। ঢালিগাঁও থানাৰ অন্তৰ্গত শান্তিপুৰ গাঁৱৰ পৰা বৃহত্‍ পৰিমাণৰ ধনখিনি জব্দ কৰে এছএছটিৰ দলে।

১২. কাৰ্বি আংলঙৰ শান্তিপুৰ বৰপথাৰ থানাৰ অন্তৰ্গত নামবৰ বনাঞ্চলত এটা গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ৷ অচিনাক্ত লোকজনৰ কপাল আৰু বুকুত গুলীৰ চিন স্পষ্ট।

১৩. গুৱাহাটীৰ সমীপৱৰ্তী মিৰ্জাত এজন দুৰ্ধৰ্ষ বাইকচোৰ গ্ৰেপ্তাৰ। দিন দুপৰতে বাইক চুৰিৰ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীয়ে হাতে লোটে ধৰা পৰে বিকাশ বৰ্মন নামৰ লোকজন।

১৪. 'হৰেন ছিং বে' হাৰিলে ৰাজনৈতিক জীৱন ত্যাগ কৰিম।' শনিবাৰে হামৰেণৰ এক নিৰ্বাচনী সভাত এই ঘোষণা কাৰ্বি স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ।

১৫. ৰঙিয়াত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী মঞ্চৰ প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনকাৰী দলৰ বিৰুদ্ধে ৰাইজক ভোটদান কৰিবলৈ আহ্বান মঞ্চৰ। প্ৰতিবাদত প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ অংশগ্ৰহণ কৰিলে।

১৬. বিহুগীতক বিকৃত ৰূপ দি অশ্লীলতাৰে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগত আজাহাৰ আলী নামৰ এজনৰ বিৰুদ্ধে ঐক্য সেনা অসমৰ এজাহাৰ। অভিযুক্ত যুৱকজনৰ ঘৰ শোণিতপুৰৰ ঢেকীয়াজুলিত।

১৭. 'ৰাফেল কেলেংকাৰীৰ বাবেই প্ৰতিৰক্ষা মন্ত্ৰী মনোহৰ পাৰিকৰে পদত্যাগ কৰিছিল।' -এই মন্তব্য এন চি পি দলৰ নেতা শৰদ পৱাৰৰ।

১৮. 'বালাকোটৰ এয়াৰ ষ্ট্ৰাইকৰ পাছত পাকিস্তানে ৫১৩ বাৰ যুদ্ধ বিৰতি উলংঘন কৰিছে।' -এই দাবী ভাৰতীয় সেনাৰ।

১৯. হেমামালিনীৰ হৈ প্ৰচাৰ কৰিব স্বামী ধমেন্দ্ৰই। তিনিখন সভাত অংশ ল'ব ধমেন্দ্ৰই।

২০. 'এম এ পাছ নকৰাকৈয়ে ৰাহুলে পাইছিল এম ফিল ডিগ্ৰী'। -ৰাহুল গান্ধীক এইদৰে কটাক্ষ কৰিলে অৰুণ জেটলীয়ে।

২১. শনিবাৰে আইপিএলৰ ২৭ সংখ্যক খেলত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ জয়লাভ। প্ৰথমে বেট ধৰি নিৰ্দিষ্ট অভাৰত ৫ উইকেটৰ বিনিময়ত ১৮৭ ৰাণৰ লক্ষ্য বান্ধি দিছিল মুম্বাই ইণ্ডিয়ানছে।

২২. 'ৰবিশংকৰৰ সৈতে ব্যক্তিগত শত্ৰুতা নাই, অধিক ভোটত জয়ী হ'ম তেওৰ বিৰুদ্ধে'। -এই দাবী শত্ৰুঘ্ন সিনহাৰ।

২৩. পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হ'ব ছবি। ছবিখনৰ নাম 'বাঘিনী'।

২৪. 'দিল্লীত এতিয়াও আপ আৰু কংগ্ৰেছৰ মাজত মিত্ৰতা হোৱাৰ সম্ভাৱনা আছে।' -এই মন্তব্য কৰিলে আম আদমী পাৰ্টিৰ নেতা মনোজ চিচৌদিয়াই।

২৫. বক্স অফিচত হিট হিন্দী ছবি কেশৰী। মুক্তিৰ ২১ দিনৰ অন্তত ছবিখনে উপাৰ্জন কৰিছে ১৪৬ কোটি।