মুখ্য-পৃষ্ঠা

ইছৰ’ৰ বৈজ্ঞানিকে ‘বিক্ৰম’ লেণ্ডাৰৰ সৈতে পুনৰ সংযোগ স্থাপন কৰাৰ পূৰ্ণ সম্ভাৱনা আছেঃ নবেল বঁটা প্ৰাপক সৰ্জে হৰোশ…

asomiyapratidin

ডিজিটেল ডেস্কঃ নবেল বঁটা প্ৰাপক সৰ্জে হৰোশে বুধবাৰে কয় যে, ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ'ৰ বৈজ্ঞানিসকলে চন্দ্ৰযান-২ৰ লেণ্ডাৰৰ সৈতে পুনৰ সংযোগ স্থাপন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। লগতে তেওঁ কয়- বিজ্ঞানে আমাক প্ৰায়ে আচৰিত কৰে। কেতিয়াবা সফলতা লাভ কৰা হয় আৰু কেতিয়াবা বিফলতা।

'নবেল প্ৰাইজ ছিৰিজ ইণ্ডিয়া ২০১৯' সমাৰোহত তেওঁ কয়- 'মই নাজানে বিক্ৰমলেণ্ডাৰৰ সৈতে কি সমস্যা দেখি দিছে। কিন্তু ইছৰ'ৰ বৈজ্ঞানিকসকলে এই সমস্যাৰ সমাধানকৰিব পাৰিব।' ২০১২চনত নবেল বঁটা লাভ কৰা হৰোশে কয় যে, 'বিজ্ঞান এক এনে বিষয় য'তআপুনি ফলাফলৰ সন্দৰ্ভত অজ্ঞাত। কেতিয়াবা ফলাফল আপুনি বিচৰা ধৰণে হয় আৰু কেতিয়ানহয়।'