মুখ্য-পৃষ্ঠা

কোভিড আক্ৰান্ত হ’ল কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী…

asomiyapratidin

ডিজিটেল ডেস্কঃ কোভিড আক্ৰান্ত হ'ল কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী। ৬৪ বছৰীয়া কেন্দ্ৰীয় মন্ত্ৰীজনৰ দেহত ধৰা দেখা গৈছে কোভিডৰ মৃদু লক্ষণ। গাডকাৰীৰ দেহত কোভিডৰ উপস্থিতি ধৰা পৰাৰ পিছতে তেওঁ নিজকে পৃথক কৰি ৰাখিছে। কেন্দ্ৰীয় পৰিবহণ আৰু ঘাইপথ মন্ত্ৰীগৰাকীয়ে তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে কোভিড পৰীক্ষা কৰিবলৈ অনুৰোধ জনাইছে।

দেশত কোভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ লগতে কোভিডৰ নতুন প্ৰকাৰ অমিক্ৰনৰ সংক্ৰমন বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত দেশত জটিল পৰিস্থিতিৰ সৃষ্টি হৈছে। বহু শীৰ্ষ ৰাজনৈতিক নেতাৰ লগতে বলিউডৰ চেলিব্ৰেটিকে ধৰি বিভিন্ন লোক কোৰোনাত আক্ৰান্ত হৈছে। প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই আদি কোৰোনাত আক্ৰান্ত হৈছে। আনহাতে কুকিলকণ্ঠী গায়িকা লতা মংগেশকাৰো কোভিডত আক্ৰান্ত হৈছে।