মুখ্য-পৃষ্ঠা

অনভয় নায়কৰ আত্মহত্যাৰ সৈতে জড়িত নহয় অৰ্ণৱ গোস্বামী!…

asomiyapratidin

ডিজিটেল ডেস্কঃ ৰিৰ্পাব্লিক টিভিৰ এডিটৰ ইন চীফ অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে নাই অনভয় নায়কক আত্মহত্যাৰ প্ৰৰোচনা কৰা সন্দৰ্ভত কোনো প্ৰমাণ নাই। এই কথা শেহতীয়াকৈ প্ৰকাশ পাইছে ২০২১৯চনত আৰক্ষী বিষয়া সুৰেশ ববডেৰ দাখিল কৰা এক প্ৰতিবেদনত।

ৰাষ্ট্ৰীয় সংবাদমাধ্যম ইণ্ডিয়ান এক্সপ্ৰেছে প্ৰকাশ কৰা খবৰ অনুসৰি, অৰ্ণৱ গোস্বামীৰ সৈতে গ্ৰেপ্তাৰ হোৱা অন্য দুগৰাকী লোকেহে অনভয় নায়কৰ পৰা ধন লৈছিল। এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, অনভয় নায়কক আত্মহত্যাৰ সৈতে অৰ্ণৱ গো্স্বামী জড়িত থকাৰ কোনো তথ্য প্ৰমাণ নাই।

প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, মৃত্যুৰ প্ৰায় ৬-৭বছৰ আগৰে পৰাই অনভয় নায়ক বিত্তীয় সংকটত ভূগি আছিল। আত্মহত্যাৰ দিনা নিজৰ মাতৃক ডিঙি চেপি হত্যা কৰাৰ পাছতে নিজে আত্মহত্যা কৰিছিল অনভয়ে। উল্লেখ্য যে, হঠাত পোহৰলৈ অহা এই প্ৰতিবেদনেও একাংশৰ মনত সন্দেহৰ সৃষ্টি কৰিছে।