মুখ্য-পৃষ্ঠা

মণিপুৰত নিয়াৰ হাতত গ্ৰেপ্তাৰ পি এল এৰ মষ্ট ৱাণ্টেড বিদ্ৰোহী মায়ালামবাম ছিৰমানি…

asomiyapratidin

ডিজিটেল সংবাদ, ৱাখাঃ মণিপুৰত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা নিয়া আজি গ্ৰেপ্তাৰ কৰিছে মণিপুৰৰ বিদ্ৰোহী সংগঠন পি এল এ অৰ্থাৎ পিপলছ লিবাৰেচন আৰ্মি এগৰাকী লেফণ্টেনক । জানিব পৰামতে ২০১৭ চনত চান্দেল জিলাত এম্বুছৰ চলাই ৪ নং আছাম ৰাইফলছৰ এগৰাকীৰ শীৰ্ষ বিষয়াক হত্যাৰ অভিযোগত অভিযুক্ত আছিল এই গৰাকী দুৰ্ধষ বিদ্ৰোহী মায়ালামবাম ছিৰমানি ।

নিয়াই এক গোপন অভিযান চলাই তেওঁক মণিপুৰৰ কাকচিঙৰ পৰা গ্ৰেপ্তাৰ কৰে । উল্লেখযোগ্য যে পি এল এৰ লেফণ্টেনক মায়ালামবাম ছিৰমানিয়ে ২০১৭ চনত ছামল -ছাজিৰ টাম্পাক পথত আছাম ৰাইফলছৰ কণভয়ত আক্ৰমন কৰি ম্যানমাৰলৈ পলায়ন কৰিছিল ।

ইয়াৰ পিছত নিয়াই তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি বিদ্ৰোহী গৰাকী সন্ধান দিওঁতালৈ ২লাখ টকাৰ পুৰষ্কাৰ ঘোষণা কৰিছিল । আজি গ্ৰেপ্তাৰৰ পিছত ছিৰমানিক ইম্ফলৰ নিয়াৰ বিশেষ আদালত হাজিৰ কৰাই পাঁচ দিনৰ বাবে নিজৰ জিম্মাত লয় ।