মুখ্য-পৃষ্ঠা

নিৰ্ভয়া কাণ্ডৰ ৪ ঘাটকৰ বিৰুদ্ধে বুধবাৰে জাৰি হ’ব পাৰে নতুন ডেথ ৱাৰেণ্ট…

asomiyapratidin

ডিজিটেল ডেস্কঃ নিৰ্ভয়া কাণ্ডৰ ৪ দোষী পবন, বিনয়, মুকেশ আৰু অক্ষয়ৰ ফাঁচী হ'ব কেতিয়া? এই প্ৰশ্নৰ এতিয়া বাৰে বাৰে উত্থাপন হৈছে। আইনী প্ৰক্ৰিয়াৰ সুযোগ লৈ বাৰাম্বাৰ পিছুৱাইছে নিৰ্ভয়া কাণ্ডৰ এই ৪ ঘাটকৰ ফাঁচী। পূৰ্বে ২২ জানুৱাৰীত ৪ ঘাটকক ফাঁচী প্ৰদানৰ নিৰ্দেশ জাৰি কৰিছিল আদালতে। কিন্তু পৰৱৰ্তী ফাঁচীৰ তাৰিখ পিছুৱাই দিয়া হয়। ইয়াৰ পিছতে ১ ফেব্ৰুৱাৰীত ৪ ঘাটকৰ ফাঁচী প্ৰদানৰ নতুন ডেথ ৱাৰেণ্ট জাৰি কৰা হয় যদিও পাতিয়ালা হাউচ আদালতে শেহ মুহূৰ্তত পুনৰ স্থগিত ৰাখে ফাঁচীৰ নিৰ্দেশ।

এনে পৰিপ্ৰেক্ষিতত ২০১২ চনত সংঘটিত নিৰ্ভয়া কাণ্ডৰ ৪ দোষীৰ বিৰুদ্ধে নতুন ডেথ ৱাৰেণ্ট জাৰি কৰাৰ বাবে আদালতত আবেদন জনাইছিল নিৰ্ভয়াৰ পিতৃ-মাতৃয়ে। এই আবেদনৰ শুনানি গ্ৰহণ কৰি বুধবাৰে দিল্লীৰ পাতিয়ালা হাউচ আদালতে নতুন ডেথ ৱাৰেণ্ট জাৰি কৰাৰ সম্ভৱনা আছে। বুধবাৰে দিনৰ ২ বজাত নিৰ্ভয়াৰ পিতৃ-মাতৃৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব আদালতে।

উল্লেখ্য যে, নতুন ডেথ ৱাৰেণ্ট জাৰি কৰা সন্দৰ্ভত বুধবাৰৰ ভিতৰত মৃত্যুদণ্ডপ্ৰাপ্ত ৪ অপৰাধীৰ উত্তৰ আদালতত দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছিল। সেই উত্তৰৰ ভিত্তিতেই বুধবাৰে আদালতে নতুন ডেথ ৱাৰেণ্ট জাৰি কৰাৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বে সকলো ধৰণৰ আইনী সাহায্য গ্ৰহণৰ বাবে ৪ অপৰাধীক এসপ্তাহৰ সময় বান্ধি দিছিল উচ্চতম ন্যায়ালয়ে। মঙলবাৰে সেই সময়সীমা অন্ত পৰাৰ পিছত নতুন ডেথ ৱাৰেণ্টৰ বাবে আদালতত আবেদন কৰিবলৈ তিহাৰ জেল কৰ্তৃপক্ষক অনুমতি প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে।

সমান্তৰালভাৱে কেন্দ্ৰীয় চৰকাৰৰ আবেদনৰ ভিত্তিত ৪ অপৰাধীক এখন জাননী প্ৰেৰণ কৰে উচ্চতম ন্যায়ালয়ে। নিৰ্ভয়া কাণ্ডৰ মৃত্যুদণ্ডপ্ৰাপ্ত ৪ অপৰাধী ক্ৰমে- মুকেশ সিং, বিনয় শৰ্মা, পবন গুপ্তা আৰু অক্ষয় ঠাকুৰৰ ভিতৰত ৩ জনৰ ক্ষমাৰ আবেদন ইতিমধ্যে খাৰিজ কৰিছে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে। কেৱল অপৰাধী পবন গুপ্তাই দাখিল কৰা নাই ক্ষমাৰ আবেদন। এই বিষয়ে কেন্দ্ৰীয় চৰকাৰ আৰু দিল্লী চৰকাৰে দাখিল কৰা আবেদনৰ শুকুৰবাৰে শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে।