মুখ্য-পৃষ্ঠা

পুৱাৰ খবৰ…

asomiyapratidin

বোকাজানত সংঘটিত হৈছে জঘন্য ঘটনা…

এক ধৰ্ষণ কাণ্ডই জোকাৰি গৈছে কাৰ্বি আংলংৰ বোকাজানত। বোকাজানৰ দিলাওজান অঞ্চলৰ বুধিয়া গাওঁত সংঘটিত হৈছে এক জঘন্য ঘটনা। শনিবাৰে ইলিয়াড বাণ্ডা নামৰ CRPF জোৱান জনে ফুৰাবলৈ লৈ গৈছিল নিজৰ জীয়েকৰ লগতে চাৰিগৰাকীকৈ ছোৱালী। ঘূৰি আহোতে বাকী কেইজনীক ছোৱালীক থৈ ইলিয়াড বাণ্ডা নামৰ লম্পতটোৱে সংঘটিত কৰিছিল জঘন্য ঘটনা।

নিৰ্বাচনত জয়ী হৈয়ে বালিপোতাত নৱ নিৰ্বাচিত বিধায়ক দূৰ্গাদাস

৩৫ বছৰ পিছত বিধান সভা নিৰ্বাচনত জয়ী হৈ সমষ্টিৰ ৰাইজৰ মাজত মঙ্গলবাৰে উপস্থিত হ'ল প্ৰাক্তন মন্ত্ৰী তথা ৬৫ নং কলাইগাও বিধান সভা সমষ্টিৰ বিপিএফ দলৰ নৱ নিৰ্বাচিত বিধায়ক দূৰ্গাদাস বড়ো৷ ১৯৮৫ চনতে অসম বিধান সভালৈ পানেৰী সমষ্টিৰ পৰা নিৰ্বাচিত হৈ মন্ত্ৰীত্ব লাভ কৰি সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্ৰত আগভাগ লৈছিল৷ অৱশ্যে পিছলৈ তেওঁ কংগ্ৰেছ দলত যোগদান কৰি দলটোৰ কাম কাজ নিয়াৰিকৈ পালন কৰি গৈছিল৷

১২ঘন্টাত শিৱসাগৰত কোৰোনাত আক্ৰান্ত ৫৮ গৰাকী…

শিৱসাগৰত আজিৰ দিনটোত ৫৮ গৰাকী কোভিড আক্ৰান্ত হৈছে ৷ তদুপৰি বিপিন বৰা নামৰ এগৰাকী ব্যক্তি মৃত্যু হৈছে ৷ তেওঁৰ ঘৰ ডিমৌৰ কুশল পথত ৷ ৬০ বছৰীয়া বিপিন বৰা ডিব্ৰুগড় অসম মেডিকেল কলেজত মৃত্যু হয় ৷

বুধবাৰৰ পৰা সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন…

বুধবাৰৰ পৰা সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন। বুধবাৰৰ পৰা বিয়লি ২ বজাৰ পৰা বন্ধ হ'ব সকলো দোকান-পোহাৰ। অৰ্থাৎ বিয়লি ২ বজালৈকেহে খুলিব পাৰিব ব্যৱসায়িক প্ৰতিষ্ঠান।
পূৰ্বে সন্ধিয়া ৬ বজাৰ পৰা আছিল দোকান-পোহাৰ বন্ধৰ নিৰ্দেশনা। সন্ধিয়া ৮ বজাৰ পৰিৱৰ্তে ৬ বজাৰ পৰা নৈশ সান্ধ্য আইন।

বিজেপিৰ পৰা ওলাই আহিলে হিমন্তবিশ্বক আঁকোৱালি ল'ব কংগ্ৰেছে…

বিজেপিৰ পৰা ওলাই আহিলে হিমন্তবিশ্বক আঁকোৱালি ল'ব কংগ্ৰেছে। মুখ্যমন্ত্ৰী হিচাপে হিমন্তবিশ্বক সমৰ্থন জনাবলৈ আমি সাজু। এই বিস্ফোৰক মন্তব্য কংগ্ৰেছ বিধায়ক কমলাক্ষ দে' পুৰকায়স্থৰ।

UPPLএ বিচাৰিব ৩ মন্ত্ৰীপদ

UPPLএ বিচাৰিব ৩ মন্ত্ৰীপদ। গুৱাহাটীত বৈঠকৰ অন্তত মন্তব্য প্ৰমোদ বড়োৰ। বিটিআৰৰ উন্নয়নৰ স্বাৰ্থত আমি বিচাৰিম ৩ মন্ত্ৰীপদ। ২ MCLA বি চাওৰাগ্ৰা, ধনঞ্জয় বসুমতাৰীৰ যোগদানৰ কথাও ঘোষণা।

অভিনেত্ৰী দীপিকা পাডুকন ক'ভিডত আক্ৰান্ত

অভিনেত্ৰী দীপিকা পাডুকন ক'ভিডত আক্ৰান্ত। লগতে দেউতাক প্ৰকাশ পাডুকন, মাতৃ উজ্জলা আৰু ভগ্নী অনীশাও আক্ৰান্ত হৈছে ক'ভিডত।

কোৰোনাত আক্ৰান্ত বনৰজা…

হায়দৰাবাদৰ চিৰিয়াখানাত ৯টা সিংহ আক্ৰান্ত হৈছে কোৰোনাত।চিৰিয়াখানা চোৱা-চিতা কৰা কোনো লোকৰ দেহৰ পৰাই কোৰোনা সংক্ৰমিত হোৱাৰ আশংকা। দুৰ্বল হৈ পৰিছে চিৰিয়াখানাৰ সিংহকেইটা।

ছিকিমত ১০ দিনৰ বাবে লকডাউনৰ ঘোষণা

ছিকিমত ১০ দিনৰ বাবে লকডাউনৰ ঘোষণা। ৬ মে'ৰ পৰা বলৱৎ হ'ব লকডাউনৰ নিৰ্দেশনা। আজিৰে পৰা ওড়িশাত সম্পূৰ্ণ লকডাউন। ১৪ দিনৰ বাবে তলাবন্ধ হ'ব ওড়িশা।

লখিমপুৰত ৪৯ জন কংগ্ৰেছীক দলৰ পৰা বহিষ্কাৰ

লখিমপুৰত ৪৯ জন কংগ্ৰেছীক দলৰ পৰা বহিষ্কাৰ ৷ বহিষ্কাৰ প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁই ৷ ছয় বছৰলৈ বহিষ্কাৰ কৰা হৈছে ৷ দল বিৰোধী কাৰ্যকালাপত জড়িত থকাৰ অভিযোগত ৷