মুখ্য-পৃষ্ঠা

জব্দ হ’ব মোদীৰ সা-সম্পত্তি

asomiyapratidin

ডিজিটেল ডেস্কঃ পঞ্জাৱ নেশ্যনেল বেংকৰ কেবাহাজাৰ কোটি টকাৰ কেলেংকাৰীৰে জড়িত নীৰৱ মোদীৰ সম্পত্তি জব্দ হ'ব অচিৰেই। বিদেশত পলাই থকা নীৰৱ মোদীলৈ আদালতে প্ৰেৰণ কৰিলে অন্তিমখন চমন।

মোদীৰ লগতে তেওঁৰ ভাতৃ আৰু ভগ্নীলৈ প্ৰেৰণ কৰা চমনত ২৫ ছেপ্টেম্বৰৰ দিনৰ ১১ বজাৰ ভিতৰত তেওঁলোকক আদালতত হাজিৰ হ'বলৈ দিয়া হৈছে।

এই নিৰ্দেশ অমান্য কৰিলে নতুনকৈ চৰকাৰে প্ৰণয়ন কৰা আইনৰ অধীনত সম্পত্তি জব্দ কৰা হ'ব ব্যৱসায়জনৰ পৰিয়ালৰ। ন্যায়াধীশ এছ এম আজমীৰ আদালতে ২৫ ছেপ্টেম্বৰৰ ভিতৰত আদালতত সোশৰীৰে উপস্থিত নহ'লে দেশৰ আইনী ব্যৱস্থাৰ সৈতে সহযোগ নকৰাৰ অপৰাধত এনে পদক্ষেপ লোৱা হ'ব বুলি সকীয়াই দিছে।