মুখ্য-পৃষ্ঠা

লণ্ডনত আকৌ এবাৰ কেমেৰাৰ সন্মুখত নীৰৱ মোডী, EXCLUSIVE VIDEO…

asomiyapratidin

ডিজিটেল ডেস্কঃ আকৌ এবাৰ কেমেৰাত ধৰা পৰিল নীৰৱ মোডী। লণ্ডনত আত্মগোপন কৰি থকা পঞ্জাৱ নেশ্যনেল বেংকৰ ১৩ শ কোটি টকীয়া কেলেংকাৰীৰে জড়িত নীৰৱ মোডীক এইবাৰ বিচাৰি উলিয়ালে ভাৰতৰ এটা বাতৰি চেনেলৰ সাংবাদিকে। এ বি পি নিউজৰ স্পেচিয়েল ইনভেষ্টিগেটিভ এডিটৰ শিলা ৰাভালে চ'হো কাৰ্যালয়ৰ পৰা ঘৰলৈ উভতা পথত নীৰৱ মোডীক প্ৰত্যক্ষ কৰি কথা পাতিবলৈ চেষ্টা কৰে।

নীৰৱ মোডীয়ে সেই সময়ত ক'লা জেকেট আৰু ডেনিমৰ এটা পেন্ট পৰিধান কৰি আছিল। খোজকাঢ়ি ঘৰলৈ উভতা পথত সাংবাদিকগৰাকীয়ে তেওঁক কেবাটাও প্ৰশ্ন কৰে যদিও, কোনো এটা প্ৰশ্নৰে উত্তৰ দিবলৈ অস্বীকাৰ কৰিলে মোডীয়ে। প্ৰায় ১৫ মিনিট সময় তেওঁ নীৰৱ মোডীৰ পিছা কৰে।

উল্লেখযোগ্য যে, নীৰৱ মোডীক সোমবাৰে ইংলেণ্ডৰ আদালতে গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰিছে। সেইদিনাই মোডীক বিচাৰি উলিয়াই সাংবাদিকগৰাকীয়ে কথা পাতিবলৈ চেষ্টা কৰিছিল। সেয়া ব্যক্তিগত আদালতৰ বিচাৰ্য বিষয় বুলি মোডীয়ে কোনো প্ৰশ্নৰেই উত্তৰ নিদিলে। সাংবাদিকগৰাকীয়ে তেওঁৰ হাতত থকা এখন চিঠি নীৰৱ মোডীৰ হাতত দিয়ে। যিখন চিঠি তেওঁ যোৱা সপ্তাহত নীৰৱ মোডীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিছিল।

চিঠিখনত তেওঁ সুধিব লগা প্ৰশ্ন কেইটা আছিল। মোডীয়ে সেই চিঠিখন গ্ৰহণ কৰে যদিও,চিঠিখন হাতত লৈ তেওঁ আঁতৰি যায়। উল্লেখ্য যে, ইয়াৰ পূৰ্বে লণ্ডনৰ এখন স্থানীয় বাতৰিকাকতৰ সাংবাদিকে প্ৰথম নীৰৱ মোডীক লণ্ডনৰ পদপথত দেখা পাই ভিডিঅ' কৰিছিল। তেতিয়াও মোডীক সাংবাদিক গৰাকীয়ে কেলেংকাৰী সন্দৰ্ভত প্ৰশ্ন কৰাত প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা এৰাই চলিছিল।