মুখ্য-পৃষ্ঠা

উৰিষ্যাৰ ৰাষ্ট্ৰীয় উদ্যানত ১০ দিন ধৰি নিৰ্বাপিত হোৱা নাই জুই, মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা সভা…

asomiyapratidin

ডিজিটেল ডেস্ক : ৰাজ্যৰ মুখ্যমন্ত্ৰী নবীন পট্টনায়কে উৰিষ্যাৰ ময়ৰভঞ্জ জিলাৰ চিমিলিপাল ৰাষ্ট্ৰীয় উদ্যানত ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত হোৱা বিধ্বংসী জুই আৰু ক্ষতিৰ পৰ্যালোচনা সভা অনুষ্ঠিত কৰে । মুখ্যমন্ত্ৰী পাটনায়কে ৰাজ্যিক বিষয়া সকলক লগে লগে জুই নিয়ন্ত্ৰণ কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহন কৰিবলৈ নিৰ্দেশ দিয়ে।

ইপিনে বুধবাৰে ৰাজ্য চৰকাৰে পৰিস্থিতিৰ তদন্ত আৰু ৰাষ্ট্ৰীয় উদ্যানৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বুধবাৰে এটা উচ্চ পৰ্যায়ৰ দল প্ৰেৰণ কৰিছিল।ইফালে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী প্ৰকাশ জাভেডকাৰে পৰিস্থিতিৰ ওপৰত উদ্বেগ প্ৰকাশ কৰিছিল আৰু বনজুই নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল। বনাঞ্চলত এসপ্তাহ ধৰি জুই লাগি আছে আৰু এতিয়া নতুন অঞ্চললৈ বিয়পি আছে এই জুই ।