মুখ্য-পৃষ্ঠা

৭ বছৰ হ’ল, আৰু কিমান অপেক্ষা কৰিব ন্যায়ৰ বাবেঃ আদালতৰ ভিতৰতে হুকহুকাই কান্দি উঠিল নিৰ্ভয়াৰ মাতৃয়ে

asomiyapratidin

ডিজিটেল ডেস্কঃ '৭ বছৰ হৈ গ'ল। ময়ো মানুহ। ন্যায়ৰ বাবে আৰু কিমান অপেক্ষা কৰিম। অনুগ্ৰহ কৰি এইবাৰ দোষীৰ বিৰুদ্ধে নতুন ডেথ ৱাৰেণ্ট জাৰি কৰক। মই ৪ দোষীৰ শাস্তি বিচাৰিছো। মোৰ জানো অধিকাৰ নাই?' -আদালতৰ ভিতৰত হাতজোৰ কৰি হুকহুকাই কান্দি উঠিল নিৰ্ভয়াৰ মাতৃ। নিৰ্ভয়াৰ পিতৃ-মাতৃয়ে মৃত্যুদণ্ড লাভ কৰা নিৰ্ভয়া কাণ্ডৰ ৪ অপৰাধীৰ বিৰুদ্ধে ডেথ ৱাৰেণ্ট জাৰি কৰাৰ বাবে দাখিল কৰা আবেদনৰ শুনানি বুধবাৰে দিল্লীৰ পাতিয়ালা হাউচ আদালতে গ্ৰহণ কৰে।

আদালতে এই আবেদনৰ শুনানি বৃহস্পতিবাৰলৈ স্থগিত ৰাখে আৰু দোষী পবন গুপ্তাক চৰকাৰী অধিবক্তাৰ এখন সূচী উপলব্ধ কৰাবলৈ নিৰ্দেশ দিয়ে। লগতে আদালতে সেই তালিকাৰ পৰা যিকোনো এজন অধিবক্তা বাচনি কৰাৰো স্বাধীনতা দিয়ে দোষী পবন গুপ্তাক।

ইফালে আদালতৰ শুনানি বৃহস্পতিবাৰলৈ স্থগিত হোৱাৰ পৰিপ্ৰেক্ষিতত আদালতৰ পৰা ওলাই আহি কান্দোনত ভাগি পৰে নিৰ্ভয়াৰ মাতৃ আশা দেৱী। মৃত্যুদণ্ডপ্ৰাপ্ত ৪ অপৰাধীৰ ফাঁচী বাৰাম্বাৰ পিছুৱাই ৰখাত অসন্তুষ্টি ব্যক্ত কৰি তেওঁ কয়, 'মই এতিয়া মনোবল আৰু আশা হেৰুৱাই পেলাইছো। দোষীয়ে কৌশলগতভাৱে ফাঁচী প্ৰদানত বিলম্ব কৰোৱাই আছে, সেই কথা আদালতে বুজি পোৱা উচিত। যদি দোষী পবন গুপ্তাক নতুন অধিবক্তা প্ৰদান কৰা হয়, তেন্তে পুনৰ পলম হব নতুন ডেথ ৱাৰেণ্ট জাৰি কৰাত। কাৰণ নতুন অধিবক্তাগৰাকীয়ে সময় লৈ এই গোচৰ আগবঢ়াই নিব।'

'মই মোৰ মৃত কন্যাক ন্যায় প্ৰদানৰ বাবে ইফালে সিফালে ঘুৰ্মুটিয়াই ফুৰিছো। আনফালে দোষীয়ে শাস্তি পিছুৱাই ৰখাৰ বাবে কৌশল অৱলম্বন কৰি আছে। মই নাজানো কিয় আদালতে এয়া বুজিবলৈ সক্ষম হোৱা নাই। আমি ন্যায় বিচাৰো।' -নিৰ্ভয়াৰ মাতৃয়ে আদালতৰ বাহিৰত এইদৰে কয়।

উল্লেখ্য যে, ২২ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীত নিৰ্ভয়া কাণ্ডৰ ৪ দোষীৰ ফাঁচী স্থগিত ৰখা হোৱাৰ পাছত নতুন ডেথ ৱাৰেণ্ট জাৰি কৰিবলৈ নিৰ্ভয়াৰ পিতৃ-মাতৃৰ লগতে তিহাৰ জেল কৰ্তৃপক্ষয়ো আদালতত আবেদন দাখিল কৰিছে। ইফালে নিৰ্ভয়া কাণ্ডৰ ৪ দোষীৰ ভিতৰত ৩ জনৰে ক্ষমাৰ আবেদন ৰাষ্ট্ৰপতিয়ে খাৰিজ কৰিছে যদিও দোষী পবন গুপ্তাই এতিয়াও ক্ষমাৰ আবেদন দাখিল নকৰাক লৈ নতুন ডেথ ৱাৰেণ্ট জাৰি কৰাক লৈ সমস্যাৰ সৃষ্টি হৈছে।