মুখ্য-পৃষ্ঠা

চিচিটিভিত বন্দী ভয়ংকৰ দৃশ্য, নিশা নলাত সোমাল ৩ বছৰীয়া শিশু, চাওঁক VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ মুম্বাইত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। এটি ৩ বছৰীয়া শিশু হঠাৎ সৰি পৰিল এটা নলাত। ভৰি পিছল খাই শিশুটো নলাত পৰা সমগ্ৰ দৃশ্য বন্দী হ'ল চি চি টি ভি কেমেৰাত। এটা ব্যস্ত ৰাজপথত শিশুটো অকলে খুজকাঢ়ি যোৱাৰ সময়তে এই ঘটনা সংঘটিত হয়।

গোড়গাঁৱৰ আমবেদকাৰ নগৰৰ এটা ব্যস্ত ৰাজপথত আন্ধাৰ ৰাতি খোজ কাঢ়ি গৈ আছিল শিশুটি। প্ৰথমে পদপথৰ পৰা ৰাজপথৰ দিশে কিছুদুৰ গৈ শিশুটি ঘূৰি আহে। তাৰ পিছতে শিশুটিয়ে ভৰি দিয়ে নলাটোত। নলাটো সম্পূৰ্ণ উন্মুক্ত হোৱাৰ বাবেই এই ঘটনা সংঘটিত হয়।

নিশা প্ৰায় ১০.২৪ বজাত সংঘটিত এই ঘটনাৰ পিছতে শিশুটো উদ্ধাৰৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ লোকে চেষ্টা চলাই যদিও বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই শিশুটি।