মুখ্য-পৃষ্ঠা

এক মিনিটত ২৫ খবৰ…

asomiyapratidin
  1. মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্যিক কেবিনেটৰ বৈঠক। বৈঠকত ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ। মন্ত্ৰীক বিভিন্ন দায়িত্ব অৰ্পণ।
  2. বহু কেইজন মন্ত্ৰীক বান বিধ্বস্ত জিলাৰ পৰিস্থিতি পৰ্যবেক্ষণ আৰু সাহায্য প্ৰদানৰ দায়িত্ব প্ৰদান কৰা হৈছে। মন্ত্ৰীসকলৰ লগত থাকিব একোজনকৈ সচিব। প্ৰয়োজনত এই মন্ত্ৰী আৰু সচিবসকলে বানাক্রান্ত অঞ্চলত কেম্প কৰি থাকিব।
  3. হাইলাকান্দিৰ দায়িত্ব দিয়া হৈছে মন্ত্রী পৰিমল শুক্লবৈদ্যক। কৰিমগঞ্জ, কাছাৰৰ দায়িত্বত মন্ত্রী জয়ন্ত মল্ল বৰুৱাক। তামুলপুৰৰ দায়িত্ব দিয়া হৈছে মন্ত্রী সঞ্জয় কিষাণক।
  4. চিৰাঙৰ দায়িত্বত আছে মন্ত্রী বিমল বৰা। বজালী জিলাৰ দায়িত্ব দিয়া হৈছে মন্ত্রী ৰঞ্জিত কুমাৰ দাসক। শোণিতপুৰৰ দায়িত্ব মন্ত্রী অশোক সিংঘালক।
  5. মৰিগাঁৱত মন্ত্রী পীয়ূষ হাজৰিকাক দায়িত্ব দিয়া হৈছে। নলবাৰীত নন্দিতা গাৰ্লোছাক দায়িত্ব অৰ্পণ কৰা হৈছে।
  6. ২৮জুনৰ পৰা দায়িত্ব লাভ কৰা এইসকল মন্ত্ৰীয়ে কাম কৰিব লাগিব। ১০জুলাইত দাখিল কৰিব লাগিব তেওঁলোকৰ প্রতিবেদন।
  7. অসম ৰে'ল আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড খোলাৰ সিদ্ধান্ত। ৰে'লৰ অধীনত থকা মাটি ব্যৱহাৰৰ দিশ চোৱাচিতা কৰিব।অৰুণোদয়ত অতিৰিক্ত ৭ লাখ ৫৬ হাজাৰ হিতাধিকাৰী সামৰি লোৱা হ'ব। অক্টোবৰ মাহৰ পৰা হিতাধিকাৰীয়ে পাব ১২৫০ টকা।
  8. স্ব-নিৰ্ভৰশীল নাৰী নামৰ এক নতুন আঁচনিও হ'ব। প'ৰ্টেলৰ জৰিয়তে শিপিনীয়ে বজাৰত কাপোৰ বিক্রী কৰিব পাৰিব। প্রথমে কাপোৰখিনি চৰকাৰে ক্রয় কৰিব। ১২৬ কোটি ৭৫ হাজাৰ টকা HPCLৰ কৰ্মচাৰীক মোকলাই দিয়াৰ সিদ্ধান্ত।
  9. আৰোহণ আঁচনিৰ জৰিয়তে মেধাৱী ছাত্র-ছাত্রী দিব বিশেষ সুবিধা। মিউছুৱেল ট্রেন্সফাৰ আৰম্ভ হ'ব। দুৰণিবটীয়া স্থানৰ শিক্ষকৰ বদলি আৰম্ভ হ'ব। ১০ বছৰ হ'ব লাগিব শিক্ষকৰ, মহিলাক অগ্রাধিকাৰ দিয়া হ'ব।
  10. মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কলৈ মহাৰাষ্ট্ৰ বিধানসভাৰ উপাধ্যক্ষৰ কাৰণ দৰ্শোৱাৰ জাননী। সোমবাৰৰ ভিতৰত ১৬ গৰাকী বিধায়কে তেওঁলোকৰ বিধায়ক পদ কিয় খাৰিজ কৰিব নালাগে সেই সন্দৰ্ৰভত উত্তৰ প্ৰদান কৰিব লাগিব।
  11. বিদ্ৰোহী বিধায়কৰ নেতা একনাথ সিন্দেৰ বিজেপিৰ সৈতে গুজৰাটত গুৰুত্বপূৰ্ণ আলোচনা।
  12. 'শিৱসেনাৰ কৰ্মীসকলে বুজিব লাগিব যে মই শিৱসেনা আৰু ইয়াৰ কৰ্মীসকলক এমভিএ চৰকাৰৰ কবলৰ পৰা মুক্ত কৰিব বিচাৰো আৰু মই ইয়াৰ বাবে সংগ্ৰাম কৰি আছো। এই যুঁজখন দলীয় কৰ্মীসকলৰ উন্নতিৰ বাবেহে।'- একনাথ সিন্দেৰ টুইটাৰত এই মন্তব্য।
  13. দিল্লীৰ ৰাজপথত নিশা হুলস্থুল কৰা ৩ জন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা আটাইকেইজনে জাহাংগীৰপুৰীৰ চুবুৰীয়া অঞ্চলৰ বাইলেন আৰু ৰাস্তাত ঘূৰি ফুৰাৰ সময়ত চিঞৰি আছিল আৰু গালি-গালাজ কৰিছিল।
  14. ইউক্ৰেইনৰ চেভেৰোডনেটস্ক চহৰখন ৰাছিয়াৰ সেনাই সম্পূৰ্ণৰূপে দখল কৰিছে। চহৰখনৰ মেয়ৰৰ উদ্ধৃতি দি এএফপিয়ে প্ৰতিবেদন দিছে।
  15. হোটেল ৰেডিশ্যন ব্লু অতিৰক্ত ২ দিনৰ বাবে একনাথ সিন্দে আৰু বিদ্ৰোহী বিধায়কসকলৰ বাবে বুকিং কৰা হৈছে।
  16. হিমাচল চৰকাৰৰ কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অগ্নিবীৰক ৰাজ্য চৰকাৰে প্ৰদান কৰিব চাকৰি।
  17. দশম আৰু দ্বাদশ শ্ৰেণীত স্থান প্ৰাপ্ত অসম আৰু মেঘালয়ৰ ১৩৭ গৰাকী শিক্ষাৰ্থীক আজি সম্বৰ্ধনা আৰু পুৰস্কাৰ আগবঢ়ালে ইউ এছ টি এমে।
  18. বিহপুৰীয়াত ১৮ গৰাকী শিক্ষাৰ্থী কঢ়িয়াই নিয়া এখন নাও দুৰ্ঘটনাগ্ৰস্ত। অৱশ্যে সৌভাগ্যক্ৰমে শিক্ষাৰ্থীসকলৰ কোনো ক্ষতি হোৱাৰ পৰা ৰক্ষা পৰিছে।
  19. ১৯৭৫ চনৰ আজিৰ দিনটোতে প্ৰাধনমন্ত্ৰী ইন্দিৰী গান্ধীৰ প্ৰস্তাৱ মৰ্মে ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰিছিল আভ্যন্তৰীণ জৰুৰী অৱস্থা। বিজেপিয়ে ৰাজ্যৰ কেইবাখনো জিলাতে আজি সাব্যস্ত কৰিলে ক'লা দিৱস।
  20. অগণন গুণমুগ্ধৰ উপস্থিতি বিশিষ্ট শিক্ষাবিদ, শিশু সাহিত্যিক ,লেখক হৰেন্দ্ৰনাথ বৰঠাকুৰৰ শেষকৃত্য সম্পন্ন।
  21. কালিলৈ খুলিব কামাখ্যাৰ দুৱাৰ। সমাপ্তি হ'ব অম্বুবাচী মেলাৰ।
  22. উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। সকলো স্কুল বাছ হ'ব লাগিব হালধীয়া ৰঙৰ। বাছসমূহত থাকিব লাগিব চিচি কেমেৰা, জিপি এছ।
  23. পুৰুষ পৰিচাৰিকাৰ উপৰিও স্কুল বাছত থাকিব লাগিব মহিলা পৰিচাৰিকা। প্ৰতি ঘণ্টাত ৪০ কিলোমিটাৰ বেগেৰে চলাব লাগিব বাহন। নিয়ম ভংগ কৰিলেই ভৰিব লাগিব জৰিমণা।
  24. কামাখ্যা ধামত আধা ঘণ্টাতে সংঘটিত হ'ল ৬ টাকৈ চুৰি কাণ্ড। ৫ গৰাকী মহিলা আৰু এগৰাকী বাবাক আটক।
  25. কলাক্ষেত্ৰত আজি উন্মোচন কৰা হ'ল মোডী@20 ডিমছ মীট ডেলিভাৰী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, শ্বাটলাৰ পি ভি সিন্ধু, বক্সাৰ লাভলীনা আৰু সংগীত শিল্পী অংগৰাগ পাপন মহন্তও উপস্থিত আছিল অনুষ্ঠানত।