মুখ্য-পৃষ্ঠা

ফেচবুকে ৰঙাঘৰত সুমুৱালে সুদূৰ নাইজেৰিয়াৰ অসমৰ জোৱাইক

asomiyapratidin

ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত ফেচবুক কোনেনো ব্যৱহাৰ নকৰে! শিশুৰ পৰা বৃদ্ধলৈকে প্ৰায় সকলোৰে আছে ফেচবুকত এটা নিজাববীয়া একাউণ্ট। বহুতে ফেচবুক সৃষ্টিশীল কামৰ বাবে ব্যৱহাৰ কৰে, কিন্তু তাৰ মাজতে এচামে অপৰাধজনিত বিভিন্ন কামতো ব্যৱহাৰ কৰে ফেচবুক।

শেহতীয়াকৈ ফেচবুকৰ জৰিয়তে এনে অপৰাধী মানসিকতাৰে বহুজনৰ পৰা লাখ লাখ টকা আত্মসাৎ কৰা এহাল দম্পতীক গ্ৰেপ্তাৰ কৰে দিল্লী আৰক্ষীয়ে। দম্পতিহালে দেশৰ ভিন্নপ্ৰান্তৰ বহুলোকৰ পৰা ফেচবুকৰ জৰিয়তেই লুটি আহিছিল লক্ষাধিক টকা।

প্ৰথমে ফেচবুকত চিনাকি আৰু তাৰ পিছতে বেংকৰ একাউন্টৰ জৰিয়তে সৰকায় টকা। দম্পতীহালৰ স্বামী হৈছে সুদূৰ নাইজেৰিয়াৰ আৰু পত্নী  অসমৰ। ২০০৯ চনত ব্যৱসায়িক ভিজাৰে ভাৰতলৈ অহা নাইজেৰিয়াৰ এই লোকজনৰ সৈতে ২০১৩ চনত ফেচবুকৰ জৰিয়তে চিনাকি হয় অসমৰ মহিলাগৰাকীৰ।

চিনাকিৰ কিছুদিনৰ পাছতে বিবাহপাশত আৱদ্ধ হৈ তেওঁলোকে বহু বছৰ ধৰি ফেচবুকৰ জৰিয়তে চলাই আছে এই লুন্ঠন। দিল্লীৰ দ্বাৰকা জিলাৰ আৰক্ষী অধীক্ষকৰ মতে নাইজেৰিয়াৰ এই প্ৰৱঞ্চকজনে বিট্ৰিছ নাগৰিক জৰ্জ মুৰ নামৰ ফেচবুক একাউণ্টৰ জৰিয়তে প্ৰথমে চিনাকি হয় আৰু তাৰ পাছত ভাৰতৰ দুখীয়া লোকক সহায়ৰ বাবে ধন প্ৰদান কৰিবলৈ বিচাৰে বেংক একাউণ্টৰ যাৱতীয় তথ্য।

শেহতীয়াকৈ এগৰাকী মহিলাৰ পৰা ১ লাখ ২৫ হাজাৰ টকা লুটি নিয়াৰ পাছতে মহিলাগৰাকীৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দম্পতীহালক। আৰক্ষীৰ সন্মুখত ফেচবুকৰ জৰিয়তে সম্পন্ন কৰা সমস্ত কাণ্ডৰ কথা স্বীকাৰ কৰিছে দুয়ো। বৰ্তমান দ্বাৰকা আৰক্ষীৰ আলহী ফেচবুকৰে লুণ্ঠন চলোৱা স্বামী-স্ত্ৰীহাল।