মুখ্য-পৃষ্ঠা

ই-মাধ্যমৰ দ্বাৰা প্ৰকাশিত নুমলীগড় হাইস্কুলৰ বাৰ্ষিক মুখপত্ৰ ‘নুমলী’ উন্মোচন

asomiyapratidin

ই-মাধ্যমৰ দ্বাৰা প্ৰকাশিত নুমলীগড় হাইস্কুলৰ বাৰ্ষিক মুখপত্ৰ 'নুমলী' উন্মোচন         

 ডিজিটেল সংবাদ বোকাখাতঃ কোৰোনাজনিত পৰিৱেশৰ বাবে সম্প্ৰতি ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান বন্ধ হৈ আছে যদিও তাৰ মাজতে বহু বিদ্যালয়ে নিজা উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ উপকৃত হোৱাকৈ বিভিন্ন কাম কৰি আছে। বোকাখাত ম'হকুমাৰ নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়েও বৰ্তমান পৰিস্থিতিত ছাত্ৰ-ছাত্ৰীৰ বাবে বিদ্যায়তনিক ক্ষেত্ৰৰ বাহিৰেও সৃষ্টিশীল কামতো ছাত্ৰ-ছাত্ৰীক ব্ৰতী কৰাইছে। বন্ধৰ এই সময়ছোৱাতে বিদ্যালয়খনে ই- মাধ্যমত উলিয়াইছে বাৰ্ষিক মুখপত্ৰ 'নুমলী'। সোমবাৰে গুগল মিটৰ জৰিয়তে বিদ্যালয়খনৰ ২১ সংখ্যক বাৰ্ষিক মুখপত্ৰ 'নুমলী' উন্মোচন কৰে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান,অসমৰ গোলাঘাটৰ সমন্বয়ক ৰুনা শইকীয়াই।

উন্মোচনী ভাষণত শিক্ষা বিষয়া গৰাকীয়ে বিদ্যালয়খনে ই-মাধ্যমৰ দ্বাৰা বাৰ্ষিক মুখপত্ৰখন উলিওৱাৰ বাবে প্ৰশংসা কৰে । এনে সময়ত সৃষ্টিশীল কামত জড়িত কৰাই মুখপত্ৰখন উলিয়াই ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়খনে অনুপ্ৰেৰণা জনাইছে বুলিও তেওঁ প্ৰকাশ কৰে । এনে কামৰ আদৰ্শ আন বিদ্যালয় সমূহেও লোৱা উচিত বুলি শিক্ষা বিষয়া গৰাকীয়ে মত পোষণ কৰে । নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহেন শইকীয়াই আঁত ধৰা অনুষ্ঠানটোত কেইবাগৰাকী শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশ লয়। উল্লেখ্য যে বিদ্যালয়খনৰ ছাত্ৰী নেহা দেৱী আৰু ছাত্ৰ ৰাজেশ কানুৱে সম্পাদক,সহঃ সম্পাদকৰ দায়িত্ব বহন কৰা 'নুমলী' শীঘ্ৰে ছপা আকাৰতো প্ৰকাশ পাব।