মুখ্য-পৃষ্ঠা

এইবাৰ ‘ইয়েছ ছাৰ’-‘প্ৰেজেন্ট ছাৰ’ নহয়, ছাত্ৰ-ছাত্ৰীয়ে ক’ব লাগিব ‘জয় হিন্দ’ কিম্বা ‘জয় ভাৰত’

asomiyapratidin

ডিজিটেল ডেস্কঃ এতিয়া আৰু বিদ্যালয়ত শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি লোৱাৰ সময়ত ছাত্ৰ-ছাত্ৰীয়ে 'ইয়েছ ছাৰ' বা 'প্ৰেজেন্ট ছাৰ' ক'লে নহ'ব। এতিয়াৰে পৰা শিক্ষকে ৰোল নম্বৰ মতাৰ পিছত শিক্ষাৰ্থীয়ে 'ইয়েছ ছাৰ' বুলি কোৱাৰ পৰিৱৰ্তে ক'ব লাগিব 'জয় হিন্দ' বা 'জয় ভাৰত' বুলিহে।

গুজাৰট চৰকাৰৰ নতুন নিয়ম এয়া। ছাত্ৰ-ছাত্ৰীসকলৰ মনত দেশ প্ৰেম জাগ্ৰত কৰিবলৈ ৰাজ্যখনৰ শিক্ষা বিভাগে নতুন নিয়ম প্ৰৱৰ্তন কৰি এক কঢ়া নিৰ্দেশনা জাৰি কৰি কৈছে যে চৰকাৰী বিদ্যালয়সমূহৰ লগতে চৰকাৰী অনুদানপ্ৰাপ্ত বিদ্যালয় আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলে 'জয় হিন্দ' বা 'জয় ভাৰত' কোৱাটো বাধ্যতামূলক কৰা হৈছে। এই নিৰ্দেশ নিয়াৰীকৈ পালন কৰা হৈছে নে নাই তাৰ বুজ ল'বলৈও বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে গুজৰাট চৰকাৰৰ শিক্ষা বিভাগে।

এই সন্দৰ্ভত ৰাজ্যখনৰ শিক্ষামন্ত্ৰী ভূপেন্দ্ৰ সিং চুড়াচামাৰে কয়, 'আমি যেতিয়া ছাত্ৰ আছিলো, তেতিয়া আমাৰ বাবে 'জয় হিন্দ' বা 'জয় ভাৰত' কোৱাটো বাধ্যতামূলক আছিল। কিন্তু পৰৱৰ্তী সময়ত এই নিয়ম নোহোৱা হৈ যায়। কিন্তু এতিয়া সেই নিয়ম পুনৰ প্ৰৱৰ্তন কৰা হৈছে। ছাত্ৰ-ছাত্ৰীৰ মনত দেশ প্ৰেম ভাৱ ফুটাই তুলিবলৈ এই প্ৰচেষ্টা হাতত লোৱা হৈছে।'

আনহাতে শিক্ষামন্ত্ৰীগৰাকীয়ে দাবী কৰা মতে, এজন শিক্ষাৰ্থীয়ে নিজৰ শিক্ষাকালত কমেও ১০ হাজাৰ বাৰ ইয়েছ ছাৰ কয়। যদি শিক্ষাৰ্থীসকলে সেই ১০ হাজাৰ বাৰ ইয়েছ ছাৰ কোৱাৰ পৰিৱৰ্তে জয় হিন্দ বা জয় ভাৰত ক'বলৈ আৰম্ভ কৰে তেন্তে ছাত্ৰ-ছাত্ৰীসকলক মনত দেশৰ প্ৰতি আবেগ জাগ্ৰত হ'ব। ইয়ে ছাত্ৰ-ছাত্ৰীসকলক প্ৰকৃত নাগৰিক হিচাপে গঢ় দিয়াত সহায় কৰিব।