মুখ্য-পৃষ্ঠা

১ ফেব্ৰুৱাৰীত ফাঁচী! অন্তিম বাৰৰ বাবে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ নিৰ্ভয়া কাণ্ডৰ দোষী

asomiyapratidin

ডিজিটেল ডেস্কঃ ২০১২ চনত দিল্লীৰ চলন্ত বাছত গণধৰ্ষণ কাণ্ড সংঘটিত কৰা ৪ পাষণ্ডৰ বিৰুদ্ধে ইতিমধ্যে শাস্তি ঘোষণা কৰিছে উচ্চতম ন্যায়ালয়ে। ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি অহা ১ ফেব্ৰুৱাৰীৰ পুৱা ৬ বজাত ফাঁচী প্ৰদান কৰা হ'ব নিৰ্ভয়া কাণ্ডৰ ৪ ঘাটকক। ইফালে এই ফাঁচীৰ শাস্তিৰ পৰা ৰেহাই পাবলৈ দিল্লী চৰকাৰ, ন্যায়ালয় আৰু ৰাষ্ট্ৰপতিক আবেনদ জনাইও কোনো ফল পোৱা নাই ৪ পাষণ্ডই।

শেহতীয়াকৈ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে দোষী মুকেশ সিঙে দাখিল কৰা দয়াৰ আবেদন খাৰিজ কৰাৰ পিছতে ৰাষ্ট্ৰপতিৰ সিদ্ধান্তৰ ন্যায়িক পৰ্যবেক্ষণ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে মুকেশ কুমাৰ সিঙৰ অধিবক্তা বৃন্দা গ্ৰোভাৰে।

উল্লেখ্য যে, যোৱা ১৭ জানুৱাৰীত ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে খাৰিজ কৰিছিল দোষী মুকেশ কুমাৰ সিঙৰ দয়াৰ আবেদন। তাৰ পিছত দোষীজনৰ অধিবক্তা বৃন্দা গ্ৰোভাৰে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰি কয়, 'ৰাষ্ট্ৰপতিয়ে যি ধৰণে এই আবেদন খাৰিজ কৰিছে, তাৰ ন্যায়িক পৰ্যবেক্ষণৰ বাবে সংবিধানৰ ধাৰা ৩২ৰ অধীনত ন্যায়ালয়ত আবেদন দাখিল কৰা হৈছে।'