মুখ্য-পৃষ্ঠা

এসপ্তাহে অৰুণাচলত সন্ধানহীন অসমৰ ১৯ শ্ৰমিকঃ ১ জনৰ মৃতদেহ উদ্ধাৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ মণিপুৰৰ ভয়াৱহ ভূমিস্খলনৰ পিছত আন এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে উত্তৰ পূৰ্বাঞ্চলত ! বিগত এটা সপ্তাহে সন্ধানহীন হৈ আছে ১৯ গৰাকীকৈ শ্ৰমিক। অৰুণাচলৰ কুৰুং কুমেই জিলাৰ এটা অতি দুৰ্গম অঞ্চলত ব'ৰ্ডাৰ ৰোড অৰগেনাইজেশ্যনৰ অধীনত পথ নিৰ্মাণত জড়িত থকা এই শ্ৰমিক কেইজনৰ এজনৰ মৃতদেহ সোমবাৰে নিশা উদ্ধাৰ হোৱাৰ পিছতে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।

এই মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে সন্দেহ কৰা হৈছে পথ আৰু দলঙৰ নিৰ্মাৰ কাম কৰি থকাৰ সময়তে তেওঁলোক কুমেই নদীত পৰি গৈছে আৰু নৈৰ সোঁতে তেওঁলোকক উটুৱাই নিছে। উল্লেখ্য যে, সন্ধানহীন এই আটাইকেইজন শ্ৰমিক অসমৰ।

সোমবাৰে নিশা স্থানীয় লোকে এজন শ্ৰমিকৰ মৃতদেহ কুমেই নদীত প্ৰত্যক্ষ কৰে। আনহাতে অৰুণাচলৰ লগতে সামাজিক মাধ্যমত সন্ধানহীন হৈ থকা আন ১৮ জন শ্ৰমিকৰো মৃতদেহ উদ্ধাৰ হোৱাৰ লগতে নৈৰ সোঁতত উটি যোৱা বুলি প্ৰচাৰ হৈছে। এই খবৰ অৱশ্যে স্থানীয় প্ৰশাসনে অস্বীকাৰ কৰিছে।

উল্লেখ্য যে সন্ধানহীন হৈ থকা আটাইকেইজন শ্ৰমিক ইছলামধৰ্মী লোক। সেয়েহে তেওঁলোকে ঈদৰ প্ৰাকক্ষণত স্বগৃহলৈ উভতি যোৱা বুলিও সন্দেহ কৰা হৈছিল। কুৰং কুমেই জিলাৰ হেড কোৱাৰ্টাৰৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ আঁতৰত এক দুৰ্গম অঞ্চলত দলং নিৰ্মাণত জড়িত থকা এই শ্ৰমিক কেইজনৰ সন্ধানহীন সম্পৰ্কত কোনো গোচৰ এই পৰ্যন্ত ৰুজু হোৱা নাই।

সেয়েহে জিলা প্ৰশাসনে এনে ঘটনাৰ অস্বীকাৰ কৰিছে। এই মুহূৰ্তলৈকে সঠিক খবৰ এয়াই যে এজন শ্ৰমিকৰ মৃত্যু হৈছে। এই শ্ৰমিকজন কোন সেয়াও চিনাক্ত কৰা হোৱা নাই। আনহাতে যিসকল শ্ৰমিক সন্ধানহীন হৈ আছে বুলি প্ৰকাশ পাইছে সেই সন্দৰ্ভত তেওঁলোকৰ পৰিয়ালৰ ফালৰ পৰাও সন্ধানহীন হোৱাৰ গোচৰ ৰুজু বা অভিযোগ দাখিল হোৱা নাই।

শ্ৰমিক কেইজন প্ৰকৃততে অসমৰ কোন স্থানৰ আছিল সেই বিষয়েও জানিব পৰা হোৱা নাই। কেৱল কুৰং কুমেইৰ স্থানীয় লোকেহে ১৮ গৰাকী শ্ৰমিক নৈত উটি যোৱা বুলি চৰ্চা চলাইছে। অৱশ্যে আৰক্ষীৰ তদন্ততহে সঠিক তথ্য প্ৰকাশ পাব।