মুখ্য-পৃষ্ঠা

ময়েই পৰম শিৱ, মোৰ বিৰুদ্ধে কোনো বুৰ্বক আদালতে গোচৰ চলাব নোৱাৰেঃ পলাতক নিত্যানন্দৰ ভাইৰেল VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ বলাৎকাৰ, নিৰ্যাতন আৰু শিশু অপহৰণ গোচৰত অভিযুক্ত হৈ বৰ্তমান পলাতক হৈ থকা স্বয়ম্ভূ ভগৱান নিত্যানন্দৰ এটা ভিডিঅ' শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে। আৰক্ষী আৰু অনুসন্ধানকাৰী সংস্থাই বিচাৰি ফুৰা পলাতক স্বামীজনে ভিডিঅ'টোত নিজকে পৰম শিৱ বুলি মন্তব্য কৰিছে। ভিডিঅ'টোত নিত্যানন্দই দাবী কৰিছে যে তেওঁক কোনেও চুব নোৱাৰে অথবা কোনো আদালতে তেওঁৰ বিৰুদ্ধে গোচৰ চলাব নোৱাৰে।

ভিডিঅ'টোত নিত্যানন্দই কৈছে, 'গোটেই বিশ্ব মোৰ বিৰুদ্ধে। মই ক'ব বিচাৰো, নিত্যানন্দৰ সৈতে লাগি নল'ব। কিন্তু তুমি যদি ইয়াত থাকি মোক নিজৰ নিষ্ঠা প্ৰদৰ্শন কৰা, তেন্তে মই বাস্তৱ আৰু সত্য প্ৰকাশ কৰি নিজৰ নিষ্ঠা প্ৰদৰ্শন কৰিম। এতিয়া মোক কোনেও স্পৰ্শ কৰিব নোৱাৰে। মই পৰম শিৱ। বুজিলে? সত্যক পোহৰলৈ আনিবলৈ কোনো বুৰ্বক আদালতে মোৰ ওপৰত গোচৰ চলাব নোৱাৰে। ময়েই পৰম শিৱ।'

উল্লেখ্য যে, স্বামী নিত্যানন্দৰ বিৰুদ্ধে কিশোৰী বলাৎকাৰ আৰু নিৰ্যাতনৰ অভিযোগ থকাৰ উপৰিও শিশু অপহৰণ আৰু আহমেদাবাদত থকা আশ্ৰমত বন্দী কৰি ৰাখি বিভিন্ন অসামাজিক কামত শিশুসকলক নিয়োজিত কৰাৰ অভিযোগ আছে। ইতিমধ্যে এই অভিযোগ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ চলাই তেওঁৰ দুই মহিলা সেৱিকাক গ্ৰেপ্তাৰো কৰিছে।

https://twitter.com/YippeekiYay_DH/status/1197818470349463552

ইফালে খবৰ অনুসৰি, নিত্যানন্দই দেশৰ পৰা পলায়ন কৰি লেটিন আমেৰিকাৰ ইক্কেডোৰত এটা দ্বীপ ক্ৰয় কৰি হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিছে। সেই দ্বীপটোৰ নাম নিত্যানন্দই 'কৈলাশ' ৰখা বুলিও খবৰ প্ৰকাশ পাইছে। ভাৰতৰ বিদেশ মন্ত্ৰণালয়ে নিত্যানন্দক গ্ৰেপ্তাৰ বাবে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে। তেওঁৰ পাছপ'ৰ্ট বাতিল কৰা হৈছে।

প্ৰণিধানযোগ্য যে, নিত্যানন্দৰ প্ৰকৃত নাম হৈছে ৰাজশেখৰন। তামিলনাডুৰ নিৱাসী নিত্যানন্দই ২০০০ চনত বাংগালুৰুত এখন আশ্ৰম স্থাপন কৰে। তেওঁৰ বিৰুদ্ধে ফ্ৰান্স চৰকাৰেও ৪ লাখ ডলাৰ প্ৰৱঞ্চনাৰ গোচৰত তদন্ত অব্যাহত ৰাখিছে। যোৱা মাহত তেওঁৰ আশ্ৰমৰ পৰা দুগৰাকী কিশোৰী সন্ধানহীন হোৱাৰ পিছতে তদন্তত নিত্যানন্দৰ প্ৰকৃত মুখা খোল খায়।