ঐতিহ্যমণ্ডিত নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসঃ হীৰক জয়ন্তী বৰ্ষৰো শুভাৰম্ভ
ঐতিহ্যমণ্ডিত নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসঃ হীৰক জয়ন্তী বৰ্ষৰো শুভাৰম্ভ  
মুখ্য-পৃষ্ঠা

ঐতিহ্যমণ্ডিত নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসঃ হীৰক জয়ন্তী বৰ্ষৰো শুভাৰম্ভ

Asomiya Pratidin

ডিজিটেল সংবাদ নুমলীগড়: সোমবাৰে উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰে নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। ছাত্ৰ-ছাত্ৰী, অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, শুভাকাংক্ষী ৰাইজৰ সমাগমত লোকে-লোকাৰণ্য হৈ পৰে বিদ্যালয়খন। উল্লেখ্য যে, ১৯৬৩ চনৰ ২ জানুৱাৰীত প্ৰতিষ্ঠা লাভ কৰা নুমলীগড়ৰ একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ে প্ৰতিষ্ঠাৰ ৬০ বৰ্ষত উপনীত হোৱাত আজি বিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হীৰক জয়ন্তী বৰ্ষৰ বছৰজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়।

দিনজোৰা কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত ছাত্র-ছাত্ৰীসকলে আৰ্হি প্ৰদৰ্শন, সাংস্কৃতিক অনুষ্ঠানৰ লগতে প্ৰীতি ফুটবল আদি সুচাৰুভাৱে ৰূপায়ণ কৰে। একেদৰে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰকাশ কৰি উলিওৱা ১৩ খনকৈ হাতেলিখা আলোচনী উন্মোচন কৰা হয়।

ইপিনে, বিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰী সংগীতা শইকীয়া ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত উদ্বোধনী ভাষণ আগবঢ়ায় গোলাঘাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ড০ সমীৰণ বৰাই। অনুষ্ঠানত মুখ্য-অতিথিৰূপে উপস্থিত থাকে কৃষিমন্ত্ৰী অতুল বৰা।

নিৰ্দিষ্ট বক্তাৰূপে গোলাঘাট জিলা অধিবিদ্যা পৰিষদৰ সম্পাদক ফটিক গগৈয়ে অংশগ্ৰহণ কৰে। একেদৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক লক্ষেশ্বৰ বৰা, প্ৰাক্তন ছাত্ৰ থানেশ্বৰ বৰা, ফণীধৰ হাজৰিকা, অনিল বৰাকে আদি কৰি গণ্যমান্য ব্যক্তি সকলেও অংশগ্ৰহণ কৰে।