মুখ্য-পৃষ্ঠা

সীমান্তত পাক সেনাৰ গুলিবৰ্ষণত শ্বহীদ ভাৰতীয় জোৱান

asomiyapratidin

ডিজিটেল ডেস্কঃ বাৰে বাৰে নিজৰ চৰিত্ৰ উদঙাই দি আহিছে পাকিস্তানে। এফালে পাক প্ৰধানমন্ত্ৰী ইমৰান খানে শান্তি স্থাপনৰ বাবে আলোচনাৰ কথা কৈ আহিছে যদিও আনফালে ভাৰত-পাক সীমান্তত প্ৰতিদিনেই যুদ্ধ বিৰতি উলংঘন কৰি ভাৰত ভূমিলৈ লক্ষ্য কৰি ধাৰাসাৰ গুলিবৰ্ষণ কৰি আহিছে পাকিস্তানী সেনাই।

ধাৰাবাহিকভাৱে পাক সেনাই সংঘটিত কৰা এনে দুস্কাৰ্যই এতিয়া অধিক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে সীমান্তৰ সমীপৱৰ্তী গাঁও সমূহত। বিশেষকৈ জম্মু কাশ্মীৰৰ পুঞ্চ আৰু নৌচেৰা চেক্টৰত পাক সেনাই চলাই আহিছে আক্ৰমণ। যাৰ ফলত স্থানীয় বাসিন্দাসকলে দিনে নিশাই এক আতংকৰ মাজত সময় পাৰ কৰিব লগা হৈছে।

বহু সীমান্তৱৰ্তী গাঁৱৰ স্থানীয় বাসিন্দাই এনেবোৰ কাৰণতে ত্যাগ কৰিব লগা হৈছে স্বগৃহ। দুমুখীয়া স্থিতি গ্ৰহণ কৰা পাকিস্তানৰ এনে দুস্কাৰ্যৰ যোগ্য প্ৰত্যুত্তৰ ভাৰতীয় সেনাই দি আহিছে যদিও এনে সংঘৰ্ষই ক্ষতি সাধন কৰিছে ধন-জনৰ। শেহতীয়াকৈ দেওবাৰে পুনৰ যুদ্ধ বিৰতি নীতি উলংঘন কৰি ভাৰত ভূমিলৈ লক্ষ্য কৰি গুলিচালনা কৰে পাক সেনাই।

ৰাজ্যখনৰ পুঞ্চ চেক্টৰত দেওবাৰে পুৱাই পাক সেনাই ধাৰাসাৰ গুলিবৰ্ষণ কৰে। ইয়াৰ প্ৰত্যুত্তৰ দি ভাৰতীয় সেনাইও গুলিচালনা কৰে যদিও এই গুলিয়াগুলিত এগৰাকী ভাৰতীয় বীৰ জোৱান শ্বহীদ হয়। পুৱা দীৰ্ঘ সময় ধৰি চলা দুই পক্ষৰ গুলিয়াগুলিৰ বাবে অঞ্চলটোত এক আতংকময় পৰিৱেশে বিৰাজ কৰে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে শনিবাৰে সন্ধিয়াও ভাৰত-পাক সীমান্তত যুদ্ধ বিৰতি উলংঘন কৰিছিল পাক সেনাই। অৱশ্যে তাৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ সক্ষম হৈছিল ভাৰতীয় সেনা বাহিনীয়েও।