মুখ্য-পৃষ্ঠা

মঙলবাৰে উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব নিৰ্ভয়া কাণ্ডৰ অন্যতম দোষী মুকেশ সিঙৰ আবেদনৰ শুনানি

asomiyapratidin

ডিজিটেল ডেস্কঃ নিৰ্ভয়া গণধৰ্ষণ আৰু হত্যা গোচৰৰ দোষী মুকেশ সিঙে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ মঙলবাৰে শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আৰ ভানুমতি, ন্যায়াধীশ অশোক ভূষণ আৰু ন্যায়াধীশ এএছ বোপান্নাৰ বিচাৰপীঠে মঙলবাৰে দিনৰ ১২.৩০ বজাত এই আবেদনৰ শুনানি গ্ৰহণ কৰিব।

উল্লেখ্য যে, ১৭ জানুৱাৰীত ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে ৩২ বৰ্ষীয় মুকেশ সিঙৰ ক্ষমাৰ আবেদন খাৰিজ কৰাৰ পিছতে ৰাষ্ট্ৰপতিৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল অপৰাধীজনে। ইয়াৰ পূৰ্বে নিৰ্ভয়া কাণ্ডৰ ৪ দোষীক মৃত্যুৰ শাস্তি প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। সেই অনুসৰি ১ ফেব্ৰুৱাৰীৰ পুৱা ৬ বজাত ফাঁচী প্ৰদান কৰা হ'ব আটাইকেইজন দোষীক।