মুখ্য-পৃষ্ঠা

প্ৰবাসী শ্ৰমিকৰ মৃত্যুৰ তথ্য নাই, গতিকে সাহায্য প্ৰদানৰ প্ৰশ্নই উত্থাপন নহয়ঃ কেন্দ্ৰীয় শ্ৰম মন্ত্ৰণালয়…

asomiyapratidin

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় শ্ৰম মন্ত্ৰণালয়ে সোমবাৰে লোকসভাত কয় যে, প্ৰবাসী শ্ৰমিকৰ মৃত্যুৰ সন্দৰ্ভত চৰকাৰৰ হাতত কোনো তথ্য নাই। গতিকে সাহায্য প্ৰদানৰ প্ৰশ্নই উত্থাপন নহয়। দৰাচলতে, চৰকাৰক প্ৰশ্ন কৰা হৈছিল যে কোৰোনাৰ বাবে জাৰি কৰা লকডাউনৰ সময়ত নিজৰ ঘৰলৈ ঘূৰি যোৱাৰ চেষ্টাত প্ৰাণ হেৰুওৱা প্ৰবাসী শ্ৰমিকসকলৰ পৰিয়ালক সাহায্য প্ৰদান কৰা হৈছেনে?

চৰকাৰে এই প্ৰশ্নৰ উত্তৰ কয় যে, বিৰোধীয়ে বহু বিতৰ্ক কৰিছে এই বিষয়টোক লৈ। শ্ৰম মন্ত্ৰণালয়ে মানিছে যে, লকডাউনৰ সময়ত ১ কোটিৰো অধিক প্ৰবাসী শ্ৰমিক ঘূৰি গৈছে নিজৰ বাসগৃহলৈ। কিন্তু শ্ৰমিকৰ মৃত্যুৰ সন্দৰ্ভত কোনো তথ্য চৰকাৰৰ হাতত নাই। গতিকে সাহায্য প্ৰদানৰ প্ৰশ্নই উত্থাপন নহয়।