মুখ্য-পৃষ্ঠা

১মিনিটত ২৫খবৰ…

asomiyapratidin

১. মহানগৰীত সক্ৰিয় নাৰী যোগানকাৰী চক্ৰ। টুইটাৰ আৰু ৱেবছাইটযোগে যোগান ধৰে নাৰী।

২. গোলাঘাটৰ কম্বল কেলেংকাৰীৰ ঘটনা ৰহস্যৰ আৱৰ্তত। কম্বল কেলেংকাৰীৰ ঘটনা সন্দৰ্ভত দিছপুৰ থানাৰ দল গোলাঘাটত উপস্থিত।

৩. আছুৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ। ধন দাবীৰ গোচৰত আছুৰ বিৰুদ্ধে এজাহাৰ।

৪. পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰীৰ সিদ্ধান্ত নাকচ মুখ্যমন্ত্ৰীৰ। গ্ৰামাঞ্চলৰ গৃহ নিৰ্মাণত কৰৰ সিদ্ধান্ত ঘোষণা কৰিছিল মন্ত্ৰীয়ে।

৫. বিধায়ক মৃণাল শইকীয়াৰ চাইকেল চুৰি। বিষয়টোক লৈ অধ্যক্ষ সচিবলৈ লিখিলে পত্ৰ।

৬. ২০২৩ চনৰ ১ এপ্ৰিলৰ পৰা ৰাজ্যত বিক্ৰী হ'ব ২০ শতাংশ ইথানল মিশ্ৰিত তেল। অসম ইথানল উত্‍পাদন প্ৰচলন নীতি ২০২১ কেবিনেটত গৃহীত এই সিদ্ধান্ত।

৭. হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশ। এতিয়াৰে পৰা যিকোনো অনুষ্ঠানৰ বেনাৰত মুখ্যমন্ত্ৰীৰ ফটো ব্যৱহাৰত বাধা।

৮. বৰবিহ চুলাইৰ বিৰুদ্ধে ৰাজ্যজুৰি চলি আছে অভিযান। আজি গোলাঘাটৰ খুমটাইত আৰক্ষীয়ে উত্‍খাত কৰিলে কেইবাটাও চুলাইৰ ঘাটি।

৯. মহানগৰীৰ পল্টন বজাৰ ৰে'লৱে ষ্টেচনত GRP-RPFৰ যুটীয়া তালাচী- স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত এই তালাচী GRP-RPFৰ।

১০. বিশেষ ন্যায়াধীশ আদালতত হাজিৰ ADO জ্যোতিৰেখা দাস। ACB/ PS/5/21 গোচৰত ৭ দিনৰ আৰক্ষী জিম্মালৈ জ্যোতিৰেখা।

১১. অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ ঘেৰাও ছাত্ৰ-ছাত্ৰীৰ। ৩১ জুলাইত প্ৰকাশ পোৱা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলকলৈ অসন্তুষ্ট শিক্ষাৰ্থী।

১২. অভিযুক্তলৈ লক্ষ্য কৰি পুনৰ অসম আৰক্ষীৰ গুলীচালনা। এইবাৰ শালবাৰীৰ আনন্দ বজাৰত গুলীচালনা আৰক্ষীৰ।

১৩. গীতানগৰ আৰক্ষীৰ জালত জালনোট চক্ৰ। অসম সচিবালয়ৰ প্ৰৱেশ পত্ৰ লৈ ৰাজ্যত জালনোটৰ ব্যৱসায়।

১৪. অসমৰ প্ৰতিনিধি মন্ত্ৰী অতুল বৰা আৰু অশোক সিংহলৰে আইজলত শান্তি আলোচনা সম্পন্ন মিজো চৰকাৰৰ। মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই উত্থাপন কৰা প্ৰস্তাৱ মানি ল'লে মিজোৰামৰ গৃহমন্ত্ৰীয়ে।

১৫. ছিম্বায়টিক ফুডছে লাভলীনাক অহা ৫ বছৰলৈ বিনামুলীয়াকৈ খুৱাব গাহৰিৰ মাংস

১৬. শোণিতপুৰৰ চপালগা গুইনেজিয়া পাহাৰত বন্যহস্তীৰ মৃত্যু। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল হাতীটো।

১৭. চন্দ্ৰপুৰবাসীৰ প্ৰায় পষেকজোৰা প্ৰতিবাদৰ পিছত ডাম্পিং গ্ৰাউণ্ড বাতিলৰ চিন্তা-চৰ্চা কৰিছে প্ৰশাসনে। আনকি, ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বাবে বিকল্প স্থানৰ সন্ধানো আৰম্ভ কৰিছে প্ৰশাসনে।

১৮. ২৪ ঘণ্টাত দুবাৰকৈ গুলী ফুটালে অসম আৰক্ষীয়ে। কাৰ্বি আংলং আৰক্ষীৰ গুলী সোমাল ড্ৰাগছ পেডলাৰৰ ভৰিত। ইফালে দক্ষিণ কামৰূপৰ বিজয়নগৰত গাড়ীচোৰ গুলীবিদ্ধ।

১৯. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পানী সংৰক্ষণৰ বাবে বিশেষ প্ৰকল্প।এশ কোটি লিটাৰৰো অধিক পানী সংৰক্ষন ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ।

২০. ভূত বাংলাত পৰিণত হৈছে কলগাছিয়াৰ ৰুবিৰভিটা উপ স্বাস্থ্য কেন্দ্ৰ। দহ বছৰতো সম্পূৰ্ণ নহল নিৰ্মাণৰ কাম।

২১. নুমলীগড়ৰ কালিয়নী নৈত উদ্ধাৰ আধাৰ কাৰ্ডৰ টোপোলা-মাছমৰীয়া উদ্ধাৰ কৰে কেইবাখনো আধাৰ কাৰ্ড।

২৩. 21AP(IR)Bnৰ কামাণ্ডেণ্ট প্ৰতাপ সিনহাক বদলি। কাটলিচেৰাৰ পৰা যোৰহাট মুখ্যালয়ৰ SP হিচাপে বদলি।

২৪. 15thAP(IR)Bnৰ কামাণ্ডেণ্ট সঞ্জীৱ শেখৰ ৰয়ক বদলি। শিলচৰৰ FRROৰ নতুন SP হ'ব সঞ্জীৱ ৰয়।

২৫. গোলাঘাটত উদ্ধাৰ দ'মে দ'মে কম্বল। লুকুৱাই থোৱা হৈছিল চৰকাৰী আঁচনিৰ কম্বলখিনি।