মুখ্য-পৃষ্ঠা

নাপালে সকাহ! আজি নিশাও কাৰাগাৰতে কটাব লাগিব অৰ্ণৱ গোস্বামীয়ে…

asomiyapratidin

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে নিশাও জেলতে কটাব লাগিব সংবাদিক অৰ্ণৱ গোস্বামীয়ে। কিয়নো বৃহস্পতিবাৰে বোম্বে আদালতে সাংবাদিকগৰাকীৰ জামিনক লৈ কৰিব লগা শুনানি স্থগিত ৰাখিছে শুকুৰবাৰলৈ। এই কথা শেহতীয়াকৈ সংবাদমাধ্যমৰ আগত ব্যক্ত কৰি অৰ্ণৱ গোস্বামীৰ অধিবক্তাই কয় যে, এগৰাকী নাগৰিকক অবৈধভাৱে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। আমি সংবিধানৰ ওপৰত বিশ্বাস ৰাখিছো আৰু আশা কৰিছো অচিৰেই জামিন লাভ কৰিব গোস্বামীয়ে। উল্লেখ্য যে, যোৱা বুধবাৰে আলিবাগ আদালতে আৰক্ষীৰ জিম্মা নাকচ কৰি ১৪দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল অৰ্ণৱ গোস্বামীক।