মুখ্য-পৃষ্ঠা

এতিয়াৰে পৰা কেৱল প্ৰধানমন্ত্ৰীকহে প্ৰদান কৰা হ’ব এছ পি জি নিৰাপত্তাঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ…

asomiyapratidin

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে লোকসভাত এছ পি জি সংশোধন বিধেয়ক গৃহীত কৰালে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে, এছ পি জি বিলৰ সংশোধন এটা পৰিয়ালৰ প্ৰতি লক্ষ্য ৰাখি নহয়, প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দিশটো চাইহে কৰা হৈছে। কংগ্ৰেছ সাংসদৰ তৰফৰ পৰা উত্থাপন হোৱা প্ৰশ্নৰ উত্তৰ অমিত শ্বাহে কয় যে, দেশৰ আন প্ৰধানমন্ত্ৰীৰ বাবে আপোনালোকে চিন্তা ব্যক্ত নকৰে, কিন্তু এটা পৰিয়ালৰ কথাহে চিন্তা কৰে। লগতে তেওঁ কয়- এই বিলৰ সংশোধনৰ প্ৰভাৱ প্ৰধানমন্ত্ৰী মোডীৰ ওপৰতো পৰিব। আৰু এছ পি জি নিৰাপত্তা প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ পৰিয়ালক মাত্ৰ ৫ বছৰৰ বাবেহে প্ৰদান কৰা হ'ব।

উল্লেখ্য যে, কিছুদিন পূৰ্বে গান্ধীপৰিয়ালৰ এছ পি জি নিৰাপত্তা আঁতৰোৱা হৈছিল কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা। ছোনিয়াগান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী বাদ্ৰাক প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱগান্ধীৰ হত্যাৰ পাছত এছ পি জি নিৰাপত্তা প্ৰদান কৰা হৈছিল। তদুপৰি প্ৰাক্তনপ্ৰধানমন্ত্ৰী মনমোহন সিঙকো প্ৰদান কৰা হৈছিল এছ পি জি নিৰাপত্তা। কিন্তুশেহতীয়াকৈ এই নিৰাপত্তা সেৱা আঁতৰোৱা হয়।

প্ৰাক্তন প্রধানমন্ত্ৰী মনমোহন সিঙকবৰ্তমান চিআৰপিএফৰ দ্বাৰ জেড প্লাছ নিৰাপত্তা প্ৰদান কৰা হৈছে। লগতে গান্ধীপৰিয়ালকো প্ৰদান কৰা হৈছে জেড প্লাছ নিৰাপত্তাই। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তকলৈ তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছৰ নেতাসকলে।