মুখ্য-পৃষ্ঠা

আন এক বিপদঃ চীনত কোৰোনা দৰেই সংক্ৰমণ হ’ব পৰা নতুন ভাইৰাছৰ উৎপত্তি…

asomiyapratidin

ডিজিটেলৰ ডেস্কঃ চীনৰ পৰা আৰম্ভ হোৱা কোৰোনা ভাইৰাছৰ সন্ত্ৰাস শেষ নৌহওতেই দেশখনত আকৌ নতুন ভাইৰাছৰ উৎপত্তি। শেহতীয়াকৈ চীনৰ একাংশ বিজ্ঞানীয়ে ধৰা পেলাইছে যে, চীনত শেহতীয়াকৈ একাংশ লোকৰ দেহত G4 EA H1N1 নামৰ এটা ভাইৰাছৰ অৱস্থিতি পোৱা গৈছে। বিজ্ঞানীসকলে লগতে ধৰা পেলাইছে যে, এই ৰোগৰ লক্ষণ ২০০৯ৰ চোৱাইন ফ্লুৰ সৈতে প্ৰায় একে।

নেচনেল অকাডেমী অফ চায়েন্সেও ভাইৰাছবিধৰ সন্দৰ্ভত কৈছে যে, ফ্লুৰ এই নতুন ষ্ট্ৰেজে লোকক অতি বেয়াকৈ সংক্ৰমিত কৰিব পাৰে। এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ অতি সহজে এই ভাইৰাছবিধ সংক্ৰমিত হোৱাৰ আশংকা অধিক। যাৰ বাবে বৈজ্ঞানিকসকলে এই ভাইৰাছ বিধক লৈ অধিক গৱেষণা কৰিবলৈ জানিব পৰা গৈছে।

শেহতীয়াকৈ বহুকেইটা আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত হৈছে যে, চীনৰ গাহৰি ব্যৱসায়ৰ সৈতে জড়িত ব্যৱসায়ীসকলৰ ১০.৪শতাংশ লোকৰ দেহত এই ভাইৰাছ বিধে অৱস্থিতি লৈছে লগতে চীনত ৪.৪শতাংশ সাধাৰণ লোকৰ দেহতো G4 EA H1N1 ভাইৰাছবিধ ধৰা পৰিছে।